PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
18 AUG 2020 6:30PM by PIB Guwahati
(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)
টেষ্টৰ ক্ষেত্ৰত ভাৰতৰ নতুন অভিলেখ – এদিনত প্ৰায় ৯ লাখ টেষ্ট সম্পন্ন, এদিনত সৰ্বাধিক ৫৭,৫৮৪ আৰোগ্য লাভেৰে অভিলেখ, ১৩ লাখৰো অধিক ব্যৱধানত মুঠ আৰোগ্য লাভে অতিক্ৰম কৰিলে সক্ৰিয় ঘটনাক
প্ৰতি দিনে ক’ভিড-১৯ টেষ্টৰ ক্ষেত্ৰত ভাৰতে নতুন অভিলেখ ৰচনা কৰিলে। এদিনত প্ৰায় ৯ লাখ (৮,৯৯,৮৬৪) টেষ্ট সম্পন্ন কৰা হৈছে, যি হৈছে এতিয়ালৈকে এদিনত কৰা সৰ্বাধিক টেষ্ট। ইয়াৰ জৰিয়তে, মুঠ টেষ্টে ৩,০৯,৪১,২৬৪ স্পৰ্শ কৰিছে। আনকি এনে সৰ্বাধিক টেষ্টৰ বিপৰীতে, সাপ্তাহিক ৰাষ্ট্ৰীয় গড় অৰ্থাৎ ৮.৮৪%ৰ তুলনাত পজিটিভিটি নিম্ন অৰ্থাৎ ৮.৮১% হৈয়ে আছে। যোৱা ২৪ ঘন্টাত ৫৭,৫৮৪ আৰোগ্যৰে ভাৰতে এদিনতে সৰ্বাধিক আৰোগ্য লাভৰ ক্ষেত্ৰটো অভিলেখ সৃষ্টি কৰিছে। একে সময়তে যোগ হোৱা নিশ্চিত ঘটনা (৫৫,০৭৯)তকৈ এয়া অধিক। অধিক ৰোগীয়ে আৰোগ্য লাভ কৰা আৰু চিকিৎসালয় আৰু হ’ম আইছ’লেশ্যন (নৰম আৰু মধ্যমীয়া ঘটনাসমূহৰ ক্ষেত্ৰত)ৰপৰা অব্যাহতি দিয়াৰ পৰিপ্ৰেক্ষিতত, মুঠ আৰোগ্য লাভৰ সংখ্যাই ১৯ লাখৰ ঘৰ (১৯,৭৭,৭৭৯) অতিক্ৰম কৰে। আৰোগ্য লাভ কৰা ৰোগী আৰু সক্ৰিয় ঘটনাৰ ব্যৱধানে আজি ১৩ লাখ (১৩,০৪,৬১৩) অতিক্ৰম কৰে। গড় দৈনিক আৰোগ্য লাভৰ একেৰাহে বৃদ্ধিয়ে ভাৰতৰ আৰোগ্য লাভৰ হাৰে ৭৩.১৮ স্পৰ্শ কৰিছে আৰু আক্ৰান্তৰ মৃত্যুৰ হাৰ নিম্ন (১.৯২%) হৈ ৰৈছে।
অধিক বিৱৰণৰ বাবে
ঘৰুৱা ভেকচিন প্ৰস্তুতকৰ্তাক সাক্ষাৎ ভেকচিন এডমিনিষ্ট্ৰেচনৰ ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটৰ
কালি ভেকচিন এডমিনিষ্ট্ৰেচনৰ ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটে শীৰ্ষস্থানীয় ঘৰুৱা ভেকচিন প্ৰস্তুতকৰ্তা- ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া, পুনে; ভাৰত বাঅ’টেক, হায়দৰাবাদ; জিদাছ কেডিয়া, আহমেদাবাদ; গেন্ন’ভ’ বাঅ’ফাৰ্মাচিউটিকেলছ, পুনে আৰু বাঅ’লজিকেল ই, হায়দৰাবাদক সাক্ষাৎ কৰে। এই বৈঠকখনি পাৰস্পৰিকভাৱে লাভপ্ৰদ আৰু ফলদায়ক আছিল। ইয়াত ঘৰুৱা প্ৰস্তুতকৰ্তাসকলৰদ্বাৰা তৈয়াৰ কৰা ভিন্ন ভেতচিনসমূহৰ সাম্প্ৰতিক পৰ্যায় তথা কেন্দ্ৰীয় চৰকাৰখনৰপৰা তেওঁলোকৰ প্ৰত্যাশা সন্দৰ্ভত ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটটোক অৱগত কৰা হয়।
