প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত উচ্চ শিক্ষাত পৰিৱৰ্তনশীল সংস্কাৰ’ শীর্ষক সন্মিলনত উদ্বোধনী ভাষণ আগবঢ়াব প্ৰধানমন্ত্রীয়ে

Posted On: 06 AUG 2020 1:30PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ(৭ আগষ্ট)ত ভিডিঅ’ কনফাৰেন্সযোগেৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীন উচ্চ শিক্ষাত পৰিৱৰ্তনশীল সংস্কাৰশীর্ষক সন্মিলনত উদ্বোধনী ভাষণ আগবঢ়াব৷

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে এই সন্মিলনৰ আয়োজন কৰিছে৷

সন্মিলনত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ অধীনত শিক্ষা ক্ষেত্রত উল্লেখযোগ্য দিশ যেনে- শিক্ষা ব্যৱস্থা উন্নয়নত দক্ষতা অর্জন, উন্নত মানৰ গৱেষণা, প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰ, সামগ্রিক তথা বহুপাক্ষিক ভৱিষ্যতৰ শিক্ষা ব্যৱস্থা ইত্যাদিৰ বিষয়ে আলোকপাত কৰা হ’ব৷

কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রী শ্রী ৰমেশ পোখৰিয়াল, মানৱ সম্পদ উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্রী শ্রী সঞ্জয় ধোতৰেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰাৰ বাবে গঠিত সমিতিৰ অধ্যক্ষ আৰু সদস্যবৃন্দৰ লগতে বিশিষ্ট শিক্ষাবিদ, বিজ্ঞানীকে ধৰি একাধিক গণ্যমান্য ব্যক্তিয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিভিন্ন দিশৰ সন্দৰ্ভ বক্তব্য আগবঢ়াব৷

একাধিক বিশ্ববিদ্যালয়ৰ উপাচার্য, প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষ তথা মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি বহু ব্যক্তিয়ে অনুষ্ঠানত যোগদান কৰিব৷

অনুষ্ঠানটো মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ফেচবুক পেজত এই লিংকত পোনপটীয়াকৈ চাব পাৰিব http://https//www.facebook.com/HRDMinistry/


 বিশ্ববিদ্যালয়ৰ অনুদান আয়োগ আৰু পিআইবি' ইউটিউব চেনেল আৰু বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ টুইটাৰ হেণ্ডেল (@ugc_india) : https://twitter.com/ugc_india?s=12 -টো এই অনুষ্ঠান চাব পাৰিব৷ ডিডি নিউজতো অনুষ্ঠানটি পোনটীয়াকৈ সম্পচাৰিত ব৷

***

VRRK/AK/DB/DB



(Release ID: 1648337) Visitor Counter : 157