স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ ক’ভিড-১৯ৰ দ্বাৰা আৰোগ্য হোৱা লোকৰ সংখ্যাই ১.৫ মিলিয়নৰ সীমা অতিক্ৰম কৰিছে

আজি এদিনতে সৰ্বাধিক ৫৪,৮৫৯ জন লোকে আৰোগ্য লাভ কৰিছে

সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা ৯ লাখ অধিক হৈছে

মৃত্যুৰ হাৰ ২%লৈ অৱনমিত হৈছে

Posted On: 10 AUG 2020 11:52AM by PIB Guwahati

ভাৰতত আজি ক’ভিড-১৯ৰ ফলত আৰোগ্য হোৱা লোকৰ সংখ্যাই ১.৫ মিলিয়নৰ সংখ্যা অতিক্ৰম কৰিছে৷ এই ১৫,৩৫,৭৪৩ সংখ্যক ৰোগীয়ে আৰোগ্য পোৱাৰ মূল কাৰণ হ’ল সক্ৰিয়তাৰে কৰা চিকিৎসা তথা ব্যাপক অনুসৰণ৷

বিগত ২৪ ঘণ্টাত ৫৪,৮৫৯ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ ৭০%লৈ বৃদ্ধি পাইছে৷

ভাৰতত সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৯ লাখতকৈও অধিক হৈছে৷

কেন্দ্ৰ চৰকাৰ তথা ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ সক্ৰিয় পৰীক্ষণ তথা কাৰ্যকৰী ক্লিনিকেল ব্যৱস্থাপনাৰ ফলত মৃত্যুৰ হাৰ ২%লৈ অৱনমিত হৈছে৷

এয়াও গুৰুত্বপূৰ্ণ যে ১০খন ৰাজ্যত ক’ভিড-১৯ৰ ফলত সংক্ৰমিত হোৱা ৰোগীৰ সংখ্যা এতিয়াও  ৮০%ত কৈ অধিক প্ৰদৰ্শিত কৰি আছে৷ এই সন্দৰ্ভত সেই ৰাজ্যসমূহত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

 

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

MV/SG/MANN

HFW/COVID Updates/10Aug2020/1

 

****



(Release ID: 1644941) Visitor Counter : 181