পোষ্ট কৰা হৈছে:
07 AUG 2020 2:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ আগষ্ট ২০২০ তাৰিখে চেন্নাই আৰু প’ৰ্টব্লেয়াৰক সংযোগ কৰিব পৰাকৈ ছাবমেৰিন অপ্টিকেল ফাইবাৰ কেবলৰ সেৱা ভিডিঅ’ কনফাৰেন্সযোগে মুকলি কৰিব৷ এই ছাবমেৰিন কেবলে প’ৰ্টব্লেয়াৰক স্বৰাজ দ্বীৰ, লিটল আন্দামান, কাৰ নিকোবাৰ, কামৰ্টা, গ্ৰেট নিকোবাৰ, লং আইলেণ্ড আৰু ৰংগটৰ সৈতেও সংযোজিত কৰিব৷ এই সংযোগ ব্যৱস্থাৰ দ্বাৰা আন্দামান নিকোবাৰ দ্বীপপুঞ্জৰ মাজত লেণ্ডলাইন টেলিকম সেৱা অধিক দ্ৰুত আৰু উপযোগী হৈ উঠিব৷ এই প্ৰকল্পৰ আধাৰশিলা প্ৰধানমন্ত্ৰীয়ে ৩০ ডিচেম্বৰ ২০১৮ তাৰিখে প’ৰ্টব্লেয়াৰত স্থাপন কৰিছিল৷
সংবৰ্ধিত টেলিকম আৰু ব্ৰডবেণ্ড সংযোগ সেৱাই দ্বীপপুঞ্জত পৰ্যটন আৰু কৰ্ম সংস্থাপন বৃদ্ধিত সহায় কৰিব৷ তাৰোপৰি ই-শাসন, টেলিমেডিচিন সেৱা আদিও সম্প্ৰসাৰিত হোৱাৰ লগতে ক্ষুদ্ৰ উদ্যমীসকলে ই-কমাৰ্চৰ পৰাও উপকৃত হ’ব, শৈক্ষিক প্ৰতিষ্ঠানসমূহ উপকৃত হ’ব৷
এই প্ৰকল্পৰ বাবে ভাৰত চৰকাৰে টেলিকমিউনিকেচন বিভাগৰ অধীনত ইউএছঅ’এফৰ জৰিয়তে পুঁজিৰ যোগান ধৰিছে৷ ভাৰত সঞ্চাৰ নিগম লিমিটেডে এই প্ৰকল্পৰ ৰূপায়ন কৰিব৷ প্ৰায় ১২২৪ কোটি টকাৰে ২৩০০ কিলোমিটাৰ দৈৰ্ঘৰ
ছাবমেৰিন অএফচি কেবল স্থাপন কৰা হৈছে৷
*******
VRRK/RCJ/AK/MANN