প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                
                    
                    
                        প্ৰধানমন্ত্ৰীয়ে কাইলৈ ৰাণী লক্ষ্মীবাই কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় আৰু প্ৰশাসনিক ভৱন মুকলি কৰিব
                    
                    
                        
                    
                
                
                    Posted On:
                28 AUG 2020 8:30PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দুপৰীয়া ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সযোগে ৰাণী লক্ষ্মীবাই কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় তথা প্ৰশাসনিক ভৱন মুকলি কৰিব৷
এই আৰএলবি কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় ঝাঁচীত অৱস্থিত আৰু বুন্দেলখণ্ড অঞ্চলৰ এক খ্যাতনামা প্ৰতিষ্ঠান৷ 
এই বিশ্ববিদ্যালয়ৰ প্ৰথমটো শৈক্ষিক বৰ্ষ ২০১৪-১৫ত আৰম্ভ হৈছিল আৰু ইয়াত কৃষি, উদ্ভিদ শস্য তথা বন বিভাগৰ স্নাতক আৰু প্ৰাক্-স্নাতক পাঠ্যক্ৰম প্ৰদান কৰা হয়৷
প্ৰধান ভৱনটো প্ৰস্তুত নোহোৱাৰ পৰিপ্ৰেক্ষিতত ই বৰ্তমানে ঝাঁচীৰ ইণ্ডিয়ান গ্ৰাছলেণ্ড এণ্ড ফ’ড্ডাৰ ৰিচাৰ্ছ ইনষ্টিটিউটৰ পৰা কাৰ্যসমূহ চলাই আছিল৷ 
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ বিভিন্ন শিক্ষাৰ্থীসকলৰ সৈতেও বাৰ্তালাপ কৰিব৷
******
VRRK/APS/MANN
                
                
                
                
                
                (Release ID: 1649363)
                Visitor Counter : 198
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam