স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত এদিনতে সম্পন্ন হৈছে ৭,১৯,৩৬৪ টা পৰীক্ষণ

এই পৰ্যন্ত ২,৪১,০৬,৫৩৫ টা পৰীক্ষণ সম্পন্ন কৰা হৈছে

Posted On: 09 AUG 2020 3:16PM by PIB Guwahati

ভাৰতে এদিনতে অভিলেখ সংখ্যক ৭ লক্ষাধিক ক’ভিড-১৯ৰ পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে৷ বিগত কেইবাদিনৰো পৰা প্ৰতিদিনে ৬ লক্ষাধিককৈ পৰীক্ষণ সম্পন্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিগত ২৪ ঘণ্টাত ভাৰতত পৰীক্ষণৰ এই সংখ্যা বৃদ্ধি হৈ ৭,১৯,৩৬৪ৰ সীমা স্পৰ্শ কৰিবলৈ সক্ষম হৈছে৷

ৰাজ্যসমূহক উপযুক্ত অনুসৰণ, কাৰ্যকৰী চিকিৎসা আদিৰ দিশত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হৈছে৷ যিবোৰ ৰাজ্যত মৃত্যুৰ হাৰ অধিক প্ৰদৰ্শিত কৰিছে সেই ৰাজ্যসমূহৰ সৈতে বিগত কেইবাটাও সপ্তাহত কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে৷

ভাৰতত এদিনতে ক’ভিড-১৯ৰ পৰা অভিলেখ সংখ্যক ৫৩,৮৭৯ জন লোকে আৰোগ্য লাভ কৰিছে৷  এই পৰ্যন্ত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হ’ল ১৪,৮০,৮৮৪ জন৷ আৰোগ্য হোৱা লোকৰ সংখ্যা সক্ৰিয় ৰোগীৰ তুলনাত ২.৩৬ গুণ বৃদ্ধি পাইছে৷

আৰোগ্যৰ হাৰ আজি পৰ্যন্ত ৬৮.৭৮% হৈছে৷

Description: C:\Users\Admin\Downloads\WhatsApp Image 2020-08-09 at 2.16.52 AM.jpeg

আৰোগ্য হোৱা আৰু সক্ৰিয় ৰোগীৰ মাজৰ পাৰ্থক্য আজি ৮,৫২,১৩৭ হৈছে৷

মৃত্যুৰ হাৰ ২.০১%লৈ আজি অৱনমিত হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/MANN



(Release ID: 1644616) Visitor Counter : 156