স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

এদিনতে পুনৰ সৰ্বাধিক আৰোগ্যৰ অভিলেখ ৰচনা কৰিলে ভাৰতে

বিগত ২৪ ঘণ্টাত ৫৭,৩৮১গৰাকী ৰোগী আৰোগ্য

৩২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ ৫০শতাংশতকৈ অধিক

ভাৰতে এদিনতে সৰ্বাধিক ৮.৬লাখ নমূনা পৰীক্ষা কৰিছে

Posted On: 15 AUG 2020 1:07PM by PIB Guwahati

ভাৰতে ক’ভিড-১৯ ৰোগী আৰোগ্যৰ হাৰ বৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত ৰাখি এদিনতে পুনৰ সৰ্বাধিৰ ৰোগীৰ আৰোগ্যৰ অভিলেখ ৰচনা কৰিছে৷ বিগত ২৪ ঘণ্টাত দেশত ৫৭,৩৮১গৰাকী ক’ভিড ৰোগী আৰোগ্য হৈছে৷

ইয়াৰ জৰিয়তে ভাৰতৰ আৰোগ্যৰ হাৰ ৭০%লৈ বৃদ্ধি হৈছে৷ এই সফলতাত অৰিহণা যোগো ৩২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্য হাৰ ৫০%তকৈ অধিক৷ ১২খন ৰাজ্যৰ আৰোগ্যৰ হাৰ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰতকৈ অধিক৷

Image

ইফালে, দেশত সৰ্বমুঠ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ১৮,০৮,৯৩৬গৰাকীলৈ বৃদ্ধি পাইছে৷ আক্ৰান্ত হৈ চিকিসাধীন হৈ থকা ৰোগী আৰু আৰোগ্য হোৱা লোকৰ মাজৰ ব্যৱধান ১১ লাখৰ সীমা অতিক্ৰম কৰিছে(আজিৰ সৈতে ১১,৪০,৭১৬জন)৷

এয়া ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সমন্বিত প্ৰচেষ্টাৰ ফল৷

বৰ্তমান দেশত ৬,৬৮,২২০গৰাকী ৰোগী চিকিসাধীন হৈ আছে, যিটো মুঠ আক্ৰান্তৰ ২৬.৪৫%৷ চিকিসা ব্যৱস্থাত কৰা উন্নয়ন সাধন কৰা অভূতপূৰ্ব আন্তঃগাঁথনি আৰু চিকিসকসকলৰ নেৰানেপেৰা প্ৰচেষ্টাৰ লগতে সু-ব্যৱস্থাপনাৰ বাবে দেশত ক’ভিড-১৯ ৰোগীৰ মৃত্যুৰ হাৰ ১.৯৪ শতাংশলৈ নিম্নগামী হৈছে৷

দেশত পৰীক্ষা, চিনাক্ত আৰু চিকিসা এই কৌশল গ্ৰহণ কৰি বিগত ২৪ ঘণ্টাত আন এক বৃহ সফলতা অৰ্জন কৰিছে, যাৰ জৰিয়তে এই সময়ছোৱাত ৮,৬৮,৬৭৯টা নমূনা পৰীক্ষা সম্ভৱ হৈছে৷ দেশত মুঠ নমূনা পৰীক্ষা ২.৮৫ কোটি হৈছে৷

ইফালে পৰ্যায়ক্ৰমে পৰীক্ষা সুবিধা বৃদ্ধিৰ জৰিয়তে দেশত বৰ্তমানলৈকে পৰীক্ষাগাৰৰ সংখ্যা ১৪৬৫টা লৈ বৃদ্ধি পাইছে৷ ইয়াৰে ৯৬৮টা চৰকাৰী আৰু ৪৯৭টা বেচৰকাৰী পৰীক্ষাগাৰ৷ সেইবোৰ হৈছে-

সঠিক সময়ত আৰটি-পিচিআৰ আধাৰিত পৰীক্ষাগাৰঃ৭৫১(চৰকাৰীঃ৪৪৮+ব্যক্তিগতঃ৩০৩)

ট্ৰুনাট আধাৰিত পৰীক্ষাগাৰঃ৫৯৭(চৰকাৰীঃ৪৮৬+ব্যক্তিগতঃ১১১)

চিবিএনএএটি আধাৰিত পৰীক্ষাগাৰঃ১১৭(চৰকাৰীঃ৩৪+ব্যক্তিগতঃ৮৩)

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে ভাৰতত ক’ভিড-১৯ মহামাৰী আৰু গুটখাজাতীয় সামগ্ৰী ব্যৱহাৰশীৰ্ষক এক দষ্টাবেজ প্ৰকাশ কৰা হৈছে৷ এই দষ্টাবেজ চাবলৈ এই লিংকত ক্লিক কৰকঃ-

https://www.mohfw.gov.in/pdf/COVID19PandemicandTobaccoUseinIndia.pdf

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SJ/DB



(Release ID: 1646197) Visitor Counter : 201