প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                
                    
                    
                        প্ৰধানমন্ত্ৰী আৰু আফগানিস্তানৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ
                    
                    
                        
                    
                
                
                    Posted On:
                03 AUG 2020 5:50PM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আফগানিস্তানৰ ৰাষ্ট্ৰপতি ড০ আশ্ৰফ ঘানিয়ে আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ দুয়োগৰাকী নেতাই ইজনে সিজনক ঈদ-ঊল-আধাৰ শুভেচ্ছা জ্ঞাপন কৰে৷
ৰাষ্ট্ৰপতি ঘানিয়ে আফগানিস্তানৰ চাহিদা পুৰণত সময়মতে খাদ্য আৰু চিকিৎসা সামগ্রী যোগান ধৰাৰ বাবে প্ৰধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপন কৰে৷ এক শান্তিপূর্ণ, সমৃদ্ধ আৰু সামগ্রিক উন্নয়নৰ বাবে আফগানিস্তানৰ লোকসকলৰ নিৰন্তৰ প্ৰচেষ্টাত সকলো ধৰণৰ সহায় অব্যাহত ৰখাৰ ক্ষেত্ৰত প্ৰধানমন্ত্রীয়ে ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ ব্যক্ত কৰে৷ দুয়োগৰাকী নেতাই অঞ্চলটোত সৃষ্টি হোৱা নিৰাপত্তাজনিত পৰিস্থিতিক লৈ মত বিনিময় কৰাৰ লগতে দ্বিপাক্ষিক স্বার্থজড়িত বিষয়সমূহক লৈও আলোচনা কৰে৷
****
 
VRRK/SH/DB
                
                
                
                
                
                (Release ID: 1648349)
                Visitor Counter : 228
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam