PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 14 AUG 2020 6:29PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত এদিনতে সৰ্বাধিক প্ৰায় ৮.৫ লাখ পৰীক্ষণ সম্পন্ন কৰা হৈছে; আৰোগ্যৰ ক্ৰমান্বয়ে বৃদ্ধি হৈ বৰ্তমানে ৭১.১৭% হৈছে; মৃ্ত্যুৰ হাৰ ১.৯৫%লৈ অ্ৱনমিত হৈছে

ভাৰতত বিগত ২৪ ঘণ্টাত সৰ্বাধিক ৮,৪৮,৭২৮টা পৰীক্ষণ সম্পন্ন হৈছে৷ ইয়াৰ জৰিয়তে মুঠ ২,৭৬,৯৪,৪১৬ টা পৰীক্ষণ সম্পন্ন হৈছে৷ আৰোগ্যৰ হাৰ আজি ৭১.১৭% হোৱাৰ জৰিয়তে এই পৰ্যন্ত ১৭ লক্ষাধিক লোকে (১৭,৫১,৫৫৫ জন) আৰোগ্য লাভ কৰিছে৷ মৃত্যুৰ হাৰ ১.৯৫%লৈ অৱনমিত হৈছে৷

অধিক বিৱৰণৰ বাবে  

 

ভাৰতে এমাহত ২৩ লাখ পিপিই ৰপ্তানি কৰি বিশ্বত নিজৰ স্থান দখল কৰিবলৈ সমৰ্থ হৈছে; কেন্দ্ৰীয় চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ ১.২৮ কোটিতকৈও অধিক পিপিই বিতৰণ কৰিছে

ঘৰুৱা উৎপাদন সামৰ্থ শক্তিশালী কৰাৰ বাবে ডিজিএফটিয়ে জুলাই ২০২০ত  পিপিইসমূহৰ ৰপ্তানিৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ ফলস্বৰূপে ভাৰতে কেৱল জুলাই মাহতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, সংযুক্ত আৰব আমীৰশ্বাহী, ছেনেগাল আৰু শ্লভানিয়ালৈ ২৩ লাখ পিপিইৰ ৰপ্তানি কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

দিল্লীৰ এইমছত ডাঃ হৰ্ষ ৱৰ্ধনে মুকলি কৰিলে স্বেচ্ছামূলক ৰক্তদান অভিযান

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি নতুন দিল্লীৰ এইমছত এক স্বেচ্ছামূলত ৰক্তদান অভিযান মুকলি কৰে৷ মন্ত্ৰীগৰাকীয়ে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলক স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত বৃহৎ সংখ্যাত ৰক্তদান কৰিবলৈ আহ্বান জনাই ৰোগীসকলৰ জীৱন ৰক্ষা কৰিবলৈ অনুৰোধ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ বাবে লালকিল্লাত স্বাধীনতা দিৱস উদযাপনৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে আয়োজন কৰিছে বিশেষ ব্যৱস্থাৰ

প্ৰতিৰক্ষা মন্ত্ৰালয়ে ১৫ আগষ্ট ২০২০ তাৰিখৰ স্বাধীনতা দিৱস উপলক্ষে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত লালকিল্লাত এক বিশেষ ব্যৱস্থাৰ আয়োজন কৰিছে৷  এই পৰিপ্ৰেক্ষিতত অতিথিসকলৰ মাজত দুই গজৰ দূৰত্ব প্ৰতিপালন কৰাৰ ব্যৱস্থা কৰা হৈছে৷  ক’ভিড সম্পৰ্কীয় প্ৰট’কলসমূহ পালন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

আয়ুষ মন্ত্ৰালয়ৰ  ‘ৰোগ প্ৰতিৰোধক অভিযানৰ বাবে আয়ুষে’ ডিজিটেল স্পেচত লাভ কৰিছে উৎসাহমূলক প্ৰতিক্ৰিয়া 

আয়ুষ মন্ত্ৰালয়ে আজি ‘ৰোগ প্ৰতিৰোধক অভিযানৰ বাবে আয়ুষ’ শীৰ্ষক এক তিনিমহীয়া অভিযান মুকলি কৰিছে৷ আজিৰ ৱেবিনাৰখনত ৫০ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে  

কেপএক্সত চিপিএছইৰ তৃতীয় পুনৰীক্ষণ বৈঠকত বিত্ত মন্ত্ৰীৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি ভিডিঅ’ কনফাৰেন্সযোগে জাহাজ পৰিবহণ, পথ পৰিবহণ আৰু ঘাইপথ, গৃহ আৰু নগৰ পৰিক্ৰমা, প্ৰতিৰক্ষা মন্ত্ৰালয় তথা যোগাযোগ বিভাগৰ সচিবৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰে৷ এই বৈঠকত চলিত বিত্তীয় বৰ্ষৰ মূলধনী ব্যয়ৰ খতিয়ান লোৱা হয়৷

অধিক বিৱৰণৰ বাবে

 

 

 

মুখ্য তথ্য আয়ুক্ত শ্ৰী বিমল জুলকাই কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙক ক’ভিড মহামাৰীৰ সময়ছোৱাত চিআইচিৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে বৰ্ণনা কৰে

মুখ্য তথ্য আয়ুক্ত ড বিমল জুলকাৰ সৈতে কেন্দ্ৰীয় তথ্য আয়োগৰ কাৰ্যক্ৰমণিকাসমূহ পুনৰীক্ষণ কৰি কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে কয় যে ক’ভিড মহামাৰীৰ সময়ছোৱাত এদিনৰ বাবেও সমগ্ৰ প্ৰক্ৰিয়াটো বন্ধ হোৱা নাই৷ তাৰ পৰিৱৰ্তে চলিত বৰ্ষত ভাৰ্চুৱেল ধৰণে আয়োগে বিভিন্ন কাৰ্যসূচী প্ৰণয়ন কৰিছে বুলিহে মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷

অধিক বিৱৰণৰ বাবে

 

হায়হৰাবাদত শ্বাটলাৰ এন ছিক্কি ৰেড্ডি আৰু ফিজিঅ’থেৰাপিষ্ট কিৰণ চিৰ দেহত ধৰা পৰিল ক’ভিড পজিটিভ

হায়দৰাবাদৰ পুল্লেলা গোপীচান্দ বেডমিণ্টন একাডেমীত উপস্থিত হোৱা শ্বাটলাৰ এন ছিক্কি ৰেড্ডি আৰু ফিজিঅ’থেৰাপিষ্ট কিৰণ চিৰ দেহত ধৰা পৰিছে ক’ভিডৰ বীজাণু৷ তেওঁলোকৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশিক্ষক পুল্লেলা গোপীচান্দে জানিবলৈ দিছে৷

অধিক বিৱৰণৰ বাবে

 

ক্ৰুজ জাহাজৰ বাবে জাহাজ পৰিবহণ মন্ত্ৰালয়ে বন্দৰৰ টাৰিফৰ হাৰ ৬০%ৰ পৰা ৭০%ৰ পৰিসৰৰ ভিতৰত হ্ৰাস কৰিছে

জাহাজ পৰিবহণ মন্ত্ৰালয়ে ক্ৰুজ জাহাজৰ বাবে টাৰিফৰ হাৰসমূহ যাদৃচ্ছিকীকৰণ কৰিছে৷ মন্ত্ৰালয়ে টাৰিফৰ হাৰ ৬০%ৰ পৰা ৭০%ৰ পৰিসৰৰ ভিতৰত হ্ৰাস কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • অৰুণাচল প্ৰদেশঃ ৰাজ্যখনত চাৰিজন লোকে মৃত্যু  মুখত পৰিছে৷ মুঠ ৮৭ জন লোক ৰোগত আক্ৰান্ত হৈছে৷
  • অসমঃ অসমত ২১৭৪ জন ৰোগীক কালি মুকলি কৰি দিয়া হৈছে৷ মুঠ ৪৯,৩৮৩ জন ৰোগীক মুকলি কৰি দিয়া হৈছে, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২,২৪০ জন৷ এই তথ্য টুইটাৰত প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
  • মণিপুৰঃ ইম্ফলৰ ৰমি বেগ ইণ্ডাষ্ট্ৰীজে সন্মুখৰ শাৰীৰ ক’ভিড যোদ্ধাসকললৈ ১০০টা পিপিই বিতৰণ কৰাৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰিছে৷
  • মেঘালয়ঃ পিএইচচি আৰু চিএইচচিসমূহক সৱলীকৃত কৰাৰ বাবে মেঘালয়ৰ স্বাস্থ্য বিভাগে বিশ্ব বেংকৰ সৈতে এক ঋণৰ চুক্তিত স্বাক্ষৰ কৰিছে৷
  • মিজোৰামঃ কালি আঠজন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৫৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩১৪ জন৷
  • নাগালেণ্ডঃ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে ক’ভিড-১৯ৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে যথাসম্ভৱ প্ৰয়াস কৰিছে৷
  • ছিক্কিমঃ ছিক্কিমত ৩১ আগষ্টলৈ সকলো চৰকাৰী আৰু ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান বন্ধ থাকিব৷ পৰিস্থিতিসমূহৰ পুনৰীক্ষণ কৰা হ’ব বুলি ৰাজ্যিক শিক্ষা মন্ত্ৰী শ্ৰী কে এন লেপচাই এইদৰে কয়৷
  • কেৰালাঃ এই পৰ্যন্ত ৰাজ্যত ১৩,৮৩৯ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ৰাজ্যৰ বিভিন্ন স্থানত ১.৫৩ লাখ লোক নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,২০,৩৫৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৩,৪৯৯ জন৷ ৫৩৯৭ জনৰ মৃত্যু হৈছে৷ ২,৬১,৪৫৯ জনক মুকলি কৰি দিয়া হৈছে৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১০,৮৬৮ জন৷
  • কৰ্ণাটকঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৮,৩৩৭ জন৷ চলিত বৰ্ষত স্বাধীনতা দিৱসৰ উদযাপনত কোনো সাংস্কৃতিক কাৰ্যসূচী পালন কৰা নহ’ব৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৬৪,১৪২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯০,৮৪০ জন৷ মৃত্যু হৈছে ২৩৭৮ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮৮,৩৯৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৩,৪৩৮ জন৷ মৃত্যু হৈছে ৬৭৪ জনৰ৷ ৬৪,২৮৪ জনক মুকলি কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ ১১,৮১৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ বৃহস্পতিবাৰে ৯১১৫ জন লোকে আৰোগ্য লাভ কৰিছে৷
  • গুজৰাটঃ বৃহস্পতিবাৰে ১০৯২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে আৰু ১০৪৬ জন লোকে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪৩১০ জন৷
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত বহুকেইজন ৰাজনীতিবিদ ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ সুমেৰ সিং ছোলাংকি তথা নিৱাৰিৰ বিজেপি বিধায়ক অনিল জৈনো ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে৷
  • চট্টিশগড়ঃ ৰাজ্যখনত ৩.৯ লক্ষাধিক লোক ক’ভিড পৰীক্ষণ সম্পন্ন হৈছে আৰু ১৩,৯৬০ লোক পজিটিভ হিচাপে চিনাক্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪১৮৭ জন৷
  • গোৱাঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৪৯১ জন৷ আৰোগ্যৰ হাৰ হৈছে ৭২%৷

 


(Release ID: 1645952) Visitor Counter : 225