অধিক বিৱৰণৰ বাবে
ক’ভিড-১৯ৰ অৰ্থে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰ্চুৱেল নেটৱৰ্কলৈ বঁটা
ভাৰত-ইউএছ ভাৰ্চুৱেল নেটৱৰ্কৰ জৰিয়তে ক’ভিড-১৯ৰ ব্যাধি জনন (pathogenesis) আৰু ৰোগ ব্যৱস্থাপনা সন্দৰ্ভত অত্যাধুনিক গৱেষণাৰ অৰ্থে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণাকাৰীৰে গঠিত আঠ দ্বিৰাষ্ট্ৰীয় (binational)গোটে বঁটা লাভ কৰে। তেওঁলোকে সম্পন্ন কৰিবলগীয়া গৱেষণাৰ ক্ষেত্ৰখনে এন্টিভাইৰেল ক’টিং, ইম্মিউন’ মডুলেশ্যন, বৰ্জ্য জল (wastewater)ত SARS CoV-2 ৰ ট্ৰেকিং, ৰোগ চিনাক্তকৰণ কৌশল, বিপৰীত জেনেটিক্স কৌশল আৰু ড্ৰাগ ৰিপাৰ্প’জিঙক সামৰি ল’ব। ক’ভিড ১৯ মহামাৰীৰ সমাধান সূত্ৰ নিৰ্ণয় আৰু বিশ্বজনীন প্ৰত্যাহ্বানেৰে মোকাবিলা কৰাৰ কাৰণে চিকিৎসা আৰু বিজ্ঞান সমাজৰ প্ৰচেষ্টালৈ সমৰ্থনৰ অংশস্বৰূপে ভাৰত-ইউএছ চায়েঞ্চ আৰু টেকনল’জি ফৰাম (IUSSTF)এ এই বঁটা ঘোষণা কৰিছে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰে যুটীয়াভাৱে পুঁজি যোগান ধৰা আইইউএছএছটিএফ হৈছে এটা স্বতন্ত্ৰ দ্বিপাক্ষিক সংস্থা।
অধিক বিৱৰণৰ বাবে
২০১৯ৰ মাৰ্চৰপৰা জুনৰ তুলনাত ২০২০ৰ একে সময়ত কৃষিজাত দ্ৰব্যৰ ৰপ্তানি ২৩.২৪% বৃদ্ধি
বিশ্ব বাণিজ্য সংস্থা (WTO)ৰ বাণিজ্য পৰিসংখ্যা অনুসৰি, ২০১৭ত ৱৰ্ল্ড এগ্ৰিকালচাৰ ট্ৰেডত ভাৰতৰ কৃষিজাত ৰপ্তানি আৰু আমদানিৰ অংশ হৈছে ক্ৰমে ২,২৭% আৰু ১.৯০%। মহামাৰীৰ বাবে কাৰ্যকৰী কৰা লকডাউনৰ জটিল সময়ছোৱাতো আনকি, ভাৰতে বিশ্ব খাদ্য যোগান শৃংখলত প্ৰভাৱ নপৰিবলৈ আৰু ৰপ্তানি অব্যাহত ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰে। মাৰ্চ, ২০২০ ৰপৰা জুন, ২০২০ লৈ ২৫৫৫২.৭ কোটি টকাৰ কৃষি-সামগ্ৰী ৰপ্তানি হোৱাৰ বিপৰীতে ২০১৯ ৰ একেখিনি সময়তে ৰপ্তানি হোৱাৰ পৰিমাণ আছিল ২০৭৩৪.৮ কোটি টকা, যি বৃদ্ধিৰ হাৰ হৈছে ২৩.২৪%।
অধিক বিৱৰণৰ বাবে
প্ৰব্ৰজিত শ্ৰমিকসকলক কম-খৰচী গৃহ প্ৰদান কৰিবলৈ চৰকাখনৰ সৈতে শীৰ্ষ ষ্টীল উদ্যোগসমূহক লগ লাগিবলৈ শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ আহ্বান
