PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 04 AUG 2020 8:19PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা দুগুণ হৈছে; আৰোগ্য হোৱা লোকৰ সংখ্যাই ১২.৩ লাখৰ সীমা অতিক্ৰম কৰিছে; আৰোগ্যৰ হাৰ হৈছে ৬৬.৩১%; মৃত্যুৰ হাৰ ২.১%লৈ অৱনমিত হৈছে

ভাৰতত মুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা হ’ল ১২,৩০,৫০৯ জন৷ বিগত ২৪ ঘণ্টাত ৪৪,৩০৬ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৬৬.৩১%৷  সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫,৮৬,২৯৮ জন৷

 

ভাৰতত বিগত ২৪ ঘণ্টাত ৬.৬ লক্ষাধিক নমুনা পৰীক্ষণ কৰা হৈছে; ২৮ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত প্ৰতিদিনে প্ৰতি  মিলিয়নত ১৪০টাত কৈও অধিক পৰীক্ষণ সম্পন্ন কৰা হৈছে; ২৮ খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশত পজিটিভিটীৰ হাৰ ১০%ত কৈও কম হৈছে

বিগত ২৪ ঘণ্টাত ৬,৬১,৮৯২ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ ইয়াৰ জৰিয়তে মুঠ ২,০৮,৬৪,৭৫০ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ ২৮ খন ৰাজ্য/ কেন্দ্ৰীয়শাসিত প্ৰদেশত প্ৰতিদিনে প্ৰতি মিলিয়নত ১৪০ টাত কৈও অধিক পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ বৰ্তমানে দেশত ১৩৫৬ টা গৱেষণাগাৰত উক্ত পৰীক্ষণবোৰ সম্পন্ন কৰা হৈছে৷

 

অসমে লাভ কৰিলে নিজাকৈ ২৪/৭ দুৰদৰ্শন চেনেল

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে আজি নতুন দিল্লীত ভিডিঅ’ কনফাৰেন্সযোগে অসমৰ বাবে ২৪ ঘণ্টীয়া দুৰদৰ্শন চেনেল মুকলি কৰিলে৷ এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই চেনেল অসমৰ ৰাইজলৈ উপহাৰ হিচাপে প্ৰদান কৰা হৈছে আৰু এই চেনেলটোৱে অসমৰ জনসাধাৰণৰ সকলো অংশকে সামৰি জনপ্ৰিয় হৈ উঠিব৷’’

মন্ত্ৰীগৰাকীয়ে সকলো ৰাজ্যৰে বাবে নিজাকৈ একোটাকৈ দুৰদৰ্শন চেনেল থকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি কয় যে অন্যান্য ৰাজ্যৰ চেনেলসমূহ ডিডি ফ্ৰি ডিশ্বত উপলব্ধ হৈছে৷  মন্ত্ৰীগৰাকীয়ে দুৰদৰ্শনৰ ছয়টা ৰাষ্ট্ৰীয় চেনেলত প্ৰচাৰিত কাৰ্যসূচীসমূহৰো প্ৰশংসা কৰে৷ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ উন্নতিৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ বিষয়ে আলোকপাত কৰি শ্ৰী জাভাড়েকাৰে কয় যে অঞ্চলটোত প্ৰাকৃতিক তথা মানৱ সম্পদৰ অপাৰ সম্ভাৱনা আছে আৰু অঞ্চলটোত বৰ্তমানে যোগাযোগ ব্যৱস্থাৰো উন্নতি হৈছে৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতীয় সেনাবাহিনীত মহিলা বিষয়ালৈ স্থায়ী আয়োগৰ অনুমোদন; আবেদন জমা কৰাৰ বাবে সেনা মুখ্য কাৰ্যালয়ে জাৰি কৰিলে সবিশেষ নিৰ্দেশনাৱলী

ভাৰতীয় সেনাবাহিনীত  মহিলা বিষয়াৰ স্থায়ী আয়োগৰ অনুমোদনৰ বাবে আনুষ্ঠানিকভাৱে চৰকাৰী অনুমোদন পত্ৰ লাভ কৰাৰ পিছত সেনাবাহিনীৰ মুখ্য কাৰ্যালয়ে মহিলা বিষয়াসকলৰ নিৰ্বাচনৰ বাবে ৫ জনীয়া বিশেষ সদস্যৰ এক ব’ৰ্ড গঠনৰ দিশত অগ্ৰসৰ হৈছে৷

