PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 13 AUG 2020 6:31PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত এদিনতে ৫৬,৩৮৩ জন লোকে আৰোগ্য লাভ কৰিছে; প্ৰায় ১৭ লাখ লোকে আৰোগ্য লাভ কৰিছে; আনহাতে মৃত্যুৰ হাৰ ১.৯৬%লৈ অৱনমিত হৈছে

ভাৰতত এদিনতে ৫৬,৩৮৩ জন লোকে আৰোগ্য লাভ কৰিছে৷ ইয়াৰ জৰিয়তে আজি পৰ্যন্ত প্ৰায় ১৭ লাখ লোকে (১৬,৯৫,৯৮২ জন লোক)ভাৰতত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে৷

ভাৰতত কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ চৰকাৰসমূহৰ ঐক্যৱদ্ধ প্ৰয়াসৰ ফলত ক’ভিড পৰীক্ষণৰ পৰিমাণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে৷  আৰোগ্যৰ হাৰ আজি ৭০.৭৭% হৈছে আৰু মৃত্যুৰ হাৰ ১.৯৬%লৈ অৱনমিত হৈছে৷

ক্ৰমাগতভাৱে বৃদ্ধি পোৱা আৰোগ্যৰ সংখ্যাৰ পৰিপ্ৰেক্ষিতত সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস হৈছে আৰু ই মুঠ ৰোগীৰ কেৱল ২৭.২৭%হে হৈছে৷ সক্ৰিয় ৰোগী (৬,৫৩,৬২২ জন) আৰু আৰোগ্য ৰোগীৰ মাজ্যৰ ব্যৱধান ১০ লাখতকৈও অধিক হৈছে৷

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় চৰকাৰে ৩ কোটিতকৈও অধিক এন৯৫ মাস্ক, ১.২৮ কোটিতকৈও অধিক পিপিই কিট আৰু ১০ কোটি এইচচিকিউ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ/কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহলৈ বিনামূল্যে বিতৰণ কৰিছে

ক’ভিড-১৯ৰ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰে চিকিৎসা সামগ্ৰীসমূহ বিনামূলীয়াকৈ বিতৰণৰ কৰিছে৷ ইয়াৰে অধিকাংশ সামগ্ৰী পোনতে দেশত নিৰ্মাণ হোৱা নাছিল৷ কিন্তু দেশত এই সামগ্ৰীসমূহৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰতিষ্ঠানসমূহক চিকিৎসা সামগ্ৰীসমূহ থলুৱাভাৱে উৎপাদন কৰিবলৈ উৎসাহ জনোৱা হয়৷ এই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ/কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহলৈ বিনামূলীয়াকৈ ৩.০৪ কোটিত কৈও অধিক এন৯৫ মাস্ক আৰু ১.২৮ কোটিতকৈও অধিক পিপিই কিট প্ৰেৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতত  এদিনতে অভিলেখ সংখ্যক ৮.৩ লক্ষাধিক পৰীক্ষণ সম্পন্ন হৈছে; আজি পৰ্যন্ত ২.৬৮ কোটি নমুনা পৰীক্ষণ কৰা হৈছে; প্ৰতি মিলিয়নত পৰীক্ষণৰ সংখ্যা ১৯,৪৫৩ লৈ বৃদ্ধি হৈছে

ভাৰতত এদিনতে ৮ লাখ পৰীক্ষণৰ সীমা অতিক্ৰম কৰি বিগত ২৪ ঘণ্টাত অভিলেখ সংখ্যক ৮,৩০,৩৯১ টা পৰীক্ষণ সম্পন্ন হৈছে৷ মুঠ পৰীক্ষণৰ সংখ্যা ২,৬৮,৪৫,৬৮৮ কোটি হৈছে৷ প্ৰতি মিলিয়নত ১৯৪৫৩ টা পৰীক্ষণ সম্পন্ন হৈছে৷ দেশত বৰ্তমানে ১৪৩৩টা গৱেষণাগাৰত এই পৰীক্ষণসমূহ সম্পন্ন হৈছে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ‘‘স্বচ্ছ কৰাৰোপণ-সততাক সন্মান’ শীৰ্ষক এক প্লেটফ’ৰ্ম