প্ৰব্ৰজিত শ্ৰমিকসকলক কম-খৰচী গৃহ প্ৰদান কৰিবলৈ চৰকাখনৰ সৈতে শীৰ্ষ ষ্টীল উদ্যোগসমূহক লগ লাগিবলৈ তীখা আৰু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আহ্বান জনাইছে। আজি এখনি ৱেবিনাৰত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি, তেওঁ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ আঁচনিৰ সন্দৰ্ভত উল্লেখ কৰে আৰু এই প্ৰকল্পটোত চৰকাৰখনৰ সৈতে ৰাজহুৱা খণ্ডৰ উদ্যোগ (PSU) আৰু শীৰ্ষ ষ্টীল উদ্যোগসমূহক লগ লাগিবলৈ কয়। তেওঁ কয় যে এই উদ্যোগটোৱে ষ্টীল-প্ৰধান (steel-intensive), কম-খৰচী গৃহ নিৰ্মাণ কৰিব লাগে যাতে ই আনৰ বাবে অনুকৰণীয় হৈ উঠে। মন্ত্ৰীজনে কয় যে আত্মনিৰ্ভৰ ভাৰতে দেশখনৰ প্ৰতিজন নাগৰিকেই মৰ্যাদা আৰু আত্ম-সন্মান সহকাৰে জীয়াই থকাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত এই উদ্যোগসমূহে চৰকাৰখনৰ এনে কল্যাণ-কামী ব্যৱস্থাসমূহত লগ লাগিব লাগে। শ্ৰী প্ৰধানে কয়, ক’ভিড সংকটৰ সময়ছোৱাত, ভাৰতীয় উদ্যোগে সুযোগ গ্ৰহণ কৰে আৰু বৰ্ধিত পৰিমাণে পিপিই কিট, মাস্ক আৰু ভেন্টিলেটৰ প্ৰস্তুত কৰি উলিয়াই লগতে ১৫০ খন দেশলৈ ভাৰতীয় ফাৰ্মা উদ্যোগে ঔষধৰ যোগান ধৰে।
অধিক বিৱৰণৰ বাবে
ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট
- পঞ্জাৱঃ ৰাজ্যখনত ক’ভিড আক্ৰান্ত আৰু প্ৰতি নিযুতত মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰি, পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কয় যে মহামাৰীটোৰ পৰৱৰ্তী সংক্ৰমণ প্ৰতিহত কৰিবলৈ কঠোৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ অনিচ্ছুক নাছিল। যদিও তেওঁ লকডাউন বিশেষতঃ অধিক আক্ৰান্ত হোৱা এলেকাসমূহত উঠাই নিদিছিল, মুখ্যমন্ত্ৰীজনে স্পষ্ট কৰি দিয়ে যে অৰ্থনৈতিক কাম-কাজত ব্যাঘাত জন্মিবলৈ দিয়া হোৱা নাছিল।
- হাৰিয়ানাঃ ক’ভিড-১৯ ক অতিক্ৰম কৰিবলৈ হাৰিয়ানাক সষ্টম কৰি ৰখাৰ ক্ষেত্ৰত বিষয়াসকলৰ অনবদ্য প্ৰচেষ্টাৰ শলাগ লৈ, হাৰিয়ানাৰ মুখ্য সচিবে সকলো উপাযুক্তকে ৪ টা T ক গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। যথাঃ ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ প্ৰয়োজনীয়- ট্ৰেচিং, ট্ৰেকিং, টেষ্টিং আৰু ট্ৰিটমেন্ট। মুখ্য সচিবজনে এইবুলিও কয় যে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ইতিমধ্যে এজন-এজনকৈ নিৰীক্ষণৰ স্পষ্ট নিৰ্দেশনা প্ৰদান কৰিছে।
- কেৰেলাঃ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত পৰ্যটন ক্ষেত্ৰত পৰা প্ৰভাৱ নিৰাময়ৰ অৰ্থে ৰাজ্য চৰকাৰখনে ৪৫৫ কোটি টকাৰ লোন আঁচনি ঘোষণা কৰিছে। এই আঁচনিখন সন্দৰ্ভত ব্যক্ত কৰি পৰ্যটন মন্ত্ৰীয়ে কয় যে উদ্যোগীসকলে ৫০% সুত ৰাজ্যসাহাৰ্য্যৰে ২৫ লাখ টকালৈকে লাভ কৰিব পাৰিব। ইফালে ৰাজ্যখনত দুপৰীয়ালৈকে ৩৬ টা টেষ্ট পজিটিভ উলাইছে, ইয়াৰে ৬ টা নতুন ঘটনা তিৰুৱন্তপুৰমস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ।
