PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 24 AUG 2020 6:38PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত মুঠতে প্ৰায় ৩.৬ কোটি পৰীক্ষণ সম্পন্ন হৈছে; প্ৰতি মিলিয়নত ২৬,০১৬ৰ নতুন সীমা স্পৰ্শ কৰি কৰিছে

ভাৰতত এই পৰ্যন্ত ৩,৫৯,০২,১৩৭ টা পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত ৬,০৯,৯১৭ টা পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ প্ৰতি মিলিয়নত ২৬,০১৬টা পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ আৰু প্ৰতিদিনে ইয়াৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে৷ ভাৰতত বৰ্তমানে ১৫২০টা গৱেষণাগাৰত পৰীক্ষাবোৰ সম্পন্ন কৰা হৈছে য’ত ৯৮৪টা গৱেষণাগাৰ হ’ল চৰকাৰী আৰু ৫৩৬টা গৱেষণাগাৰ হ’ল ব্যক্তিগত শাখাৰ৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতত আৰোগ্যৰ সংখ্যাই ২৩ লাখৰ সীমা অতিক্ৰম কৰিছে, সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা ১৬ লক্ষাধিক হৈছে

ভাৰতত আজি ক’ভিড-১৯ৰ পৰা আৰোগ্য হোৱা ৰোগীৰ সংখ্যাই ২৩ লাখৰ সীমা অতিক্ৰম কৰিছে৷ কাৰ্যকৰী পৰীক্ষণ, অনুসৰণ নীতিৰ ফলতেই ভাৰতত ২৩,৩৮,০৩৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বিগত ২৪ ঘণ্টাত ৫৭,৪৬৯ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হৈছে ৭৫%৷ সক্ৰিয় ৰোগীতকৈ আৰোগ্য হোৱা লোকৰ সংখ্যা ১৬,২৭,২৬৪ জন অধিক হৈছে৷  মৃত্যুৰ হাৰো ক্ৰমাগতভাৱে নিম্নগামী গৈ আজি ১.৮৫% হৈছে৷

অধিক বিৱৰণৰ বাবে

 

ডাঃ হৰ্ষ ৱৰ্ধনে গাজিয়াবাদৰ এনডিআৰএফ-অষ্টম বেটেলিয়ন কেন্দ্ৰত মুকলি কৰিলে ১০খন বিচনাযুক্ত চিকিৎসালয়

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি গাজিয়াবাদৰ এনডিআৰএফ-অষ্টম বেটেলিয়ন কেন্দ্ৰত এক অত্যাধুনিক, দীৰ্ঘস্থায়ী, সুৰক্ষিত আৰু সকলো ধৰণৰ বতৰৰ উপযোগী ১০খন বিচনাযুক্ত চিকিৎসালয় মুকলি কৰে৷ দীৰ্ঘকালীন মহামাৰী অথবা জৰুৰীকালীন পৰিস্থিতিৰ সময়ত এই চিকিৎসালয়খন যথেষ্ট উপযোগী হ’ব বুলি বিবেচনা কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক আনলক-৩ৰ সময়ছোৱাত ব্যক্তি তথা সামগ্ৰী আৰু সেৱাৰ নিৰন্তৰ সঞ্চালনত অনুমতি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে

কেন্দ্ৰই ৰাজ্যসমূহক আনলক-৩ৰ অধীনত আন্তঃৰাজ্যিক পৰিবহণৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা জাৰি নকৰিবলৈ নিৰ্দেশ দিছে৷ শনিবাৰে ৰাজ্যসমূহৰ সকলো মুখ্য সচিবৰ সৈতে বৈঠকৰ অন্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয় যে কিছুমান জিলা/ৰাজ্যত স্থানীয় যাতায়াতৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰা প্ৰতিবেদন দাখিল হৈছে৷ এনে ধৰণৰ নিষেধাজ্ঞাই সামগ্ৰীসমূহৰ পৰিবহণত বাধাৰ সৃষ্টি কৰে আৰু যোগান শৃংখল ব্যাহত হয়৷ ফলত অৰ্থনৈতিক কাৰ্যকলাপ আৰু নিয়োজনতো প্ৰভাৱ পৰে৷ মন্ত্ৰালয়ে কয় যে এনে ধৰণৰ পৰিবহণৰ বাবে পৃথকে কোনো ধৰণৰ অনুমোদন, পাৰ্মিটৰ প্ৰয়োজন নাই৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিডৰ বাবে যান-বাহনৰ নথি-পত্ৰৰ বৈধতা চলিত বৰ্ষৰ ডিচেম্বৰ মাহলৈ বাহাল থাকিব

