জল শক্তি মন্ত্ৰালয়

‘স্বচ্ছ ভাৰত অকাডেমী’ৰ শুভাৰম্ভ কৰিলে জল শক্তি বিভাগৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱটে

‘এছবিএম(জি)’-ৰ দ্বিতীয় পৰ্যায়ৰ লক্ষ্যত উপনীত হ’বলৈ ‘অ’ডিএফ প্লাছ’ সম্পৰ্কীয় ‘আইভিআৰ’-ভিত্তিক বিনামূলীয়া মোবাইল অনলাইন পাঠ্যক্ৰম শিকাটো জৰুৰী হ’ব

Posted On: 11 AUG 2020 2:13PM by PIB Guwahati

সৰ্ব সাধাৰণ জনতাৰ অভ্যাসগত আচৰণৰ পৰিৱৰ্তন সাধন কৰি দেশক পৰিচ্চন্ন কৰি তোলাৰ উদ্দেশ্যে ৰূপায়ণ কৰা সপ্তাহ জোৰা গণ্ডেগী মুক্ত ভাৰত অভিযান অংশ হিচাপে আজি কেন্দ্ৰীয় জল শক্তি বিভাগৰ মন্ত্ৰী শ্ৰী গ়জেন্দ্ৰ সিং শেখাৱটে স্বচ্চ ভাৰত মিছন অকাডেমীৰ শুভাৰম্ভ ঘোষণা কৰে। এই অকাডেমীৰ বাবে কৰ্তৃত্বশীল ভাবে আৱণ্টন দিয়া শুল্কমুক্ত আইভিআৰ নম্বৰত ডায়েল কৰি আৰু প্ৰত্যুত্তৰত অকাডেমীৰ তৰফৰ পৰা আদৰণি বাৰ্তা গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই শুভাৰম্ভ কাৰ্যসূচী সম্পন্ন কৰে। অভ্যাগত আচৰণৰ পৰিৱৰ্তন ধাৰাবাহিক ভাবে সাধন কৰাৰ লগতে সংশ্লিষ্ট পক্ষ অৰ্থাত স্বচ্ছাগ্ৰহীসকলৰ উপৰি অন্যান্য ক্ষেত্ৰ প্ৰাধিকাৰীসকলে, এই এছবিএম(জি)-ৰ দ্বিতীয় পৰ্যায়ৰ লক্ষ্যত উপনীত হ’বলৈ ‘অ’ডিএফ প্লাছ’ সম্পৰ্কীয় ‘আইভিআৰ’-ভিত্তিক বিনামূলীয়া মোবাইল অনলাইন পাঠ্যক্ৰম শিকাটো জৰুৰী হ’ব

স্বচ্ছ ভাৰত মিছন অভিযান(গ্ৰামীণ)য়ে অনাময়ৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰসংগক গণ আন্দোলৰ ৰূপ দিয়াৰ পৰিপ্ৰেক্ষিতত গ্ৰাম্য ভাৰতৰ সামগ্ৰিক পৰিৱেশলৈ অহা ৰূপান্তৰ আক্ষৰিক অৰ্থতে অভুতপূৰ্ব বুলি উল্লেখ কৰা মন্ত্ৰীগৰাকীয়ে কয় যে এয়া এনে এক ৰূপান্তৰৰ নিদৰ্শন যাক পৃথিৱীয়ে ইমানদিনে প্ৰত্যক্ষই কৰা নাছিল। এই আন্দোলনৰ সফলতাৰ বাবেই ২০১৯চনৰ ২অক্টোবৰত সমগ্ৰ ভাৰতৰ প্ৰতিখন গাঁও, প্ৰতিখন জিলা আৰু প্ৰতিখন ৰাজ্যকে মুকলিত শৌচ মুক্ত(অডিএফ) অঞ্চল বুলি ঘোষণা কৰিব পৰা গৈছিল। এই সাফল্যৰ জেৰ টানিয়ে স্বচ্ছ ভাৰত মিছন-দ্বিতীয় পৰ্যায়ৰ অভযান চলিত বছৰৰ প্ৰথম ভাগতে আৰম্ভ কৰা হৈছিল।

অনুষ্ঠানত জল শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰতন লাল কাটাৰিয়াইয়ো ভাষণ দি এই অভিযানৰে সংযুক্ত হোৱা সংশ্লিষ্ট সকলো পক্ষকে অভিনন্দন জ্ঞাপন কৰে।

সদ্যহতে এছবিএম অকাডেমী-ৰ বিষয়বস্তুসমূহ হিন্দী ভাষাত উপলব্ধ হব আৰু ব্যৱহাৰকাৰীসকলে মোবাইল ফোনৰ জৰিয়তে শুল্কবিহীন ১৮০০১৮০০৪০৪ নম্বৰত ডায়েল কৰি শ্ৰাব্য বাৰ্তাৰ ৰূপত প্ৰেৰিত সম্পূৰ্ণ বক্তব্য শুনাটো জৰুৰী হব।

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে অনলাইনৰে একাংশ স্বচ্ছাগ্ৰহী, ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মকৰ্তা আৰু ৰাজ্যিক পৰ্যায়ৰ বিষয়াবৰ্গৰ সৈতেও বাৰ্তালাপ কৰে।

 

*******

 

APS/SG/MG/KB



(Release ID: 1645403) Visitor Counter : 195