শক্তি মন্ত্ৰালয়

চলিত বিত্তীয় বৰ্ষত ১০০ বিলিয়ন ইউনিটতকৈ অধিক বিদ্যুত্ উত্পাদন কৰিছে এনটিপিচিয়ে

Posted On: 08 AUG 2020 1:09PM by PIB Guwahati

এনটিপিচি লিমিটেডৰ এক বিবৃতি অনুসৰি চলিত বিত্তীয় বৰ্ষত ১০০ বিলিয়ন ইউনিটতকৈ অধিক বিদ্যুত্ উত্পাদনৰ লক্ষ্য পূৰণ কৰিছে এনটিপিচিয়ে

কেন্দ্ৰীয় বিদ্যুত্ কৰ্তৃপক্ষ(চিইএ)ই প্ৰকাশ কৰা তথ্য অনুসৰি ছত্তিশগড়ৰ কোব্ৰা এনটিপিচি(২৬০০মেগাৱাট)য়ে এপ্ৰিলৰ পৰা জুলাইলৈকে ৯২.৪২ শতাংশ প্লাণ্ট লোড ফেক্টৰ(পিএলএফ)ৰ সৈতে ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী তাপ বিদ্যুত প্ৰকল্প হিচাপে বিবেচিত হৈছে।

এনটিপিচিৰ আৰু ৫টা আন বিদ্যুত প্ৰকল্পই দৃষ্টান্তমূলক উত্পাদন কৰিবলৈ সক্ষম হৈছে।এই প্ৰকল্পসমূহ হৈছে-চত্তিশগড়ৰ এনটিপিচি চিপাট(২৯৮০মেগাৱাট),উত্তৰ প্ৰদেশৰ এনটিপিচি ৰিহান্দ(৩০০০মেগাৱাট) আৰু এনটিপিচি বিন্ধাচল(৪৭৬০মেগাৱাট), উৰিষ্যাৰ এনটিপিচি তালচেৰ কানিহা(৩০০০মেগাৱাট) আৰু এনটিপিচি তালচেৰ থাৰ্মেল(৪৬০মেগাৱাট)। পিএলএফ প্ৰদৰ্শনৰ ভিত্তিত এই প্ৰকল্পসমূহ দেশৰ শীৰ্ষ ১০ তাপ বিদ্যুত প্ৰকল্পত অন্তৰ্ভুক্ত হৈছে।

ইয়াৰ উপৰি ক্ৰমে ১৯৮৪ চনৰ জানুৱাৰী আৰু ১৯৮২ চনৰ জুনত আৰম্ভ কৰা উত্তৰ প্ৰদেশৰ এনটিপিচি ছিংগ্ৰাউলিৰ দুটা ২০০মেগাৱাট সম্পন্ন ইউনিট-ইউনিট ৪ আৰু ইউনিট ১-এ এপ্ৰিলৰ পৰা জুলাই ২০২০ লৈকে ক্ৰমে ৯৯.৯০শতাংশ আৰু ৯৯.৮৭ শতাংশৰ জৰিয়তে দেশত সৰ্বোচ্চ পিএলএফ লাভ কৰিছে।

এনটিপিচিৰ মুঠ উত্পাদন ক্ষমতা ৬২.৯গিগাৱাট। ইয়াৰ ৭০টা বিদ্যুত উত্পাদন কেন্দ্ৰ আছে। ইয়াৰে ২৪টা কয়লাচালিত, ৭টা সংযুক্ত চক্ৰ গেছ আৰু তৰল ইন্ধন, ১টা জলবিদ্যুত, ১৩টা পুনৰনৱীকৰণযোগ্য আৰু ২৫টা পৰিপূৰক আৰু জেভি বিদ্যুত কেন্দ্ৰ ।পুনৰ নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ ৫ গিগাৱাটকে ধৰি এই গোটৰ আৰু ২০ গিগাৱাট বিদ্যুত উত্পাদন প্ৰকল্পৰ কাম চলি আছে।

***

RCJ/M/KG



(Release ID: 1644944) Visitor Counter : 125