প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কিংবদন্তী নাট্যশিল্পী ইব্ৰাহিম আলকাজিৰ বিয়োগৰ প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 04 AUG 2020 6:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  কিংবদন্তী নাট্যশিল্পী ইব্ৰাহিম আলকাজিৰ বিয়োগৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, দেশজুৰি থিয়েটাৰক আৰু অধিক জনপ্রিয় তথা মানুহৰ কাষ চপাই নিয়াৰ বাবে শ্রী ইব্রাহিম আলকাজিৰ প্ৰচেষ্টাক সকলোৱে মনত ৰাখিব৷ কলা আৰু সাংস্কৃতিক জগতত তেওঁৰ অৱদান স্মৰনীয় হৈ ৰ’ব৷ তেওঁ বিয়োগত মই মর্মাহত হৈছো৷ তেওঁৰ পৰিয়াল আৰু আত্মী-স্বজনৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ তেওঁৰ আত্মাৰ শান্তি কামনা কৰিছো৷

***

VRRK/SH/DB



(Release ID: 1648333) Visitor Counter : 176