PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 10 AUG 2020 7:22PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

 

ভাৰতৰ ক’ভিড-১৯ৰ দ্বাৰা আৰোগ্য হোৱা লোকৰ সংখ্যাই ১.৫ মিলিয়নৰ সীমা অতিক্ৰম কৰিছে; মৃত্যুৰ হাৰ ২%লৈ অৱনমিত হৈছে

ভাৰতত আজি ক’ভিড-১৯ৰ ফলত আৰোগ্য হোৱা লোকৰ সংখ্যাই ১.৫ মিলিয়নৰ সংখ্যা অতিক্ৰম কৰিছে৷ এই ১৫,৩৫,৭৪৩ সংখ্যক ৰোগীয়ে আৰোগ্য পোৱাৰ মূল কাৰণ হ’ল সক্ৰিয়তাৰে কৰা চিকিৎসা তথা ব্যাপক অনুসৰণ৷

বিগত ২৪ ঘণ্টাত ৫৪,৮৫৯ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ ৭০%লৈ বৃদ্ধি পাইছে৷

ভাৰতত সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা ৯ লাখতকৈও অধিক হৈছে৷

কেন্দ্ৰ চৰকাৰ তথা ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ সক্ৰিয় পৰীক্ষণ তথা কাৰ্যকৰী ক্লিনিকেল ব্যৱস্থাপনাৰ ফলত মৃত্যুৰ হাৰ ২%লৈ অৱনমিত হৈছে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জলৈ ছাবমেৰিন কেবল সংযোগ ব্যৱস্থা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জলৈ ছাবমেৰিন অপ্টিকেল ফাইবাৰ কেবল সেৱা মুকলি কৰি দেশবাসীলৈ উৎসৰ্গিত কৰে৷ এই সেৱা মুকলি কৰি তেওঁ কয় যে ২৩০০ কিলোমিটাৰৰ ছাবমেৰিন কেবল সেৱা সময়তকৈ পূৰ্বে স্থাপন কৰাটো অতিশয় প্ৰশংসাৰ যোগ্য৷  ইয়াৰ দ্বাৰা অঞ্চলটো ডিজিটেল ইণ্ডিয়াৰ সুবিধাসমূহ লাভ কৰিব পাৰিব৷

অধিক বিৱৰণৰ বাবে

আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জলৈ ছাবমেৰিন কেবল সংযোগ ব্যৱস্থা মুকলি কৰা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

ছয়খন ৰাজ্যৰ বান পৰিস্থিতিৰ খতিয়ান লোৱাৰ বাবে প্ৰধানমন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ছয়খন বান অধ্যূষিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ এই ছয়খন ৰাজ্য হ’ল অসম, বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু কেৰালা৷ বৈঠকত প্ৰধানমন্ত্ৰীয়ে ক’ভিডৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহক বান সাহায্য প্ৰদান কৰাৰ সময়ত স্বাস্থ্যৰ ক্ষেত্ৰতো মনোযোগ দিবলৈ আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ মহামাৰীৰৰ সময়ছোৱাত উমঙৰ জৰিয়তে ইপিএফঅ’য়ে আগবঢ়াইছে সমস্যাবিহীন সেৱা

ইউনিফাইড ম’বাইল এপ্লিকেচন ফ’ৰ নিউ এজ গভাৰ্নেন্স চমুকৈ উমং শীৰ্ষক এপ্লিকেচনটোৰ জৰিয়তে ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত কৰ্মচাৰী ভৱিষ্যৎ নিধি সংস্থা (ইপিএফঅ’)ৰ সেৱা গ্ৰহণকাৰীসকলে সমস্যা নোহোৱাকৈ ঘৰতে থাকি ইয়াৰ সুবিধা লাভ কৰিছে৷ বৰ্তমানে পিএফৰ সদস্যসকলে উমং এপত ১৬টা পৰ্যন্ত ইপিএফঅ’ৰ সেৱা লাভ কৰি আছে৷

অধিক বিৱৰণৰ বাবে

চৰকাৰে কূটনৈতিক ক্ষেত্ৰ তথা সীমান্তৱৰ্তী এলেকাত অৱস্থিত ৪৯৮ খন গাঁৱত প্ৰদান কৰিব ম’বাইল সেৱা- শ্ৰী ৰবি শংকৰ প্ৰসাদ

বৈদ্যুতিক তথা তথ্য প্ৰযুক্তি, যোগাযোগ আৰু আইন তথা ন্যায় মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে ভাৰত চৰকাৰে জম্মু-কাশ্মীৰ আৰু লাডাখ তথা বিহাৰ, ৰাজস্থান, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু গুজৰাটৰ অন্যান্য এলেকাকে ধৰি কূটনৈতিক ক্ষেত্ৰ আৰু সীমান্তৱৰ্তী এলেকাত মুঠ ৪৯৮খন গাঁৱত ম’বাইল সেৱা প্ৰদান কৰিব৷

অধিক বিৱৰণৰ বাবে

চৰকাৰে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপসমূহৰ জৰিয়তে এমএছএমই খণ্ডই বৃহৎ সঁকাহ লাভ কৰাৰ লগত অৰ্থনীতিৰ চক্ৰও ত্বৰান্বিত হৈছেঃ শ্ৰী নীতিন গাডকাৰী

ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে কয় যে শেহতীয়াকৈ চৰকাৰে এমএছএমই খণ্ডত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বাবে অৰ্থনীতিৰ চক্ৰ ত্বৰান্বিত হৈছে যি লকডাউনৰ সময়ছোৱাত মন্থৰ গতিত চলি আছিল৷ মন্ত্ৰীগৰাকীয়ে  আজি ভাৰ্চুৱেল এমএছএমই সমাৰোহত অংশগ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

প্ৰতিৰক্ষা মন্ত্ৰীয়ে উপ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত তিনি বছৰীয়া কাৰ্যকাল সন্দৰ্ভত এখন গ্ৰন্থ মুকলি কৰিবঃ শ্ৰী প্ৰকাশ জাভাড়েকাৰে এই গ্ৰন্থৰ ই-সংস্কৰণ মুকলি কৰিব

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে তেওঁৰ কাৰ্যালয়ত তিনি বছৰীয়া কাৰ্যকাল সন্দৰ্ভত ‘‘কানেক্টিং, কমিউনিকেটিং, চেঞ্জিং’ শীৰ্ষক এখন গ্ৰন্থ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে কাইলৈ মুকলি কৰিব৷  এই গ্ৰন্থখনৰ ই-সংস্কৰণ মুকলি কৰিব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে৷

অধিক বিৱৰণৰ বাবে

বিত্ত মন্ত্ৰীয়ে মুকলি কৰিলে ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ অনলাইন ডেশ্বব’ৰ্ড

কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰণমে আজি ভিডিঅ’ কনফাৰেন্সযোগে ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ (এনআইপি) অনলাইন ডেশ্বব’ৰ্ড মুকলি কৰে৷  এই ডেশ্বব’ৰ্ড ইণ্ডিয়া ইনভেষ্টমেন গ্ৰীড (আইআইজি)(www.indiainvestmentgrid.gov.in)ত প্ৰদৰ্শিত হ’ব৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় সামগ্ৰীসমূহে অন্য দেশসমূহত পৌনঃপুনিক ক্ৰমত উপলব্ধ হোৱাটো উচিত

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আজি পাঁচদিনীয়া ভাৰ্চুৱেল এফএমচিজি যোগান শৃংখল মেলা ২০২০ৰ পঞ্চম সংস্কৰণ মুকলি কৰি কয় যে আমি সকলোৱে পচ্ছাদ ক’ভিড-১৯ৰ বিশ্বৰ বাস্তৱিক সত্যৰ বিষয়ে অৱগত৷ তেওঁ কয় যে ভাৰতে বিশ্বৰ সৈতে সমভাৱে ব্যৱসায়ৰ অংশীদাৰ হ’ব পাৰে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

    • পাঞ্জাৱঃ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কয় যে ৰাজ্যখনৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে ৰাজ্যখনত ক’ভিড-১৯ৰ পৰীক্ষণ ক্ষমতা বৃদ্ধিৰ বাবে নতুন ক’ভিড ভাইৰেল পৰীক্ষণ গৱেষণাগাৰ স্থাপন কৰিছে৷
    • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৫.১৫ লাখ৷ আৰোগ্য লাভ কৰিছে ৩,৫১,৭১০ জনে৷
    • গুজৰাটঃ আহমেদাবাদ ক’ভিড-১৯ৰ পৰিঘটনা স্থিৰ অৱস্থালৈ আহিলেও আইচিও কেয়াৰ আৰু ভেণ্টিলেটৰ সমৰ্থনৰ প্ৰয়োজন হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷
    • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৩,০৯৫ জন৷ মৃত্যু হৈছে ৭৯৫ জনৰ৷
    • মধ্য প্ৰদেশঃ ৰাজ্যখনত এই পৰ্যন্ত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯০০৯ জন৷
    • গোৱাঃ দেওবাৰে ৫০৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
    • অৰুণাচল প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ৫২ জন লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৩৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৭০ জন৷
    • মণিপুৰঃ মণিপুৰত বৰ্তমানে ৯৯৬ জন লোক চৰকাৰী কোৱাৰেণ্টিনত আছে, ১৫৮০ জন ৰাজহুৱা কোৱাৰেণ্টিন আৰু ৪১৯ জন লোকে পেইড কোৱাৰেণ্টিনত আছে৷
    • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৭৮১ জন৷
    • মিজোৰামঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬২০ জন আৰু ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা ৩২২ জন৷
    • ছিক্কিমঃ মুঠ ৫১০ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৯৯ জন৷
    • কেৰালাঃ এই পৰ্যন্ত ১২,৩৪৭ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ১,৪৯,৩৫৭ জন লোক নিৰীক্ষণৰ অধীনত আছে৷
    • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৯৬,৯০১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৩,৩৩৬ জন৷ ৪৯২৭ জনৰ  মৃত্যু হৈছে৷
    • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৭,৮,০৮৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮০,৯৭৩ জন৷ মুঠ ৩১৯৮ জনৰ মৃত্যু হৈছে৷
    • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,২৭,৮৬০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৭,১১২ জন৷ মৃত্যু হৈছে ২০৩৬ জনৰ৷
    • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৮০,৭৫১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২,৫২৮ জন৷ ৬৩৭ জনৰ মৃত্যু হৈছে৷ ৫৭,৫৮৬ জনক মুকলি কৰি দিয়া হৈছে৷

ফেক্ট চেক

Image

Image

 



(Release ID: 1644936) Visitor Counter : 203