কৃষি মন্ত্ৰালয়

২০২০ বৰ্ষৰ মাৰ্চৰ পৰা জুন মাহলৈ কৃষিজাত সামগ্ৰীৰ ৰপ্তানি ২০১৯ বৰ্ষৰ তুলনাত ২৩.২৪%লৈ বৃদ্ধি হৈছে

কৃষি মন্ত্ৰালয়ে কৃষি বাণিজ্য উত্তৰণৰ বাবে এক ব্যাপক পৰিকল্পনাৰ প্ৰস্তুতি চলাইছে; ইয়াৰ জৰিয়তে কৃষিজাত সামগ্ৰীৰ ৰপ্তানিত মূল্য সংযোজন আৰু আমদানিৰ বাবে বিকল্প কাৰ্যকৰী পৰিকল্পনা আদিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হৈছে

বিশেষ কৃষিজাত সামগ্ৰীৰ এক্সপ’ৰ্ট প্ৰমোচন ফ’ৰাম কৃষি মন্ত্ৰালয়ৰ এপিইডিএৰ অধীনত গঠন কৰা হৈছে

Posted On: 18 AUG 2020 12:50PM by PIB Guwahati

আত্মনিৰ্ভৰ ভাৰতৰ ক্ষেত্ৰত কৃষিখণ্ডৰ বাবে আত্মনিৰ্ভৰশীলতা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ ইয়াৰ বাবে দেশৰ বাবে বৈদেশিক বিনিয়োগৰ উপাৰ্জনৰ উপৰিও কৃষিজাত সামগ্ৰীৰ ৰপ্তানিও অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে কিয়নো ৰপ্তানিৰ জৰিয়তে কৃষক/উৎপাদক/ৰপ্তানিকাৰীসকলে আন্তৰ্জাতিক বজাৰত নিজৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ সুযোগ লাভ কৰে৷ ৰপ্তানিৰ দ্বাৰা কৃষি খণ্ডত কভাৰেজ বৃদ্ধি আৰু উৎপাদনশীলতা বৃদ্ধিৰ ক্ষেত্ৰতো উন্নত ফলাফল প্ৰদৰ্শিত হৈছে৷

বিশ্ব বাণিজ্য সংস্থাৰ বাণিজ্য পৰিসংখ্যা অনুসৰি বিশ্বৰ কৃষি বাণিজ্যত ভাৰতৰ কৃষিজাত ৰপ্তানি আৰু আমদানি ২০১৭ চনত যথাক্ৰমে আছিল ২.২৭% আৰু ১.৯০%৷ আনকি ক’ৰোনা মহামাৰীৰ সময়ছোৱাতো ভাৰতত খাদ্য শৃংখল যোজনাত কোনো বিৰতি পৰা নাছিল৷ মাৰ্চ ২০২০ৰ পৰা জুন ২০২০লৈ কৃষিজাত সামগ্ৰীৰ ৰপ্তানি আছিল ২৫৫৫২.৭ কোটি টকা আৰু ২০১৯ চনত ৰপ্তানি আছিল ২০৭৩৪.৮ কোটি টকা য’ত ২৩.২৪% বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷

ভাৰতৰ কৃষিজাত জিডিপি হিচাপে কৃষিজাত সামগ্ৰীৰ ৰপ্তানি ২০১৭-১৮ৰ ৯.৪%ৰ পৰা ২০১৮-১৯ৰ ৯.৯%লৈ বৃদ্ধি পাইছে৷ আনহাতে কৃষিজাত জিডিপি হিচাপে কৃষিজাত সামগ্ৰীৰ আমদানি ৫.৭%ৰ পৰা ৪.৯%লৈ হ্ৰাস পাইছে৷

১৯৫০-৫১ চনত ভাৰতৰ কৃষিজাত সামগ্ৰীৰ ৰপ্তানি আছিল ১৪৯ কোটি টকা আৰু ই ২০১৯-২০ত  ২.৫৩ লাখ কোটি টকালৈ বৃদ্ধি পাইছে৷ বিগত ১৫ বছৰত ৰপ্তানিৰ ক্ষেত্ৰত এক ব্যাপক পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে৷  

