স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দৈনিক ৮ লাখতকৈ অধিক পৰীক্ষাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ভাৰতে পৰীক্ষা কৰিলে ৩.৫ কোটিতকৈও অধিক নমুনা

বৃদ্ধি পাইছে ‘প্ৰতি মিলিয়নত পৰীক্ষা’; আজিও বৃদ্ধি পালে ২৫,৫৭৪ টা

Posted On: 23 AUG 2020 1:30PM by PIB Guwahati

জানুৱাৰী মাহত দেশত একমাত্ৰ পুণেত এটা পৰীক্ষাগাৰত নমুনা পৰীক্ষা হৈছিল। তাৰ বিপৰীতে বিগত ৬ দিনত দৈনিক ৮ লাখতকৈও অধিক নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ ফলত, মুঠ ৩.৫ কোটিতকৈও অধিক নমুনা পৰীক্ষা কৰা হৈছে। বিগত ২৪ ঘন্টাত ৮ লাখ ১ হাজাৰ ১৪১ টা নমুনা পৰীক্ষা কৰা হৈছে।

সন্মিলিত উদ্যোগৰ বাবে প্ৰতিদিনে নমুনা পৰীক্ষাৰ হাৰ বৃদ্ধি পাইছে। বিগত তিনি সপ্তাহ ধৰি এই হাৰ ঊৰ্ধ্বমুখী হৈছে। ‘টেষ্ট, ট্ৰেক আৰু ট্ৰিট’ নীতি অৱলম্বন কৰি আজিৰ হিচাপত প্ৰতি ১০ লাখ ব্যক্তিৰ মাজত ২৫ হাজাৰ ৫৭৪ টা নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ ফলত, সংক্ৰমিতসকলক ক্ষীপ্ৰতাৰে চিনাক্ত কৰি তেওঁলোকৰ প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। সৰ্বশেষত হিচাপ অনুসাৰে, দেশত ৯৮৩ টা চৰকাৰী আৰু ৫৩২ টা বেচৰকাৰী পৰীক্ষাগাৰত অৰ্থাৎ মুঠ ১ হাজাৰ ৫১৫ টা পৰীক্ষাগাৰত নমুনা পৰীক্ষা কৰা হৈছে।

ইয়াৰ ভিতৰত ৪৫৮ টা চৰকাৰী আৰু ৩২২ টা বেচৰকাৰী অৰ্থাৎ মুঠ ৭৮০ টা পৰীক্ষাগাৰত ৰিয়েল টাইম আৰটিপিচিআৰ পদ্ধতিত নমুনা পৰীক্ষা কৰা হৈছে। ৪৯১ টা চৰকাৰী আৰু ১২৬ টা বেচৰকাৰী অৰ্থাৎ মুঠ ৬১৭ টা পৰীক্ষাগাৰত ট্ৰুনেট পদ্ধতিৰে আৰু ৩৪ টা চৰকাৰী আৰু ৮৪ টা বেচৰকাৰী অৰ্থাৎ মুঠ ১১৮ টা পৰীক্ষাগাৰত চিবিনেট পদ্ধতিৰে নমুনা পৰীক্ষা কৰা হৈছে।

ক’ভিড-১৯ ৰ বিষয়ে বস্তুনিষ্ঠ তথ্যৰ বাবে আৰু এই মহামাৰী প্ৰতিৰোধৰ বিষয়ে যিবোৰ নিৰ্দেশিকা জাৰি কৰা হৈছে সেয়া জানিবলৈ https://www.mohfw.gov.in/ লিংকটো ক্লিক কৰক। অথবা টুইটাৰ হেণ্ডেল @MoHFW_INDIA.- ৰ সহায় ল’ব পাৰে।

ক’ভিড-১৯ ৰ বিষয়ে কোনো কথা জনাবলগীয়া থাকিলে technicalquery.covid19[at]gov[dot]in  অথবা  ncov2019[at]gov[dot]in - এই দুটা ই-মেইলত যোগাযোগ কৰিব পৰা যাব। টুইটাৰ হেণ্ডেল @CovidIndiaSeva-তো প্ৰশ্ন কৰিব পৰা যাব।

ইয়াৰ উপৰিও +৯১-১১-২৩৯৭-৮০৪৬ অথবা ট’ল ফ্ৰী নম্বৰ ১০৭৫ তো ফোন কৰিব পাৰিব। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড–১৯ সংক্ৰান্তীয় হেল্পলাইন নম্বৰবোৰৰ তালিকা পাবলৈ তলৰ লিংকত ক্লিক কৰক -

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

 

****

MV/SJ/RD



(Release ID: 1648120) Visitor Counter : 109