শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

ইএছআইচিৰ অটল বিমিত ব্যক্তি কল্যান যোজনাৰ অধীনত কৰ্মহীন শ্ৰমিকসকলৰ সুবিধা প্ৰদানত যোগ্যতাৰ মানদণ্ডত ৰেহাই

২৪.৩.২০২০ৰ পৰা ৩১.১২.২০২০লৈকে ২৫%ৰ পৰিৱৰ্তে কৰ্মহীন শ্ৰমিকক সৰ্বাধিক ৯০ দিনৰ গড় মজুৰি ৫০শতাংশ দিব লাগিব

ইএছআইচি হাস্পতালত মুঠ বিছনাৰ ১০% আইচিইউ/এইচডিইউ সেৱাত থাকিব লাগিব

ক’ভিড-১৯ মহামাৰীৰ সময়ত ইএছআইচিয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা ইএছআইচি নিগম সদস্যবৃন্দৰ

Posted On: 21 AUG 2020 11:04AM by PIB Guwahati

কেন্দ্রীয় শ্ৰম আৰু নিয়োগ বিভাগৰ(স্বতন্ত্ৰ দায়িত্ব) ৰাজ্যিক মন্ত্ৰী শ্রী সন্তোষ কুমাৰ গেংৱাৰৰ অধ্যক্ষতাত ২০ আগষ্টত ৰাজ্যিক কর্মচাৰী বীমা নিগম(ইএছআইচি)ৰ ১৮২সংখ্যক বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত ইএছআইচিৰ সেৱাৰ উন্নীতকৰণ আৰু ক’ভিড-১৯ মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত শ্ৰমিকসকলৰ সুবিধার্থে কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

বর্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইএছআইচিৰ অটল বিমিত ব্যক্তি কল্যাণ যোজনা ৰূপায়ণ কৰা হৈছে৷ এই আঁচনিৰ অধীনত ইএছআইচিৰ কর্মহীন শ্ৰমিকসকলৰ সুবিধার্থে গুৰুত্বপূর্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইএছআইচিয়ে ইয়াৰ ম্যাদ আৰু এবছৰ বাবে অর্থা ২০২১ চনৰ ৩০ জুনলৈকৈ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে৷ ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱত যিসকল শ্ৰমিক কর্মহীন হৈ পৰিছে, তেওঁলোককো এই আঁচনিৰ অধীনত সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ আনকি বর্তমান পৰিস্থিতিত এই আঁচনিৰ অধীনৰ চর্তসমূহো শিথিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ শিথিল কৰা চর্ত অনুসৰি শ্ৰমিকসকলৰ এই সুবিধা চলিত বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে প্ৰদান কৰা হ’ব৷ ইয়াৰ পাছত ২০২১ৰ ১ জানুৱাৰীৰ পৰা ২০২১ৰ ৩০ জুনলৈকে পূর্বৰ চর্তাৱলী শিথিল নকৰাকৈ এই আঁচনি অব্যাহত ৰখা হ’ব বুলি ঠিক কৰা হৈছে৷ সেয়েহে চলিত বছৰত ৩১ ডিচেম্বৰৰ পাছত চর্তৰ প্ৰয়োজন আৰু চাহিদা আছে নে নাই, তাৰ ওপৰ ভিত্তি কৰি পুনৰ পর্যালোচনা বৈঠক অনু্ষ্ঠিত কৰা হ’ব৷

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত ইএছআইচি হাস্পতালসমূহত হিতাধিকাৰীৰ আইচিইউ বিছনাৰ সুবিধাকে ধৰি অন্যান্য সেৱা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে৷ বৈঠকত ইএছআইচিৰ হাস্পতালত চিকিসা সেৱা আৰু আন্তঃগাথঁনিমূলক উন্নয়ন সাধনৰ বিষয়সমূহো অৱগত কৰা হয়। বৈঠকত সিদ্ধান্ত অনুসৰি ২৪.৩.২০২০ৰ পৰা ৩১.১২.২০২০লৈকে ২৫%ৰ পৰিৱৰ্তে কৰ্মহীন শ্ৰমিকক সৰ্বাধিক ৯০ দিনৰ গড় মজুৰি ৫০শতাংশ দিয়া হ’ব৷ ক’ভিড-১৯ৰ সময়ছোৱাত বৰ্তমালৈকে দেশৰ ২৩খন ইএছআইচি হাস্পতালত প্ৰায় ২,৬০০ আইছ’লেচন বিছনা আৰু ১৩৫০খন কোৱাৰেণ্টাইন বিচনাৰ ব্যৱস্থা কৰিছে৷

দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ইএছআইচিৰ প্ৰধান হাস্পতালসমূহত ক’ভিড-১৯ এণ্টিজেন টেষ্ট আৰম্ভ হৈছে৷ হায়দৰাবাদ, সন নগৰ, ফৰিদাবাদৰ ইএছআইচি মেডিকেল কলেজত প্লাজমা থেৰাপীৰ সুবিধা প্ৰদান কৰা হৈছে৷ ফৰিদাবাদ, সন নগৰ, হায়দৰাবাদ, গুলবার্গত ইএছআইচি মেডিকেল কলেজ আৰু হাস্পতালত আইচিএমআৰৰ অনুমোদিত ক’ভিড-১৯ পৰীক্ষাৰগাৰ আৰম্ভ কৰা হৈছে৷ ক’ভিডৰ নামত উচৰ্গিত হাস্পতালত ২১৩টা ভেণ্টিলেটৰসহ ৫৫৫ আইচিইউ/এইচডিইউ বিছনাৰ ব্যৱস্থা আছে৷ ইফালে, ক’ভিড-১৯ মহামাৰীৰ সময়ত হাস্পতালসমূহৰ সমীপৱৰ্তী এলেকাৰ স্থানীয় জনসাধাৰণক চিকিসা সেৱা আগবঢোৱাৰ বাবে ইএছআইচিয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰিছে নিগমৰ সদস্যবৃন্দই৷

বৈঠকত ৰাজ্যিক কর্মচাৰী বীমা নিগমৰ প্ৰায় ৬০গৰাকী প্ৰতিনিধি আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ বিষয়াই ভিডিঅ’ কনফাৰেন্সোযোগে অংশগ্ৰহণ কৰে৷ তদুপৰি বৈঠকত শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সচিব হীৰালাল ছামাৰিয়া, সাংসদ শ্ৰী ৰাম কৃপাল, যাদৱ, শ্ৰীমতী দোলা সেন, সঞ্চালক প্ৰধান শ্ৰীমতী অনুৰাধা প্ৰসাদ, মন্ত্ৰালয়ৰ শ্ৰীমতী শিৱানী ছোৱাইনেও অংশগ্ৰহণ কৰে৷

 

******


RCJ/SKP/IA/DB



(Release ID: 1647963) Visitor Counter : 241