প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু নেপালৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 15 AUG 2020 2:33PM by PIB Guwahati

নেপালৰ প্ৰধানমন্ত্রী শ্রী কে পি শর্মা অলীয়ে আজি ভাৰতৰ প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

নেপালৰ প্ৰধানমন্ত্রীয়ে ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰত চৰকাৰ আৰু দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অস্থায়ী সদস্য হিচাপে ভাৰত নিৰ্বাচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী অলীয়ে ভাৰতক অভিনন্দন জনায়৷

দুয়োখন দেশত কভিড-১৯ মহামাৰীৰ প্ৰভাৱ হ্রাস কৰাত যিবোৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে সেই ক্ষেত্ৰত দুয়োগৰাকী নেতাই পাৰস্পৰিক সহমর্মিতা প্ৰকাশ কৰে৷ এনে পৰিপ্রেক্ষিতত নেপালক সকলো ধৰণৰ সহায় অব্যাহত ৰাখিবলৈ ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ দোঁহাৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷

প্ৰধানমন্ত্রী মোদীয়ে তেওঁক টেলিফোন কৰাৰ বাবে প্ৰধানমন্ত্রী অলীক ধন্যবাদ জনোৱাৰ লগতে দুয়োখন দেশৰ মাজত ঐতিহ্য আৰু নিবিড় সাংস্কৃতিক সম্পৰ্কৰ কথাও স্মৰণ কৰে৷

******



AP/AM/DB

 



(Release ID: 1648451) Visitor Counter : 156