বিশ্বৰ ভিতৰতে ঘেঁহু উৎপাদনত ভাৰতে দ্বিতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে ৰপ্তানিৰ ক্ষেত্ৰত ৩৪ সংখ্যক স্থান লাভ কৰিছে৷ আনহাতে বিশ্বৰ ভিতৰতে শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত তৃতীয় স্থান অধিকাৰ কৰিও ৰপ্তানিৰ ক্ষেত্ৰত ভাৰতে ১৪ সংখ্যক স্থান লাভ কৰিছে৷ সেয়ে ৰপ্তানিৰ ক্ষেত্ৰতো শীৰ্ষ স্থান অধিকাৰ কৰিবলৈ সক্ৰিয় পদক্ষেপ গ্ৰহণৰ আৱশ্যক৷

এই পৰিপ্ৰেক্ষিতত ডিএচিএণ্ডএফডব্লিউয়ে কৃষি বাণিজ্য উত্তৰণৰ বাবে এক ব্যাপক কাৰ্যকৰী পৰিকল্পনা/কৌশল প্ৰস্তুত কৰিছে৷ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সামগ্ৰী গোটৰ বিশ্লেষণ কৰা হৈছে৷  কৃষিজাত সামগ্ৰীৰ ৰপ্তানিত মূল্য সংযোজন আৰু আমদানিৰ বাবে বিকল্প কাৰ্যকৰী পৰিকল্পনা আদিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হৈছে উক্ত পদক্ষেপসমূহ সময়ভিত্তিক কাৰ্যকৰী পৰিকল্পনালৈ পৰিৱৰ্তিত কৰা হৈছে৷

এই ক্ষেত্ৰত উদ্যানশস্যকো গুৰুত্ব প্ৰদান কৰা হৈছে৷ ফলমূল আৰু শাক-পাচলিৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছে৷ ভাৰতে বছৰি ৫৬৩৮ কোটি টকাৰ ৮.২৩ লাখ মেট্ৰিকটন ফলমূল আৰু ৫৬৭৯ কোটি টকাৰ ৩১.৯২ লাখ মেট্ৰিকটন শাক-পাচলি ৰপ্তানি কৰিছে৷

কৃষি মন্ত্ৰালয়ৰ অধীনত কৃষিজাত সহযোগিতা আৰু কৃষক কল্যাণ বিভাগৰ নিৰ্দেশনা অনুসাৰে কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ উত্তৰণ বাবে এক বিশেষ এক্সপ’ৰ্ট প্ৰমোচন ফ’ৰাম গঠন কৰা হৈছে৷ কৃষিজাত আৰু সংসাধিত খাজ্য সামগ্ৰী ৰপ্তানি বিকাশ প্ৰাধিকৰণ (এপিইডিএ), বাণিজ্য বিভাগৰ অধীনত আঙুৰ, আম, কল, পিয়াঁজ, ধান, নিউট্ৰি-চেৰেল, ডালিম আৰু ফুলৰ খেতিকে ধৰি আঠটা খণ্ডৰ বাবে এই ইপিএফ গঠন কৰা হৈছে৷

প্ৰতিখন ইপিএফত প্ৰাসংগিক সামগ্ৰীৰ ৰপ্তানিকাৰী, বিভাগীয় মন্ত্ৰালয়ৰ চৰকাৰী সদস্য অন্তৰ্ভুক্ত থাকিব৷ এপিইডিএৰ অধ্যক্ষই প্ৰতিখন ফ’ৰামৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব৷ প্ৰতি দুমাহৰ  মূৰে মূৰে ইয়াৰ বৈঠক অনুষ্ঠিত হ’ব৷

এই ফ’ৰামে নিৰন্তৰে সামগ্ৰীসমূহৰ উৎপাদনৰ ক্ষেত্ৰত বহিঃ/অন্তৱৰ্তী পৰিস্থিতি চিনাক্ত কৰি নিৰীক্ষণ কৰিব৷ তেওঁলোকে সক্ৰিয়ভাৱে উৎপাদক, ৰপ্তানিকাৰীসকলৰ সংস্পৰ্শত থাকিব৷

এই ফ’ৰামে কৃষি মন্ত্ৰালয়ৰ সংশ্লিষ্ট সংস্থা যেনে এমআইডিএইচ, এক্সটেনচন, এনপিপিঅ’ ইত্যাদি, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়, এমঅ’এফপিআই আদিৰ সৈতে কৃষিজাত সামগ্ৰীৰ ৰপ্তানি সংক্ৰান্তীয় বিষয়ত যোগাযোগ কৰিব৷

 

APS/SG/MANN

****



(Release ID: 1646661) Visitor Counter : 206