নৌ-পৰিবহন মন্ত্ৰালয়
বন্দৰ আৰু সামূদ্ৰিক খণ্ডত দক্ষতা বিকাশৰ বাবে জাহাজ পৰিবহণ মন্ত্ৰালয় আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ
সামূদ্ৰিক উদ্যোগৰ বিকাশ আৰু উপকূলীয় সমূদায়ৰ উন্নয়নৰ বাবে মানৱ শক্তিৰ দক্ষতা, পুনৰ দক্ষতা আৰু দক্ষতা উন্নয়নৰ লক্ষ্য
আমাৰ কৰ্মশক্তিৰ কৌশল বৃদ্ধি কৰা আৰু তেওঁলোকক বিশ্ব মানদণ্ডৰ সমপৰ্যায়ত সক্ষম কৰি তোলাত সহায় কৰিবঃ ড০ মহেন্দ্ৰ নাথ পাণ্ডে
দক্ষ মানৱ শক্তিয়ে ভাৰত আৰু বিশ্ব সামূদ্ৰিৰ ক্ষেত্ৰত উপলব্ধ ৰোজগাৰৰ ব্যাপক সূযোগ লাভ কৰিবলৈ সক্ষম হ’ব
प्रविष्टि तिथि:
20 AUG 2020 3:35PM by PIB Guwahati
সামূদ্ৰিক ক্ষেত্ৰত উপলব্ধ ৰোজগাৰৰ ব্যাপক সূযোগৰ জৰিয়তে উপকৃত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জাহাজ পৰিবহণ মন্ত্ৰালয় আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ মাজত আজি ডিজিটেল মাধ্যমেৰে এক বুজাবুজি চুক্তি স্বাক্ষৰ হয়৷
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডে আৰু জাহাজ পৰিবহণ(স্বতন্ত্ৰ) বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰসায়ণ আৰু সাৰ মন্ত্ৰী শ্ৰী মনসুখ মান্দাভিয়া আৰু শক্তি তথা নবীকৰণযোগ্য শক্তি বিভাগ(স্বতন্ত্ৰ দায়িত্ব) আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ লগতে এই অনুষ্ঠান একাংশ জ্যেষ্ঠ বিষয়াইও অংশগ্ৰহণ কৰে৷
এই উপলক্ষে ড০ মহেন্দ্ৰ নাথ পাণ্ডে জাহাজ পৰিবহণ মন্ত্ৰালয়ক বিশ্বমানৰ দক্ষ মানৱ শক্তি গঢ়ি তোলাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ তেওঁ লগতে কয় যে ভাৰতক বিশ্বৰ দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ আমাৰ দৃষ্টিভংগীৰ লগতে অনাগত দিনত একেলগে দক্ষতা বিকাশৰ ক্ষেত্ৰসমূহত নতুনত্ব অনাৰ প্ৰচেষ্টা অব্যাহত থাকিব৷ আমাৰ দেশৰ অৰ্থনৈতিক উন্নয়নত সামূদ্ৰিক পৰিবহণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷
ইফালে এই চুক্তি স্বাক্ষৰ কৰাৰ বাবে জাহাজ পৰিবহণ মন্ত্ৰী মান্দাভিয়াই দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ কৃতজ্ঞতা প্ৰকাশ কৰে৷ তেওঁ কয় যে এই সহযোগিতাই উপকূলীয় এলেকাৰ যুৱ প্ৰজন্মৰ মাজত ব্যাপক সংস্থাপনৰ সূযোগ সৃষ্টি কৰিব৷ এই চুক্তিয়ে জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ সাগৰমালা কাৰ্যসূচীৰ অধীনত উপকূলৱৰ্তী এলেকাৰ উন্নয়নৰ প্ৰতিশ্ৰুতি পুৰণত শক্তি যোগাব৷ তদুপৰি, ইয়াৰ জৰিয়তে ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় উপকূলৱৰ্তী এলেকাত আমাৰ কৰ্মশক্তিৰ সূযোগ মুকলি হ’ব৷
এই চুক্তিৰ অধীনত দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰায়লে পৰ্যটন, লজিষ্টিক, মীনপালন, জাহাজ নিৰ্মাণ, জাহাজ মেৰামতি আৰু জাহাজ ভঙা কাম, খনন, উপকূলৱৰ্তী যোগান শৃংখলা ইত্যাদি সম্পৰ্কীয় পাঠ্যক্ৰম, ৰাষ্ট্ৰীয় বৃত্তিৰ মান, সূচীভূক্ত বিষয় বিকাশ সাধন কৰিব৷
*******
YB/AP/DB
(रिलीज़ आईडी: 1647544)
आगंतुक पटल : 256