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে যান-বাহন আইন, ১৯৮৮ আৰু কেন্দ্ৰীয় যান-বাহন আইন, ১৯৮৯ৰ অধীনত গাড়ীৰ ফিটনেছ, পাৰ্মিট, অনুজ্ঞাপত্ৰ, পঞ্জীয়নকে ধৰি অন্যান্য নথি-পত্ৰসমূহৰ বৈধতা ৩১ ডিচেম্বৰ ২০২০ তাৰিখলৈ বৃদ্ধি কৰিছে৷ পূৰ্বতে এই বৈধতাৰ সময়সীমা ৩০ ছেপ্টেম্বৰ ২০২০ তাৰিখলৈ আছিল যদিও বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

গণ মাধ্যমৰ কাৰ্যক্ৰম প্ৰস্তুতিৰ বাবে ‘এছঅ’পি’ মুকলি কৰিলে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে

গণ মাধ্যমৰ উত্পাদন এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক কাৰ্যক্ৰম, যিয়ে দেশৰ মুঠ ঘৰুৱা উত্পাদন চমুকৈ ‘জিডিপি’-লৈ ব্যাপক হাৰত অৰিহণা আগবঢ়াই আহিছে। শেহতীয়া ভাবে ক’ভিড-১৯ মহামাৰীৰ সময়চোৱাতো গণ মাধ্যমৰ কাৰ্যক্ৰম যুগুত কৰ্ম-কাণ্ডৰে জড়িত হৈ অহা বিভিন্ন পক্ষই মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰাৰ লগতে তেওঁলোকৰ নিয়মীয়া কাম-কাজো পুনৰাম্ভ কৰিছিল/চলাই আহিছিল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দিহা পৰামৰ্শৰ আধাৰত গণ মাধ্যমৰ উত্পাদনৰ বাবে প্ৰতিৰোধী পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ যুগুতাই উলিওৱা এলানি বিধি-নিয়ম আৰু ‘মানক কৰ্ম পদ্ধতি’ অথবা ‘ষ্টেণ্ডাৰ্ড অ’পাৰেটিং ছীছটেম’(এছঅ’পি) আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰে নতুন দিল্লীত আনুষ্ঠানিক ভাবে মুকলি কৰে। এই বিধি-নিয়মসমূহৰ উল্লেখনীয় বিষয়সমূহৰ ভিতৰত স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে ক’ভিড-১৯ সন্দৰ্ভত জাৰি কৰা সাধাৰণ বিধি নিয়মসমূহক অন্তৰ্ভুক্ত কৰাৰ লগতে ‘কণ্টেইনমেণ্ট জ’ন’ৰ ভিতৰত অনাৱশ্যকীয় কাম-কাজ কৰিবলৈ নিদিয়া, অধিক শংকাযুক্ত কৰ্মচাৰীৰ ক্ষেত্ৰত অধিক সতৰ্কতা গ্ৰহণ কৰা, মুখাৱৰণ বা মাস্কৰো ব্যৱহাৰ কৰা, সঘনাই হাত ধোৱা, ছেনিটাইজাৰৰে হাত পৰিষ্কৰণৰ দিহা কৰা আৰু শ্বাস-প্ৰশ্বাস লোৱা-মেলাৰ ক্ষেত্ৰত বিশেষকৈ গণ মাধ্যমৰ উত্পাদনৰ ক্ষেত্ৰত শিষ্টতা প্ৰদৰ্শন কৰা আদিক সামৰি লোৱা হৈছে। আন্তৰ্জাতিক অনুশীলনসমূহৰ লগতে শাৰিৰীক ব্যৱধান, দৃশ্যগ্ৰহণৰ ঠাইত প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে আচুতীয়া পথৰ ব্যৱস্থা কৰা, ছেনিটাইজেশ্যন, কৰ্মচাৰীসকলৰ সুৰক্ষা, ন্যূনতম সংস্পৰ্শৰ সম্ভাৱনা নিশ্চিত কৰা আৰু ভ্ৰমণৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা বিধি-নিয়মসমূহক সাৰোগত কৰি মন্ত্ৰালয়টোৱে এই মানক কৰ্ম পদ্ধতি যুগুতাই উলিয়াইছে। বিশেষকৈ মুখাৱৰণ বা মাস্কৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় অনুশীলন মানি চলি দৃশ্যগ্ৰহণস্থলীত কৰ্তব্যৰত কেমেৰা মেন আৰু অন্যান্য কলা-কুশলীসকলে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে। অৱশ্যে এই ক্ষেত্ৰত কেমৰাৰ সমুখত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।

