PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 07 AUG 2020 6:29PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

আৰোগ্যৰ হাৰ ৬৮%ৰ সৈতে নতুন অভিলেখ ৰচিত হৈছে; মৃত্যুৰ হাৰ (চিএফআৰ) ক্ৰমান্বয়ে অৱনমিত হৈ আজি ২.০৫% হৈছে

ভাৰতে ক’ভিড-১৯ৰ সু-ব্যৱস্থাপনাৰ ফলত দুটা উল্লেখযোগ্য সফলতা লাভ কৰিছে৷ এটা হ’ল  ক’ভিড-১৯ৰ ৰোগীসকলৰ মাজত আৰোগ্যৰ হাৰ বৃদ্ধি হৈছে আৰু আনটো হ’ল মৃত্যুৰ হাৰ ক্ৰমান্বয়ে অৱনমিত হৈছে৷ আৰোগ্যৰ হাৰ ৬৮%লৈ বৃদ্ধি হোৱাৰ বিপৰীতে মৃত্যুৰ হাৰ ২.০৫%লৈ অৱনমিত হৈছে৷ সক্ৰিয় ৰোগী আৰু আৰোগ্য হোৱা লোকৰ মাজৰ ব্যৱহাৰ ৭.৭ লক্ষাধিক হৈছে৷

বিগত ২৪ ঘণ্টাত ৪৯,৭৬৯ জন ৰোগীয়ে আৰোগ্য লাভ কৰাৰ জৰিয়তে এই পৰ্যন্ত মুঠ ১৩,৭৮,১০৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷

কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ চৰকাৰৰ সামূহিক প্ৰয়াসৰ দ্বাৰা ৰোগবিধৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাত সফলতা লাভ কৰাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যাও ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে৷

অধিক বিৱৰণৰ বাবে

 

বিগত ২৪ ঘণ্টাত ৬,৬৪,৯৪৯ টা পৰীক্ষণেৰে ভাৰতৰ অভিলেখ সৃষ্টি; ৩য় দিনলৈ একেৰাহে ৬ লক্ষাধিক পৰীক্ষণ সম্পন্ন হৈছে; প্ৰতি মিলিয়নত পৰীক্ষণৰ সংখ্যা ১৬,০০০ৰ সংখ্যা অতিক্ৰম কৰিছে

‘পৰীক্ষণ, অনুসৰণ আৰু চিকিৎসা’ কৌশলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভাৰতে তৃতীয় দিনলৈ একেৰাহে ৬ লক্ষাধিক ক’ভিড-১৯ৰ পৰীক্ষণ সম্পন্ন কৰিবলৈ সক্ষম হৈছে৷ বিগত ২৪ ঘণ্টাত ৬,৬৪,৯৪৯টা পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ এই পৰ্যন্ত মুছ ২,২১,৪৯,৩৫১ টা পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ এই পৰ্যন্ত দেশত ১৩৭০টা গৱেষণাগাৰত উক্ত পৰীক্ষণসমূহ সম্পন্ন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

উচ্চ শিক্ষাৰ সমাৰোহত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণ প্ৰদান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চ শিক্ষাৰ সমাৰোহত মুকলি ভাষণ প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ৩-৪ বছৰৰ অলেখ চিন্তা-চৰ্চা তথা দিহা-পৰামৰ্শ গুণগঁথা কৰাৰ পিছত এই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অনুমোদন জনোৱা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিত শিক্ষাৰ ক্ষেত্ৰত গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ আদৰ্শসমূহো প্ৰতিফলিত হৈছে যাৰ দ্বাৰা আমাৰ জীৱনত সামঞ্জস্য ধৰি ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

উচ্চ শিক্ষা সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা পৰ্যায়-১; ভাৰতীয় খাদ্য নিগমে মাৰ্চ ২০২০ৰ পৰা জুন ২০২০লৈ মুঠ ১৩৯ লাখ মেট্ৰিকটন খাদ্য স্থানান্তৰ কৰিছে

২৪ মাৰ্চৰ পৰা ৩০ জুন ২০২০ তাৰিখলৈ ভাৰতীয় খাদ্য নিগমে প্ৰায় ১৩৯ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী স্থানান্তৰ কৰিছে৷ এই প্ৰক্ৰিয়াত তেওঁলোকে ৫০০০টা ৰেকৰ সহায়ত প্ৰায় ১৪.৭ লাখ মেট্ৰিকটন খাদ্য ৯১,৮৭৪ খন ট্ৰাকেৰে সমগ্ৰ দেশত বিতৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

