PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 25 AUG 2020 7:11PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

যোৱা ২৪ ঘন্টাত এতিয়ালৈকে এদিনতে সৰ্বাধিক ৬৬,৫৫০ৰ আৰোগ্য লাভ, আন এটা শিখৰত আৰোহণ ভাৰতৰঃ মুঠ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ২৪ লাখ, যোৱা ২৫ দিনত আৰোগ্য লাভৰ ঘটনা ১০০% ৰোধিক বৃদ্ধি

ভাৰতে এদিনতে সৰ্বাধিক আৰোগ্য লাভৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। যোৱা ২৪ ঘন্টাত ৬৬,৫৫০’ভিড-১৯ত আক্ৰান্তই আৰোগ্য লাভ কৰিছে আৰু তেওঁলোকক ডিচাৰ্জ দিয়া হৈছে। চৰকাৰখনৰ যুদ্ধকালীন ক্ষীপ্ৰতাৰে টেষ্টিং, ব্যাপকভাৱে ট্ৰেকিং আৰু ফলপ্ৰসূভাৱে ট্ৰিটিং নীতিৰ কাৰ্যকৰী ৰূপায়ণৰ ফলশ্ৰুতিত, আৰোগ্য লাভৰ মুঠ সংখ্যাই ২৪ লাখ (২৪,০৪,৫৮৫) অতিক্ৰম কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

টেষ্ট, ট্ৰেক, ট্ৰিটকৌশল অনুসৰণ, ভাৰতত প্ৰায় ৩.৭ কোটি টেষ্ট; প্ৰতি নিযুতত টেষ্ট (টিপিএম) ২৬,৬৮৫ লৈ বৃদ্ধি

 

“টেষ্ট, ট্ৰেক, ট্ৰিট” কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতত সৰ্বমুঠ প্ৰায় ৩.৭ কোটি ক’ভিড-১৯ ৰ নমুনা টেষ্ট সম্পন্ন কৰা হৈছে৷ দৈনিক নমুনা টেষ্টৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধিৰ শক্তিশালীসংকল্প গ্ৰহণৰ ফলত আজিলৈকে ৩,৬৮,২৭,৫২০টা নমুনা টেষ্ট কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত ৯,২৫,৩৮৩টা নমুনা টেষ্ট কৰাৰ জৰিয়তে প্ৰতি নিযুতৰ বিপৰীতে ২৬,৬৮৫গৰাকী লোকৰ নমুনা টেষ্ট কৰা হৈছে৷

অধিক বিৱৰণৰ বাবেঃ

 

পাটনাত ডিআৰডিঅ’ৰ ৫০০ বিছনাযুক্ত ক’ভিড চিকিৎসালয় মুকলি

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰচিঅ’)এ পাটনাত স্থাপন কৰা ১২৫ খন আইচিইউ বেডৰে সমৃদ্ধ মুঠ ৫০০ বিছনাযুক্ত এখন ক’ভিড চিকিৎসালয় কালি গৃহ পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে উদ্বোধান কৰে। বিহটাত নৱ-নিৰ্মিত ইএছআইচি চিকিৎসালয় প্ৰাংগনতে এই চিকিৎসালয়খনো স্থাপন কৰা হৈছে, ইয়াৰ পূৰ্বে ডিআৰডিঅ’ৰদ্বাৰা দিল্লী কেন্টত ১০০০ খন বিছনাযুক্ত চৰ্দাৰ বল্লভভাই পেটেল নিৰ্মাণ কৰা হৈছিল। এই চিকিৎসালয়খনিৰ বাবে প্ৰাইম মিনিষ্টাৰ্ছ চিটিজেন এচিটেন্স এণ্ড ৰিলিফ ইন ইমাৰ্জেন্সী চিটুয়েশ্যন (পিএম কেয়াৰ্ছ) ন্যাসৰপৰা পুঁজি আবন্টন দিয়া হৈছে।

অধিক বিৱৰণৰ বাবেঃ

 

ভাৰতীয় বন্দৰ আৰু চাৰ্টাৰ্ড ফ্লাইটত ১ লাখৰো অধিক ক্ৰিউ চেঞ্জ সম্পন্ন নৌ পৰিবহণ মন্ত্ৰণালয়ৰ

ভাৰতীয় বন্দৰত আৰু চাৰ্টাৰ্ড বিমানৰ জৰিয়তে নৌ পৰিবহণ মন্ত্ৰণালয়ে ১,০০,০০০ ৰোধিক ক্ৰিউ সলনি সম্পন্ন কৰিছে। এয়া হৈছে বিশ্বৰ সৰ্বাধিক সংখ্যক ক্ৰিউ চেঞ্জ প্ৰক্ৰিয়া। ক্ৰিউ চেঞ্জৰ প্ৰক্ৰিয়াটোত এখন জাহাজৰ এগৰাকী ক্ৰিউ সদস্যক আন এখনত নিয়োজিত কৰা হয়। তেওঁলোক জাহাজৰ প্ৰক্ৰিয়া অনুসৰি চাইন-অন আৰু চাইন-অফৰ দায়িত্ব পালন কৰে।