অধিক বিৱৰণৰ বাবে

২৩ আগষ্ট ২০২০ তাৰিখে গণ মাধ্যমৰ কাৰ্যক্ৰমৰ বাবে প্ৰকাশ কৰা ‘এছঅ’পি’ সন্দৰ্ভত স্পষ্টীকৰণ

অধিক বিৱৰণৰ বাবে

 

শ্ৰী পীয়ুষ গোৱেলে ডেডিকেটেড ফ্ৰেইট কৰিডৰ কৰ্প’ৰেচন ইণ্ডিয়া লিমিটেডৰ কাম-কাজৰ খতিয়ান ল’লে

কেন্দ্ৰীয় ৰে’লৱে আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আজি ডেডিকেটেড ফ্ৰেইট কৰিডৰ কৰ্প’ৰেচন ইণ্ডিয়া লিমিটেড (ডিএফচিচিআইএল)ৰ কাম-কাজৰ খতিয়ান লয়৷  জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত আগন্তুক ডিচেম্বৰ ২০২১ৰ ভিতৰত প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰা হয়৷ মন্ত্ৰীগৰাকীয়ে ক’ভিডৰ লকডাউনৰ বাবে ক্ষতি হোৱা কামসমূহ দ্ৰুত গতিত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে৷

অধিক বিৱৰণৰ বাবে

 

গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত ২১ আগষ্ট, ২০২০ পৰ্যন্ত ৬,৪০,০০০ ৰোধিক কামৰ দিন সৃষ্টি ভাৰতীয় ৰেলৰ

গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত ভাৰতীয় ৰেলে ৬ খন ৰাজ্য যথাঃ বিহাৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, উৰিষ্যা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত ৬,৪০,০০০ ৰোধিক কামৰ দিন সৃষ্টি কৰিছে। ৰেল আৰু উদ্যোগ-বাণিজ্য মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে এই আঁচনিৰ অধীনত উক্ত ৰাজ্যকেইখনৰ প্ৰব্ৰজিত শ্ৰমিকৰ বাবে কামৰ সুযোগ সৃষ্টি আৰু প্ৰকল্পসমূহৰ অগ্ৰগতি মনোযোগেৰে নিৰীক্ষণ কৰি আছে। এই ৰাজ্যকেইখনত প্ৰায় ১৬৫ টা ৰেল আন্তঃগাঁথনিমূলক প্ৰকল্প ৰূপায়ণ কৰা হৈছে। ২১ আগষ্ট, ২০২০ লৈকে, এই অভিযানৰে ১২,২৭৬ শ্ৰমিক জড়িত হৈছে আৰু ৰূপায়ণ কৰা প্ৰকল্পৰ অৰ্থে ঠিকাদাৰসকললৈ ১,৪১০.৩৫ কোটি টকাৰ পেমেন্ট মুকলি কৰি দিয়া যায়।মন্ত্ৰালয়ে ৰাজ্যসমূহৰ লেখীয়াকৈ প্ৰতিখন জিলাতে ন’ডেল বিষয়া নিযুক্তি দিছে যাৰ জৰিয়তে ৰাজ্য চৰকাৰসমূহৰ সৈতে নিকট সমন্বয় সাধন হয়।

অধিক বিৱৰণৰ বাবে

 

খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ যোগ্য দিব্যাংগসকলক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সামৰি ল’বলৈ নিৰ্দেশ দিছে

খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত সকলো যোগ্য দিব্যাংগসকলক সামৰি ল’বলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ অনুচ্ছেদ ৩৮ অনুসৰি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক এই আইনৰ কাৰ্যকৰী প্ৰণয়নৰ বাবে সময়ে সময়ে নিৰ্দেশনা প্ৰদান কৰিব পাৰে৷ এই পৰিপ্ৰেক্ষিতত যিসকল লোকক পূৰ্বতে এই আইনৰ অধীনত সামৰি লোৱা নাছিল তেওঁলোককো নতুন ৰেচন কাৰ্ড প্ৰদান কৰি ইয়াৰ অধীনত সামৰি ল’বলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • কেৰালাঃ আজি সন্ধিয়া ৭ জন লোক ক’ভিডৰ ফলত মৃত্যু হোৱাকে ধৰি এই পৰ্যন্ত মুঠ ২৩০ জন লোকৰ মৃত্যু হৈছে৷ কালি ১৯০৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ২০,৩৩০ ৰোগী বৰ্তমানে চিকিৎসাধীন অৱস্থাত আছে আৰু ১,৮২,৫২৫ জন লোক ৰাজ্যৰ বিভিন্ন স্থানত নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ স্বাস্থ্য মন্ত্ৰী চি বিজয়বাস্কৰে কয় যে অহা দুসপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে এক স্বয়ংক্ৰিয় ব্যৱস্থা প্ৰৱৰ্তন কৰিব যাৰ জৰিয়তে লোকসকলে ক’ভিড-১৯ৰ ফলাফল এছএমএছ যোগে লাভ কৰিব পাৰিব৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,৭৯,৩৮৫ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৩,৫৪১ জন, ৬৫১৭ জনৰ মৃত্যু হৈছে, ৩,১৯,৩২৭ জনক মুকলি কৰি দিয়া হৈছে৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,২২৩ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৭৭,৮১৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৩,৫৫১ জন৷ ৪৬৮৩ জনৰ মৃত্যু হৈছে৷ ১,৮৯,৫৬৪ জনক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী আদিমুলাপু সুৰেশৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে৷ মুঠ ৰোগীৰ সংখ্যা ৩,৫৩,১১১ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৮৯,৭৪২ জন, ২,৬০,০৮৭ জনক মুকলি কৰি দিয়া হৈছে৷ ৩২৮২ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ১৮৪২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ লগতে ১৮২৫ জনে আৰোগ্য লাভ কৰিছে আৰু ৬ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,০৬,০৯১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২,৯১৯ জন৷ ৭৬১ জনৰ মৃত্যু হৈছে৷ ৮২,৪১১ জনক মুকলি কৰি দিয়া হৈছে৷
  • অসমঃ অসমত কালি ১২৭২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে পজিটিভিটীৰ হাৰ হৈছে ৬.৮৯%৷ ৩২৫৯ জন ৰোগীকো মুকলি কৰি দিয়া হৈছে৷ এই পৰ্যন্ত মুঠ ৭০,৯০০ জন ৰোগীক মুকলি কৰি দিয়া হৈছে, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৯৫৯৫ জন৷ ২৪২ জনৰ মৃত্যু হৈছে৷
  • মণিপুৰঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৬০৮ জন আৰু আৰোগ্য লাভৰ হাৰ হ’ল ৬৯ শতাংশ৷
  • মেঘালয়ঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১৩৩ জন আৰু আৰোগ্য লাভ কৰিছে ৭৭৬ জনে৷
  • মিজোৰামঃ মিজোৰামৰ ৩খন গাঁও, বুকপুই, মেইডাম আৰু ছেইপামত লকডাউনৰ নিৰ্দেশ দিয়া হৈছে৷
  • নাগালেণ্ডঃ নাগালেণ্ডত আজিৰে পৰা টুৱেনছাং জিলাত দুদিনলৈ সৰ্বাত্মক লকডাউনৰ নিৰ্দেশ দিয়া হৈছে৷
  • ছিক্কিমঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫০৯ জন, ৯৩৪ জনক মুকলি কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুম্বাইৰ নেছখ’ জাম্ব ক’ভিড কেন্দ্ৰত ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ভকেল পৰীক্ষণৰ এক পাইলট প্ৰকল্প আৰম্ভ কৰা হৈছে৷ তাৰোপৰি আৰচি-পিচিআৰ পৰীক্ষণো চলি আছে৷
  • গুজৰাটঃ নতুন পজিটিভ ৰোগীৰ সংখ্যা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত পজিটিভ ঘটনাৰ পূৰ্বৰ ৩৫ শতাংশৰ পৰা এতিয়া কেৱল ২.৫ শতাংশহে হৈছে৷
  • ৰাজস্থানঃ কেৱল ৬ দিনতে ১০,০০০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ পূৰ্বতে ৫০ হাজাৰৰ পৰা ৬০ হাজাৰ হ’বলৈ ৯ দিন সময় লৈছিল৷ বৰ্তমানে ৰোগীৰ সংখ্যাই ৭০০০০ৰ সীমা অতিক্ৰম কৰিছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৩,১২৯ জন৷ দেওবাৰে ১২৬৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি আহিছে৷

ফেক্ট চেক

Image



(Release ID: 1648362) Visitor Counter : 167