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে স্বচ্ছ কৰাৰোপণ- সততাক সন্মান (Transparent Taxation - Honouring the Honest)ৰ অৰ্থে এক মাধ্যমৰ উদ্বোধন কৰে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি তেওঁ কয় যেদেশখনত পৰিকাঠামোগত সংস্কাৰ প্ৰক্ৰিয়াই আজি এক নতুন শিখৰত আৰোহণ কৰিলেহি।২১ শতিকাৰ কৰাৰোপণ প্ৰণালীৰ প্ৰয়োজনীয়তা অনুসৰিয়েই স্বচ্ছ কৰাৰোপণ- সততাক সন্মান মাধ্যমৰ শুভাৰম্ভ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীজনে কয়।তেওঁ উল্লেখ কৰে যে এই মাধ্যমে ফেচলেচ এছেচমেন্ট, ফেচলেচ আপিল আৰু টেক্সপেয়াৰ চাৰ্টাৰৰ আশু সংস্কাৰ সাধন কৰিব।

তেওঁ কয় যে আজিৰেপৰাই ফেচলেচ এছেচমেন্ট আৰু টেক্সপেয়াৰ চাৰ্টাৰ কাৰ্যকৰী হোৱাৰ বিপৰীতে ২৫ ছেপ্টেম্বৰ অৰ্থাৎ দীন দয়াল উপাধ্যায়ৰ জন্ম দিৱসৰপৰা সমগ্ৰ দেশৰ নাগৰিকৰ বাবে ফেচলেচ আপিলৰ সুবিধা উপলব্ধ হব।ফেচলেচ এই মাধ্যমেৰে তদুপৰি কৰ দাতাৰ বিশ্বাস বৃদ্ধি কৰা আৰু তেওঁলোকক ভীতিহীন কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ছটা বছৰে চৰকাৰখন অনাবেংকিঙক বেংকিং, অসুৰক্ষিতক সুৰক্ষিত কৰা আৰু টকা যোগান নধৰাক টকা যোগানত দৃষ্টি নিক্ষেপ কৰি আহিছে আৰু সততাক সন্মানমাধ্যমকো একে লক্ষ্যৰেই আৰম্ভ কৰা হৈছে।

প্ৰধানমন্ত্ৰীজনে ৰাষ্ট্ৰ নিৰ্মাণত সৎ কৰদাতাসকলে পালন কৰা ভূমিকাক প্ৰশংসা কৰে আৰু কয় যেএনে কৰদাতাসকলৰ জীৱন যাত্ৰা সহজ কৰি তোলাটো হৈছে চৰকাৰখনৰ দায়িত্ব।যেতিয়া দেশৰ এজন সৎ কৰদাতাৰ জীৱন প্ৰণালী সহজ হৈ পৰিব, তেতিয়া তেওঁ আগুৱাই যাব আৰু উন্নতি হব আৰু তেতিয়াই দেশৰো উন্নতি হব আৰু আগবাঢ়ি যাব,” প্ৰধানমন্ত্ৰীজনে লগতে কয়।

প্ৰধানমন্ত্ৰীজনে কয় যে ন্যূনতম চৰকাৰৰে সৰ্বাধিক শাসনৰ অৰ্থে চৰকাৰৰ সংকল্পৰ অংশস্বৰূপেই আজি এই নতুন ব্যৱস্থাৰ শুভাৰম্ভ কৰা হয়।তেওঁ কয় যে সকলো বিধি, আইন আৰু নীতিয়েই ক্ষমতা কেন্দ্ৰিক হোৱাৰ বিপৰীতে সেয়া জন কেন্দ্ৰিক, ৰাইজৰ অনুকূল হোৱাত গুৰুত্ব আৰোপেৰে যুগুত কৰা যায়।তেওঁ কয় যে শাসনৰ নতুন আৰ্হিৰ ব্যৱহাৰে ভাল ফল দেখুৱাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে এটা পৰিবেশে গা কৰি উঠিছে যত সকলো কাৰ্য সমাধা কৰিবলৈ দায়িত্বক প্ৰাধান্য দিয়া হৈছে।এয়া কোনো হেঁচা আৰু শাস্তিৰ ভাবুকিৰ ফলশ্ৰুতি নহয় বৰঞ্চ সমগ্ৰ পদক্ষেপৰ এটা বুজাবুজি আৰোপ কৰা গৈছে।তেওঁ কয় যে চৰকাৰখনে আৰম্ভ কৰা এই সংস্কাৰসমূহ খণ্ড-খণ্ড হোৱাৰ বিপৰীতে সামগ্ৰিক দৃষ্টিকোণেৰে ইয়াৰ জৰিয়তে সুফল প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা গৈছে।

প্ৰধানমন্ত্ৰীজনে কয়, স্বাধীনতাৰ পূৰ্বৰ সময়ত প্ৰৱৰ্তনৰ পৰা লব্ধ পূৰ্বৰ কৰ গাঁথনিৰ পৰিপ্ৰেক্ষিতত দেশৰ কৰ গাঁথনিৰ বাবে মৌলিক সংস্কাৰ প্ৰয়োজনীয় হৈ পৰে।আনকি স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত কৰা বহু সাল-সলনিয়ে ইয়াৰ মৌলিক চৰিত্ৰ বৰ্তাই ৰাখিব পৰা নাছিল, তেওঁ কয়।