অধিক বিৱৰণৰ বাবেঃ

 

গাঁথনিগত সংস্কাৰ চৰকাৰখনৰ মূল অগ্ৰাধিকাৰঃ বিত্ত মন্ত্ৰী

ভাৰতীয় উদ্যোগৰ গৰাকীসকলক সম্বোধন কৰি, কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে গাঁথনিগত সংস্কাৰ চৰকাৰখনৰ মূল অগ্ৰাধিকাৰ বুলি ব্যক্ত কৰি, ইয়াক ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰপৰাই ঘোষণা কৰা ব্যৱস্থা আৰু নীতিসমূহে প্ৰতিফলিত কৰি আহিছে বুলি কয়। প্ৰৱৰ্তন কৰা প্ৰতিটো নীতিতে গাঁথনিগত উপাদান আছে। একেসময়তে, উদ্ধাৰ প্ৰক্ৰিয়াটোত সংস্কাৰসমূহৰ লক্ষ্যণীয় প্ৰভাৱৰ বৰ্তমান আমি সাক্ষী হৈছো।

অধিক বিৱৰণৰ বাবেঃ

 

’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ, বেংগল কেমিকেল আৰু ফাৰ্মাচিউটিকেল লিমিটেডৰ এদিনতে অভিলেখসংখ্যক ৫১,৯৬০ বটল ফেনাইল উৎপাদন

ৰসায়ন আৰু সাৰ মন্ত্ৰণালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বেংগল কেমিকেল আৰু ফাৰ্মাচিউটিকেল লিমিটেড (বিচিপিএল)এ ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰপৰাই বহুগুণে বৃদ্ধি পোৱা চাহিদাৰে মোকাবিলা কৰিবলৈ ইয়াৰ উৎপাদন বৃদ্ধি কৰিছে। ই এদিনতে ৫১,৯৬০ বটল ফেনাইল প্ৰস্তুত কৰি সৰ্ব-কালৰ অভিলেখ ভংগ কৰে। এই সফলতা কৃতিত্বৰ অংশীদাৰ হ’ল পশ্চিম বংগস্থিত বিচিপিএল পানীহাটি, উত্তৰ ২৪-পৰগণা ইউনিট।

অধিক বিৱৰণৰ বাবেঃ

 

লকডাউনৰ পৰা মুকলিৰ প্ৰথম দিনটোৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ অৰ্থে হোটেল অশোকাত কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী

কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলে পৰ্যটন মন্ত্ৰণালয়ৰ অধীনত আইটিডিচিৰদ্বাৰা চালিত হোটেল অশোকাত উপস্থিত হয়। ২৪ আগষ্টত দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দিল্লীত হোটেলসমূহ মুকলি কৰিবলৈ নিৰ্দেশনা জাৰি কৰাতে মন্ত্ৰীজনে আইটিডিচিৰ হোটেলখনৰ প্ৰস্তুতিৰ বুজ লয়। ভাৰতীয় পৰ্যটন উন্নয়ন নিগম (আইটিডিচি)এ ৰাষ্ট্ৰীয় ৰাজধানীত ২০২০ৰ ২৪ আগষ্টৰপৰা ইয়াৰ হোটেলসমূহৰ পুনৰ-মুকলিৰ কথা ঘোষণা কৰিছে।

অধিক বিৱৰণৰ বাবেঃ

 

নেশ্যনেল ইনষ্টিটিউট অৱ অ’পেন স্কুলিং (এনআইঅ’এছ)ৰ ভিন্ন কাম-কাজ পৰ্যালোচনা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’ই কালি নতুন দিল্লীত এনআইঅ’এছৰ ভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে। শ্ৰী পোখৰিয়ালে এনআইঅ’এছৰদ্বাৰা তেওঁলোকৰ ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়োৱা পাঠ্যক্ৰমৰ পৰ্যালোচনা কৰে। পৰামৰ্শ প্ৰদান কৰি মন্ত্ৰীজনে কয়, আমি এৱচিইআৰটিৰ সৈতে খাপ খোৱাই এনআইঅ’এছৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিলে বিষয়বস্তু সন্দৰ্ভত অধিক বুজি পোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ সহায়ক হৈ উঠিব।