- তামিল নাডুঃ বেদান্ত লিমিটেডে দাখিল কৰা সকলোবোৰ আৱেদন মাদ্ৰাজ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে আৰু ষ্টাৰলাইট কপাৰ স্মেল্টিং প্লান্ট পুনৰ মুকলিৰ অনুমতি প্ৰত্যাখ্যান কৰে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ক’ভিড-১৯ৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত, দ্বীপপুঞ্জটো আৰু চেন্নাই বন্দৰৰ মাজত সাপ্তাহিক যাত্ৰীবাহী জাহাজ এমভি নিকোবৰ আৰু এমভি নেনেকৌৰীৰ সেৱা বাতিল কৰা হৈছে।
- কৰ্ণাটকঃ ক’ভিড-১৯ ৰোগীসকলৰ অৰ্থে আন্তঃগাঁথনি আৰু চিকিৎসা ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ চিকিৎসা শিক্ষা মন্ত্ৰী ডাঃ কে. সুধাকৰে আজি কেম্পেগৌড়া চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান দৰ্শন কৰে। তেওঁ কয় যে ৰাজ্যখনৰ সকলোবোৰ চিকিৎসালয়তে অক্সিজেন প্লান্ট স্থাপনাৰ্থে ৰাজ্য চৰকাৰখনে ব্যৱস্থা হাতত লৈছে।
- অন্ধ্ৰ প্ৰদেশঃ এটা নিৰ্বাচিত নমুনাত সংক্ৰমিত ক’ৰোনা ভাইৰাছ নিৰ্ণয় কৰিবলৈ ৰাজ্যিক স্বাস্থ্য বিভাগটোৱে কৃষ্ণা, অনন্তপুৰ আৰু পূব গোদাবৰী জিলাত শেহতীয়াভাৱে ছিৰ’ ছাৰ্ভে সম্পন্ন কৰে। কৃষ্ণা জিলাত কৰা অধ্যয়নটোৰ নমুনাসমূহৰ প্ৰায় ২০ শতাংশ লক্ষণহীন আৰু যিসকল লোকৰ দেহলৈ সংক্ৰমিত হৈছে তেওঁলোকে কেনেকৈ সংক্ৰমণ ঘটিল তাত অজ্ঞতা প্ৰকাশ কৰে।
- তেলেংগানাঃ ৰাজ্যখনত ধাৰষাৰ বৰষুণৰ লগতে বানৰ সতৰ্কতা জাৰি কৰা যায়। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে এই পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ইফালে যোৱা ২৪ ঘন্টাত ৰাজ্যখনত নতুনকৈ আক্ৰান্ত হোৱা ঘটনাৰ সংখ্যা হৈছে ১৬৮২, আৰোগ্য লাভ কৰে ২০৭০ জনে আৰু ০৮ জনৰ মৃত্যু হয়।
- অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত, ৪০ জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে, কালি চিকিৎসালয়ৰপৰা ৮৫ আৰোগ্য লাভ কৰা ৰোগীক যাবলৈ দিয়া হয়।
- অসমঃ অসমত, কালি ২৭৯২ লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে আৰু ১৫১৯ জনে আৰোগ্য লাভ কৰে, ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৭৯৬৬৭ আৰু সক্ৰিয় ৰোগীৰ সংখ্যা ২২৭৩৩ জন।