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে মন্ত্ৰায়লৰ নিৰ্দেশাৱলীৰ অধীনত বিকশিত উচ্চ প্ৰাইমাৰী শিক্ষাবৰ্ষৰ বাবে এনচিআইআৰটিৰ আঠ সপ্তাহৰ বৈকল্পিক কেলেণ্ডাৰ মুকলি কৰিলে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ কালি ভাৰ্চুৱেলি উচ্চ প্ৰাইমাৰী শিক্ষাবৰ্ষৰ এক বৈকল্পিক কেলেণ্ডাৰ মুকলি কৰিছে৷ তেওঁ কয় যে এই কেলেণ্ডাৰখনে শিক্ষকসকলক বিভিন্ন প্ৰযুক্তিগত সঁজুলি আৰু ছ’চিয়েল মিডিয়াৰ সঁজুলিসমূহৰ বিষয়ে নিৰ্দেশনাৱলী প্ৰদান কৰিব৷

অধিক বিৱৰণৰ বাবে

 

লকডাউনৰ সময়ছোৱাত ই-নিলামৰ জৰিয়তে ইআৰে ২৯ কোটি টকাৰ অভিলেখসংখ্যক বৰ্জিতাংশ বিক্ৰী কৰিছে

প্ৰাণঘাতী ক’ৰোনা ভাইৰাছৰ বাবে বলৱৎ কৰা লকডাউন স্বত্বেও পূব ৰে’লৱেয়ে ২৯ কোটি টকাৰ বৰ্জিতাংশ বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

 

  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ১.৪৭ লাখ সক্ৰিয় ৰোগী আছে৷  মুম্বাইত ক্ৰমান্বয়ে সংক্ৰমণৰ ঘটনা হ্ৰাস পাইছে৷
  • গুজৰাটঃ সোমবাৰে ৯৭৪ জন লোকে আৰোগ্য লাভ কৰাৰ জৰিয়তে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৬১৪ জন৷
  • ৰাজস্থানঃ ১১৪৫ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হৈছে ৪৫,৫৫৫ জন৷
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত ৫৮৮ জন আৰক্ষীৰ দেহত ক’ৰোনাৰ বীজাণু পোৱা গৈছে৷ সোমবাৰে ৭৫০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • চট্টিশগড়ঃ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৫০৩ জন৷
  • কেৰালাঃ বৰ্তমানে ১১৪৮৪ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ১.৪৫ লাখ লোক বিভিন্ন জিলাত নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৬৩,২২২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৬,৬৯৮ জন৷ ৪২৪১ জনৰ মৃত্যু হৈছে৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৩৯,৫৭১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৪,৪৬৯ জন৷ ২৫৯৪ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৬৬,৫৮৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৬,৩৭৭ জন৷ ১৫৩৭ জনৰ মৃত্যু হৈছে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৮,৯৪৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৮,৭০৮ জন৷ ৫৬৩ জনৰ মৃত্যু হৈছে৷ ৪৯,৭৬৫ জন মুকলি  কৰি দিয়া হৈছে৷
  • মণিপুৰঃ মণিপুৰৰ সমাজ কল্যাণ মন্ত্ৰী শ্ৰী কিপগেন নেমচাই কাংপকপিৰ লেইকপত জিলা ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰিছে৷
  • মিজোৰামঃ পৰ্যটন মন্ত্ৰীয়ে স্বদেশ দৰ্শন আঁচনিৰ অধীনত ভাৰ্চুৱেলী ‘থেনজ’ল গ’ল্ফ ৰিজ’ৰ্ট’ মুকলি কৰে৷
  • নাগালেণ্ডঃ আজি ২৭৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ ইয়াৰে ১৮৭ জন ডিমাপুৰৰ আৰু ৮৯ জন মন জিলাৰ৷
  • ছিক্কিমঃ আজি ৯৫ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৭৩ জন৷ এই পৰ্যন্ত ২৮০৮৯ টা পৰীক্ষণ সম্পন্ন হৈছে৷

Image

Image


(Release ID: 1643398) Visitor Counter : 262