প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 06 AUG 2020 9:02PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি শ্রীলংকাৰ প্ৰধানমন্ত্রী শ্ৰীযুত মহিন্দা ৰাজাপাকছেৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

শ্রীলংকাত কালি সংসদীয় নির্বাচন সফলতাৰে আয়োজন কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক অভিনন্দনো জনায়৷ ক’ভিড-১৯ মহামাৰীৰ সীমাৱদ্ধতাৰ মাজত সুচাৰুৰূপে নির্বাচন অনুষ্ঠিত কৰাৰ বাবে শ্রীলংকা চৰকাৰ তথা নির্বাচনী সংস্থাক উচ্চ প্ৰশংসা কৰে প্ৰধানমন্ত্রীয়ে৷ নির্বাচনত শ্রীলংকাৰ জনসাধাৰণে সাহেৰে অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোককো প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ কয় যে এই নির্বাচনে উভয় দেশৰ একে ধৰণৰ গণতান্ত্রিক মূল্যবোধক প্ৰতিফলিত কৰে৷

প্ৰধানমন্ত্রীয়ে কয় যে নির্বাচনৰ পূৰ্বানুমান অনুসৰি শ্রীলংকাত প্রোডুজানা পেৰামুনা(এছএলপিপি) দলে ভাল ফল দেখুৱাৰ সম্ভাৱনা আছে৷ প্ৰধানমন্ত্রীয়ে ইয়াৰ বাবে মহিন্দা ৰাজাপাকছেক আগতীয়াকৈ অভিনন্দন আৰু শুভেচ্ছা জনায়৷

ইয়াৰ পূৰ্বে অনুষ্ঠিত সৌহার্দ্যপূর্ণ আৰু ফলপ্ৰসু আলোচনাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্রী দুগৰাকীয়ে দীর্ঘদিন ধৰি ভাৰত আৰু শ্রীলংকাৰ বন্ধুত্বপূর্ণ সম্পর্কক আৰু অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্রুতি ব্যক্ত কৰে৷ তেওঁলোকে সকলো ক্ষেত্রতে দ্বিপাক্ষিক সহযোগিতাৰ প্রাথমিক অগ্ৰগতিৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে৷

প্ৰধানমন্ত্রী মোদীয়ে ভাৰতৰ বৌদ্ধ তীর্থস্থান কুশীনগৰত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নিৰ্মাণৰ সন্দৰ্ভত শ্রীলংকাৰ প্ৰধানমন্ত্রীক অৱগত কৰে৷ তেওঁ কয় যে শ্রীলংকাৰ পৰা অহা বৌদ্ধধৰ্মী পর্যটকসকলক আগৰণি জনোৱাৰ বাবে চহৰখন প্ৰস্তুত হৈছে৷

দুয়োগৰাকী প্ৰধানমন্ত্রীয়ে ক’ভিড পৰিস্থিতিৰ বাবে সৃষ্টি হোৱা সমস্যা মোকাবিলা কৰাত পাৰস্পৰিক যোগাযোগ বজাই ৰখাৰ ক্ষেত্ৰত সহমত পোষণ কৰাৰ লগতে অনাগত দিনত দ্বিপাক্ষিক সম্পর্কক নতুন উচ্চতালৈ নিয়াৰ সন্দৰ্ভত আস্থা প্ৰকাশ কৰে৷

****

VRRK/SH/DB



(Release ID: 1648346) Visitor Counter : 168