তীখা মন্ত্ৰালয়

প্ৰব্ৰজিত শ্ৰমিকসকলক কম মূল্যত নিজা ঘৰ প্ৰদান কৰিবলৈ তীখা খণ্ডৰ অগ্ৰণী উদ্যোগীসকলক চৰকাৰৰ অংশীদাৰ হোৱাৰ আহ্বান মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানৰ

ভাৰত চৰকাৰৰ আত্মনির্ভৰ ভাৰত অভিযানে দেশৰ প্ৰতিগৰাকী নাগৰিকক মর্যাদা আৰু আত্মসন্মান প্ৰদর্শন কৰাটো বিচাৰে

Posted On: 18 AUG 2020 2:25PM by PIB Guwahati

কেন্দ্রীয় তীখা আৰু পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রী শ্রী ধর্মেন্দ্ৰ প্ৰধানে প্ৰব্ৰজিত শ্ৰমিকসকলক কম মূল্যত নিজা ঘৰ প্ৰদানত তীখা খণ্ডৰ অগ্ৰণী উদ্যোগীসকলক চৰকাৰৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাৰ আহ্বান জনায়৷ আত্মনির্ভৰ ভাৰতঃ আবাস আৰু নির্মাণ তথা অসামৰিক পৰিবহণ খণ্ডত তীখাৰ ব্যৱহাৰ বৃদ্ধি শীর্ষক এক ৱেবিনাৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী প্ৰধানে গৃহ আৰু নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰালয়ৰ কাৰ্যসূচীৰ কথা উল্লেখ কৰি প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে গৃহ নির্মাণ উদ্যোগত ৰাষ্ট্রীয়কৃত সংস্থা তথা তীখা উদ্যোগত সক্রিয়ভাৱে চামিল হোৱাৰ আহ্বান জনায়৷ তেওঁ লগতে কয় যে চৰকাৰে এই ধৰণৰ লাখ গৃহ নির্মাণৰ পৰিকল্পনা লৈছে। সেয়েহে, তীখা উদ্যোগ প্ৰতিষ্ঠানসমূহৰ বাবে এই প্ৰচেষ্টাই বৃহ সুযোগ আনি দিছে। কম মূল্যৰ গৃহ নির্মাণত সকলোপক্ষৰ অংশগ্ৰহণ আনৰ বাবে আদর্শ হৈ উঠিব বুলিও তেওঁ মত প্ৰকাশ কৰে৷ চৰকাৰৰ কল্যাণকামী প্ৰচেষ্টাৱলীৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাৰ প্ৰসংগ উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে আত্মনির্ভৰ ভাৰত অভিযানৰ উদ্দেশ্য -দেশৰ প্ৰতিগৰাকী নাগৰিকক মর্যাদা আৰু আত্মসন্মান প্ৰদর্শন কৰা৷

চিআইআইৰ সহযোগিতাত তীখা মন্ত্ৰালয়ে এই ৱেবিনাৰৰ আয়োজন কৰে৷ এই ৱেবিনাৰত অংশ গ্ৰহণ কৰে কেন্দ্রীয় গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী শ্রী হৰদীপ সিং পুৰী, বাণিজ্য আৰু উদ্যোগ বিভাগ আৰু তীখা বিভাগৰ ৰাজ্যিক মন্ত্রী শ্রী ফগগন সিং কুলস্তেই৷

মন্ত্ৰী প্ৰধান কয় যে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ এই বিশাল কর্মযজ্ঞত তীখা উদ্যোগৰ অংশগ্ৰহণৰ ব্যাপক সম্ভাৱনা আছে। তেওঁ লগতে কয় যে দেশত তীখাৰ ব্যৱহাৰত ব্যাপক সম্ভাৱনাৰ লগতে প্ৰগতিৰ পথত দেশক আগুৱাই নিয়াতো তীখা উদ্যোগৰ ডাঙৰ ভূমিকা আছে। প্ৰধানমন্ত্রীৰ স্বাধীনতা দিৱসৰ ভাষণৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ব মানৰ সুসংহত আন্তগাঁথনি গঢ়ি তোলাৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰিছে৷ এই প্ৰসংগত তেওঁ ৰাজ্যসমূহত আৰু অধিক বিনিয়োগৰ আহ্বান জনায়৷

মন্ত্ৰী প্ৰধানে কয় যে ক’ভিড সংকটৰ সময়ত ভাৰতীয় উদ্যোগ প্ৰতিষ্ঠানসমূহে সকলো বাধা বিঘিনি দূৰ কৰি বিপুল পৰিমাণৰ পিপিই কিট, মাস্ক আৰু ভেণ্টিলেটৰ পাদন কৰিছে। আনকি, ভাৰতীয় ঔষধ নির্মাতা উদ্যোগসমূহে ১৫০তকৈ অধিক দেশলৈ প্ৰয়োজনীয় ঔষধ-পাতি সৰবৰাহ কৰিছে। তেওঁ কয় যে বিভিন্ন বিভাগৰ বিষয়াসকলৰ এক কর্মী গোট গঠন কৰা হ’ব৷ এই কর্মী গোটে দেশত তীখাৰ ব্যৱহাৰ বৃদ্ধি প্ৰয়োজনীয় পৰামর্শ আগবঢ়াব৷

ৱেবিনাৰত অংশ লৈ শ্রী হৰদীপ সিং পুৰীয়ে কয় যে ক’ৰোনা সংকটৰ পৰা বাহিৰ হোৱাৰ ক্ষেত্রত নির্মাণ উদ্যোগৰ লগতে উদ্যোগ সংস্থাসমূহৰ কাম-কাজত স্বাভাৱিক ছন্দ ঘূৰাই অনাৰ তাক্ষণিক প্ৰয়োজনীয়তা আছে। তেওঁ কয় যে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত একাধিক প্ৰকল্পৰ কাম চলিছে আৰু বহু প্ৰকল্প ৰূপায়ণৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হৈছে৷ তেওঁ ন্যায্য মূল্যত আৰু অধিক তীখাৰ যোগান সুনিশ্চিত কৰাৰ বাবে উদ্যোগ প্ৰতিষ্ঠানসমূহক নতুন প্ৰযুক্তি গ্ৰহণ, ব্যয় ৰাহি উপায় অৱলম্বন, গুণমান বজাই ৰখা ইত্যাদি বিষয়ৰ ওপৰ গুৰুত্ব আৰোপ কৰে৷ গৃহ আৰু নগৰ পৰিক্ৰমা আৰু গৃহ নির্মাণকে ধৰি অসামৰিক বিমান চলাচল ক্ষেত্রত দেশীয় তীখাৰ ব্যৱহাৰ বৃদ্ধিৰ বিভিন্নৰ সন্দৰ্ভত আলোচনা কৰাটোৱেই ৱেবিনাৰ আয়োজনৰ মুল উদ্দেশ্য৷.

****

YB/TFK/DB



(Release ID: 1647343) Visitor Counter : 174