শিক্ষাৰ্থীসকলৰ মূৰৰ বোজা লাঘৱ কৰা নতুন শিক্ষা নীতিক উপ ৰাষ্ট্ৰপতিৰ প্ৰশংসা

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে শিক্ষাৰ্থীসকলৰ মূৰৰ বোজা লাঘৱ কৰা নতুন শিক্ষা নীতিক আদৰণি জনাইছে৷ এই সন্দৰ্ভত উপ ৰাষ্ট্ৰপতিয়ে শিক্ষাৰ্থীসকলৰ বাবে শাৰীৰিক কাৰ্যকলাপ আৰু ক্ৰীড়াকো সমানেই গুৰুত্ব দিবলৈ তেওঁলোকক উৎসাহিত কৰাটো প্ৰয়োজন বুলি উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীৰ তিনিটা শব্দৰ মন্ত্ৰ ‘‘সংস্কাৰ-ৰূপায়ন-পৰিৱৰ্তন’ৰ বিষয়ে উল্লেখ কৰি তেওঁ প্ৰত্যেককে ৰাষ্ট্ৰক পৰিৱৰ্তিত কৰাৰ দিশত কৰ্তব্য সমাপন কৰিবলৈ আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

 

 

শ্ৰী নৰেন্দ্ৰ  সিং টোমৰ আৰু শ্ৰী পীয়ুষ গোৱেলে দেৱলালি (মহাৰাষ্ট্ৰ)ৰ পৰা দানাপুৰ (বিহাৰ)লৈ ‘কিষাণ ৰে’ল’ শীৰ্ষক এক বিশেষ পাৰ্চেল ৰে’লৰ ফ্লেগ অফ্ কৰিলে

ভাৰতীয় ৰে’লৱেয়ে আজি প্ৰথমবাৰলৈ দেৱলালিৰ পৰা দানাপুৰলৈ ‘কিষাণ ৰে’ল’ শীৰ্ষক এক ৰে’লৰ মুকলি কৰিছে৷ এই বিশেষ ৰে’লখনৰ ভিডিঅ’ কনফাৰেন্সিংযোগে ফ্লেগ অফ্ কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু ৰে’লৱে তথা বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে৷ এই ৰে’লৰ দ্বাৰা কৃষকসকলৰ উপাৰ্জন দুগুণ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতত উপস্থিত হোৱা আন্তৰ্জাতিক বিমান যাত্ৰীসকলৰ বাবে দিল্লী বিমানবন্দৰে মুকলি কৰিলে এক প’ৰ্টেল

দিল্লী আন্তৰ্জাতিক বিমানবন্দৰ লিমিটেডে আজি এক প’ৰ্টেল মুকলিৰ বিষয়ে ঘোষণা কৰে৷ এই প’ৰ্টেলৰ জৰিয়তে ভাৰতত উপস্থিত হোৱা আন্তৰ্জাতিক যাত্ৰীসকলৰ কোনোৱে যদি বাধ্যতামূলক আনুষ্ঠানিক কোৱাৰেণ্টিনৰ সুবিধা ল’ব নিবিচাৰে তেন্তে তেওঁ অনলাইনযোগে এক স্ব-ঘোষণাপত্ৰৰ জৰিয়তে আবেদন কৰিব লাগিব৷

অধিক বিৱৰণৰ বাবে

 