- মেঘালয়ঃ মেঘালয়ৰ নতুন ৰাজ্যপাল হিচাপে গোৱাৰ সদ্যবিদায়ী মাননীয় ৰাজ্যপাল শ্ৰী সত্য পাল মলিকক ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দই নিযুক্তি প্ৰদান কৰিছে।
- মণিপুৰঃ মণিপুৰত, যোৱা ২৪ ঘন্টাত ১১৮ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। ৰাজ্যখনত এতিয়ালৈকে ৪৬৮৭ জন ইয়াত আক্ৰান্ত হোৱাৰ বিপৰীতে সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১৯৩৬ জন।
- মিজোৰামঃ মিজোৰামত, যোৱা ২৪ ঘন্টাত নতুনকৈ ২৬ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে, ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৮১৫ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৩৭২ জনে আৰোগ্য লাভ কৰে আৰু সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ৪৪৩ জন।
- নাগালেণ্ডঃ ডিমাপুৰস্থিত ক’ভিড-১৯ চিকিৎসালয়ৰ এজন চিকিৎসকৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা হৈছে।
- ছিকিমঃ ছিকিমত নতুনকৈ ২০ জন লোকৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হয় ৪৮৫।
- মহাৰাষ্ট্ৰঃ পুনেত সম্পন্ন কৰা ছিৰ’ল’জিকল ছাৰ্ভেৰ ফলাফলে সূচিত কৰে যে মুঠ জনসংখ্যাৰ ইতিমধ্যে ৫০ শতাংশৰ দেহত নভেল ক’ৰোনা ভাইৰাছ সংক্ৰমিত হৈছে। দিল্লী আৰু মুম্বাইৰ দৰে আন মহানগৰসমূহত সম্পন্ন কৰা ছিৰ’ল’জিকল ছাৰ্ভেসমূহতকৈ এয়া লক্ষ্যণীয়ভাৱে অধিক।
- গুজৰাটঃ মাস্ক পৰিধান নকৰা আৰু সামাজিক দুৰত্বৰ নীতি উলংঘা কৰাৰ বাবে আহমেদাবাদৰ আবাসীক বিহা জৰিমনাৰপৰা আৰ্জিত ধনৰ মুঠ পৰিমাণ আজি ৩.৭৫ কোটি টকালৈ বৃদ্ধি পাইছে।
- ৰাজস্থানঃ শুকুৰবাৰে বিধানসভাৰ অধিবেশনত উপস্থিত থকা ফালদীৰ বিধায়ক পব্বাৰাম বিষ্ণৈৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। বিধায়কজনে তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোকক টেষ্ট কৰিবলৈ আহ্বান জনাইছে।
- গোৱাঃ ক’ভিড পৰিস্থিতিৰ অৱনতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক নিৰ্বাচন আয়োগে ১১ পৌৰ পৰিষদৰ নিৰ্বাচন স্থগিত ৰাখিছে। ৰাজ্যখনত বৰ্তমান ৩,৮২৫ টা সক্ৰিয় ঘটনাৰ বিপৰীতে অদ্যপি আক্ৰান্ত হৈছে ১১,৯৯৪ জন লোক।
(Release ID: 1646821)
Visitor Counter : 241
Read this release in:
Punjabi
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Gujarati
,
Tamil
,
Telugu
,
Malayalam