অধিক বিৱৰণৰ বাবে

 

‘‘স্বচ্ছ কৰাৰোপণ-সততাক সন্মান’ প্লেটফ’ৰ্ম মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

 

 

জৈৱিক কৃষকৰ দিশত শীৰ্ষত আৰু জৈৱিক কৃষিৰ এলেকাৰ দিশত নৱম স্থান অধিকাৰ কৰিলে ভাৰতে

জৈৱিক কৃষিৰ ক্ষেত্ৰত ভাৰতৰ উত্তৰণৰ গতি কেৱল দেশৰ ভিতৰতে সীমাৱদ্ধ নহৈ বিশ্বৰ চাৰিও দিশে প্ৰসিদ্ধ হৈছে৷ ক’ভিড মহামাৰীয়ে চাৰিওদিশে চানি ধৰাৰ সময়তে স্বাস্থ্যসন্মত আৰু সুৰক্ষিত খাদ্যৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ এই ক্ষেত্ৰত ভাৰতে জৈৱিক কৃষকৰ দিশত শীৰ্ষত আৰু জৈৱিক কৃষিৰ এলেকাৰ দিশত নৱম স্থান অধিকাৰ কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • মহাৰাষ্ট্ৰঃ বুধবাৰে ১২,৭১২ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩,৮০৪ জন লোকে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১.৪৭ লাখ৷
  • গোৱাঃ গোৱাত প্ৰতি মিলিয়নত ৯০,০০০টা পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩১৯৪ জন৷
  • ৰাজস্থানঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,৬৩০ জন৷ ৰাজ্য চৰকাৰে ১৩০০ নতুন ভেণ্টিলেণ্টৰ ক্ৰয় কৰিছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হৈছে ১৩,৪৯৮ জন৷ বুধবাৰে ৪৩৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • কেৰালাঃ এই পৰ্যন্ত ১৩,০৪৫ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু মুঠ ১.৫১ লাখ লোক নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩,১৪,৫২০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫২,৯২৯ জন৷ ৫২৭৮ জনৰ মৃত্যু হৈছে৷ ২,৫৬,৩১৩ জনক মুকলি কৰি দিয়া হৈছে৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৯৬,৪৯৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮০,৩৪৩ জন৷ ৩৫১০ জনৰ মৃত্যু হৈছে৷ ১,১২,৬৩৩ জনক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৫৪,১৪৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯০,৪২৫ জন৷ ১,৬১,৪২৫ জনক মুকলি কৰি দিয়া হৈছে৷ ২২৯৬ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮৬,৪৭৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২,৭৩৬ জন৷ ৬৬৫ জনৰ মৃত্যু হৈছে৷ ৬৩,০৭৪ জনক মুকলি কৰি দিয়া হৈছে৷
  • অৰুণাচল প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ১০৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৬৮ জন৷ ১৬৫৯ জনক মুকলি কৰি দিয়া হৈছে৷
  • অসমঃ বিগত ২৪ ঘণ্টাত অসমত ১,৪৩,১০৯ টা ক’ভিড-১৯ পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ ইয়াৰ জৰিয়তে এই পৰ্যন্ত অসমত মুঠ অভিলেখ সংখ্যক ১৫৭৩৮০০ টা পৰীক্ষণ সম্পন্ন কৰা হৈছে৷
  • মণিপুৰঃ মণিপুৰত ৪১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৭৮ জনে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হৈছে ৫৬ শতাংশ৷ ৰাজ্যখনত ১৭৩৯ জন সক্ৰিয় ৰোগী আছে৷
  • মিজোৰামঃ আজি ১৩ জন লোকে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩০৬ জন আৰু ৩৪৩ জনত মুকলি কৰি দিয়া হৈছে৷ পৰীক্ষণৰ অনুপাত বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে ১০০০০ ৰেট কিট ক্ৰয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • নাগালেণ্ডঃ ডিমাপুৰ নগৰ পৰিষদৰ অধীনত থকা ২৩টা ৱাৰ্ডৰ সদস্যসকলক সন্মুখৰ শাৰীৰ কৰ্মীসকলক আতিশয্যৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷
  • ছিক্কিমঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৪৯ জন আৰু ৫৮১ জনক মুকলি কৰি দিয়া হৈছে৷

 



(Release ID: 1645601) Visitor Counter : 164