নাবিকসকলৰ বাবে শ্ৰী মনসুখ মাণ্ডৱ্যই মুকলি কৰিলে অনলাইন প্ৰস্থান পৰীক্ষণ প্ৰণালী

কেন্দ্ৰীয় ৰাজ্যিক জাহাজ পৰিবহণ (স্বতন্ত্ৰ) মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডৱ্যই ভাৰ্চুৱেল বৈঠকযোগে আজি নাবিকসকৰ বাবে অনলাইন প্ৰস্থান পৰীক্ষণ প্ৰণালী মুকলি কৰে৷ এতিয়াৰে পৰা বিভিন্ন সামুদ্ৰিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণ লাভ কৰা নাবিকসকলে ঘৰৰে পৰা পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে চিকিৎসা বিশেষজ্ঞৰ এক কমিটিক ৰাজ্যখনৰ তিনিখন প্ৰধান চিকিৎসা প্ৰতিষ্ঠানৰ বিদ্যমান সুবিধা অধ্যয়ন কৰিবলৈ নিৰ্দেশ দিছে৷
  • পাঞ্জাৱঃ পাঞ্জাৱৰ পৰ্যটন বিভাগে ৰাজ্যখনৰ পৰ্যটন আৰু আতিখ্য খণ্ডৰ কেৰিয়াৰৰ বাবে আগ্ৰহী যুৱচামক বিনামূলীয়া দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰিব৷
  • হাৰিয়ানাঃ হাৰিয়ানা মুখ্যমন্ত্ৰীয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীসকলক অন্য ৰোগীসকলক অনুপ্ৰেৰণা দিয়াৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে৷
  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত ক’ভিড-১৯ৰ পৰীক্ষণৰ বাবে ৯৮,০০০ত কৈও অধিক নমুনা সংগ্ৰহ কৰা হৈছে৷
  • মণিপুৰঃ মণিপুৰ চৰকাৰে চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ক সকলো নন-ক’ভিড ৰোগীলৈ বিলম্ব নোহোৱাকৈ চিকিৎসা আগবঢ়াবলৈ সকীয়াই দিছে৷  
  • মিজোৰামঃ আজি পুৱা ৯ বজালৈ ৩২০জন লোকৰ ৰেপিড এণ্টিজেন পৰীক্ষণ সম্পন্ন কৰা হৈছে আৰু ১৮ জন ট্ৰাক চালক আৰু এজন অন্য লোকৰ দেহত ক’ভিড-১৯ৰ বীজাণু ধৰা পৰিছে৷
  • ছিক্কিমঃ আজি ২৫ জন লোক নতুনকৈ ৰোগত আত্ৰান্ত হৈছে৷ এই পৰ্যন্ত ৩৯৯ জন ৰোগীয়ে আৰোগ্য লাভ কৰি মুকলি হৈছে আৰু ৪৪৬ জন সক্ৰিয় ৰোগী আছে৷
  • কেৰালাঃ মুঠ ১১,৯৮৩ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ১,৪৮,০৩৯ জন লোক ৰাজ্যখনৰ বিভিন্ন স্থানত নিৰীক্ষণত অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৭৯,১৪৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৩,৪৮৬ জন৷ ৪৫৭১ জনৰ মৃত্যু হৈছে৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১৭২০ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৫৮,২৫৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৫,০৬৮ জন৷ ২৮৯৭ জনৰ মৃত্যু হৈছে৷ আৰোগ্য লাভ কৰিছে ৮০,২৮১ জনে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৯৬,৭৮৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮২,১৬৬ জন৷ ১৭৫৩ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৫,২৫৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২১,৪১৭ জন৷ ৬০১ জনৰ মৃত্যু হৈছে৷ ৫৩,২৩৯ জনক মুকলি কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ৪.৭৯ জন৷ আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১.৪৬ লাখ৷ মহাৰাষ্ট্ৰত এদিনতে ১১,৫১৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৭,৮১৮ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৯০৫ জন৷ ১০৩৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • মধ্য প্ৰদেশঃ বৃহস্পতিবাৰে ৮৩০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে আৰু ৮৩৮ জন লোকে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৭১৬ জন৷
  • চট্টিশগড়ঃ শুকুৰবাৰৰ পৰা ৰায়পুৰৰ দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহ মুকলি হৈছে৷ ৰাজ্যখনত দুসপ্তাহৰ লকডাউনৰ পিছত আজি কিছু শিথিলতা প্ৰদান কৰি দোকান-পোহাৰসমূহ মুকলি কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে৷
  • চিপলাঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ৭৬১৪ জন৷ ইয়াৰে ২০৯৫ জন হ’ল সক্ৰিয় ৰোগী৷ ৰাজ্যখনৰ প্ৰশাসনে ক’ভিড-১৯ৰ ৰোগীৰ মাজত ৰেমডেছিভিৰ এণ্টি-ভাইৰেল ঔষধ প্ৰয়োগ আৰম্ভ কৰিছে৷

Image

Image

 



(Release ID: 1644198) Visitor Counter : 129