অধিক বিৱৰণৰ বাবেঃ

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

    • চণ্ডীগড়ঃ কেন্দ্ৰীয় শাসিত চণ্ডীগড়ৰ প্ৰশাসকে স্বাস্থ্য সেৱা সঞ্চালকক ছিৰ’ল’জি টেষ্টৰ বাবে নিয়োজিত ম’বাইল টীমক সাজু হৈ থকাৰ নিৰ্দেশনা প্ৰদান কৰিছে।
    • পঞ্জাৱঃ পঞ্জাৱ চৰকাৰে হ’ম আইছ’লেশ্যনৰ অৰ্থে মেডিকেল ফিটনেছ সন্দৰ্ভত নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে।
    • হাৰিয়ানাঃ হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী অনিল বিজে ভিডিঅ’-কনফাৰেন্সিঙৰ জৰিয়তে চিৰ্চা আৰু ৰেৱাৰীত দুটা আৰটি-পিচিআৰ টেষ্টিং লেব উদ্বোধন কৰে।
    • কেৰালাঃ ভিড-১৯ত আক্ৰান্ত ৰোগীৰ কল ডিটেইল ৰেকৰ্ড আন উদ্দেশ্যত ব্যৱহাৰ নকৰিবলৈ কেৰালা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশনা প্ৰদান কৰিছে। ৰাজ্যখনত দুপৰীয়ালৈকে আৰু তিনিজন কভিড ৰোগীৰ মৃত্যুত মুঠ মৃতকৰ সংখ্যা ২৩৭ লৈ বৃদ্ধি পাইছে।
    • তামিল নাডুঃ মঙলবাৰে পুৱা ১০ বজাত অন্ত পৰা তাৰ পূৰ্বৱৰ্তী ২৪ ঘন্টাত পুডুচেৰীত এতিয়ালৈকে সৰ্বাধিক ৫৭১ জনৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াত সক্ৰিয় ঘটনাৰ সংখ্যা ৩,৯৮১ জন।
    • কৰ্ণাটকঃ ১৪ দিনৰ হম কোৱাৰেন্টাইন অবিহনেই কৰ্ণাটকলৈ আন্তঃৰাজ্যিক পৰিবহণ এতিয়াৰপৰা মুকলি থাকিব।
    • অন্ধ্ৰ প্ৰদেশঃ প্লাজমা সংগ্ৰহ অভিযানত কুৰ্ণুল জিলাই বিশেষ অগ্ৰগতি প্ৰদৰ্শন কৰিছে। ইফালে, বিশাখাপট্টনমত ক’ভিড-১৯ৰপৰা আৰোগ্য লাভৰ সংখ্যাই ২৫,০০০-ৰ সীমা অতিক্ৰম কৰিছে।
    • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ ২৫৭৯ জন আক্ৰান্ত হৈছে। একেসময়তে, ১৭৫২ জনে আৰোগ্য লাভ কৰাৰ বিপৰীতে ০৯ জন আক্ৰান্তৰ মৃত্যু হৈছে।
    • অসমঃ অসমে ২০ লাখ ক’ভিড-১৯ টেষ্ট সম্পন্ন কৰিলে। অসমৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটৰ জৰিয়তে এই তথ্য সদৰী কৰিছে।
    • মণিপুৰঃ মণিপুৰত, শেহতীয়াভাৱে ১১৬ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৯৭ জনে আৰোগ্য লাভ কৰিছে। বৰ্তমান ৰাজ্যখনত সক্ৰিয় ঘটনা ১৬২৭ জন আৰু আৰোগ্য লাভৰ হাৰ ৬৯%।
    • মেঘালয়ঃ ৰাজ্যখনত মুঠ সক্ৰিয় ঘটনা ১১৭৯ টা। ইয়াৰে ৪৫৯ জন আক্ৰান্ত বিএছএফ আৰু সশস্ত্ৰ বাহিনীৰ জোৱান। এতিয়ালৈকে ৰাজ্যখনত ৭৮৯ জনে আৰোগ্য লাভ কৰিছে।
    • মিজোৰামঃ মিজোৰামত আজি ক’ভিড-১৯ৰপৰা আৰোগ্য লাভ কৰা তিনিজন ৰোগীক ডিচাৰ্জ দিয়া হয়। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৯৫৩ ৰ বিপৰীতে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৪৮৯ টা।
    • নাগালেণ্ডঃ ৰাজ্যখনত আৰোগ্য লাভৰ হাৰে ৬৪.৫১% স্পৰ্শ কৰিছে। ২৩ আগষ্টত এজন সুৰক্ষা কৰ্মীৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাতে ম’ক’কচুঙস্থিত নাথান হোষ্টেল কোৱাৰেন্টাইন চেন্টাৰক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হয়।
    • মহাৰাষ্ট্ৰঃ নীট/জেইই পৰীক্ষা পিছুৱাই দিয়াত ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলে আদৰণি জনাইছে।
    • গুজৰাটঃ আহমেদাবাদ ৰেল ষ্টেচনত বেগেজ ছেনিটাইজেশ্যন সংস্থাপন কৰা হৈছে। ৰাজ্যখনত আৰোগ্য লাভৰ হাৰ ৮০ শতাংশ।
    • মধ্য প্ৰদেশঃ ৰাজ্যখনত একেৰাহে ৫ম দিনাৰ বাবে অধিক লোক আক্ৰান্ত হৈছে। সোমবাৰে ১,২৯২ জনক নতুনকৈ চিনাক্ত কৰা হয়। ইয়াত সক্ৰিয় ঘটনাৰ সংখ্যা ১০,০৬৮। মৃত্যুৰ সংখ্যা ১,২৪৬ ৰ বিপৰীতে প্ৰতি নিযুতত টেষ্টৰ পৰিমাণ ১৪,০০০। 
    • চত্তীশগড়ঃ ’ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নতুন স্থানত আসনৰ ব্যৱস্থাৰে চত্তীশগড় বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন আজিৰেপৰা আৰম্ভ হৈছে।

******


(Release ID: 1648599) Visitor Counter : 228