তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

অসমে নিজাকৈ লাভ কৰিলে ২৪/৭ দুৰদৰ্শন চেনেল

অসমৰ জনসাধাৰণলৈ উপহাৰ হিচাপে এই চেনেল মুকলি কৰা হৈছেঃ শ্ৰী প্ৰকাশ জাভাড়েকাৰ

ডিডি অসমে ৰাজ্যখনৰ শিক্ষাখণ্ডৰ উত্তৰণত প্ৰভূত বৰঙণি আগবঢ়াবঃ শ্ৰী অমিত খাড়ে

Posted On: 04 AUG 2020 2:52PM by PIB Guwahati

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে আজি নতুন দিল্লীত ভিডিঅ’ কনফাৰেন্সযোগে অসমৰ বাবে ২৪ ঘণ্টীয়া দুৰদৰ্শন চেনেল মুকলি কৰিলে৷ এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, "এই চেনেল অসমৰ ৰাইজলৈ উপহাৰ হিচাপে প্ৰদান কৰা হৈছে আৰু এই চেনেলটোৱে অসমৰ জনসাধাৰণৰ সকলো অংশকে সামৰি জনপ্ৰিয় হৈ উঠিব৷"

মন্ত্ৰীগৰাকীয়ে সকলো ৰাজ্যৰে বাবে নিজাকৈ একোটাকৈ দুৰদৰ্শন চেনেল থকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি কয় যে অন্যান্য ৰাজ্যৰ চেনেলসমূহ ডিডি ফ্ৰি ডিশ্বত উপলব্ধ হৈছে৷  মন্ত্ৰীগৰাকীয়ে দুৰদৰ্শনৰ ছয়টা ৰাষ্ট্ৰীয় চেনেলত প্ৰচাৰিত কাৰ্যসূচীসমূহৰো প্ৰশংসা কৰে৷ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ উন্নতিৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ বিষয়ে আলোকপাত কৰি শ্ৰী জাভাড়েকাৰে কয় যে অঞ্চলটোত প্ৰাকৃতিক তথা মানৱ সম্পদৰ অপাৰ সম্ভাৱনা আছে আৰু অঞ্চলটোত বৰ্তমানে যোগাযোগ ব্যৱস্থাৰো উন্নতি হৈছে৷

চেনেলটোৰ মুকলি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে৷ অসমৰ বাবে আজিৰ দিনটো বিশেষ উল্লেখযোগ্য বুলি মন্তব্য কৰি তেওঁ কয় যে এই চেনেলটোৰ দ্বাৰা অসমৰ বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ উন্নতিত সহায়ক হ’ব৷

ভিডিঅ’ কনফাৰেন্সযোগে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয় যে আজি অসমৰ বাবে আনন্দৰ দিন কিয়নো ৰাজহুৱা সম্প্ৰচাৰ ব্যৱস্থাত দুৰদৰ্শন অসম শীৰ্ষক এটা নতুন চেনেলৰ সংযোজন হ’ল৷

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী অমিত খাড়েয়ে কয় যে  বিগত বৰ্ষত প্ৰধানমন্ত্ৰীৰ দ্বাৰা ডিডি অৰুণপ্ৰভা মুকলি হোৱাৰ পিছৰে পৰা অসমৰ বাবে আচুতীয়াকৈ এটা চেনেল মুকলিৰ বিষয়ে পৰিকল্পনা কৰা হৈছিল৷ শ্ৰী খাড়েয়ে অসমক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ  বুলি অভিহিত কৰি ডিডি অসম চেনেলটোৰ জৰিয়তে অঞ্চলটোৰ নতুন প্ৰতিভা বিকশিত হোৱাত সহায়ক হ’ব বুলি মন্তব্য কৰে৷

পৃষ্ঠভূমিঃ

১৫.০৮.১৯৯৪ তাৰিখে প্ৰচাৰ ভাৰতীয়ে উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ বাবে ডিডি নৰ্থ ইষ্ট চেনেল মুকলি কৰিছিল আৰু ২৭.১২.২০০০ তাৰিখৰ পৰা ই ২৪ ঘণ্টীয়া হৈছিল৷

০৯.০২.২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ বাবে ডিডি অৰুণপ্ৰভা চেনেল মুকলি কৰিছিল৷

পিছলৈ প্ৰচাৰ ভাৰতীয়ে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ পৰা সীমিত সময়ৰ চেনেলসমূহ একত্ৰিতভাৱে ‘‘ডিডি ফ্ৰী ডিশ্ব’’ত সম্প্ৰচাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷  ইয়াৰ পিছতে অসমৰ বাবে আচুতীয়াকৈ এটা চেনেল মুকলি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছিল৷ ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা এই চেনেলৰ পৰীক্ষণমূলক সম্প্ৰচাৰ হৈছিল৷

এপ্ৰিল ২০২০ৰ পৰা ডিডি নাগালেণ্ড, ডিডি ত্ৰিপুৰা, ডিডি মণিপুৰ, ডিডি মেঘালয়, ডিডি মিজোৰামক ২৪/৭ চেনেললৈ ৰূপান্তৰি কৰা হ’ল৷

উল্লেখ্য, ডিডি অসম চেনেলৰ জৰিয়তে মেগা চিৰিয়েল, সংগীতানুষ্ঠান, ভ্ৰমণ কাহিনী, ৰিয়েলিটী শ্ব’, চলচ্চিত্ৰ আদিৰ দৰে আকৰ্ষণীয় কাৰ্যসূচী সম্প্ৰচাৰৰ প্ৰয়াস কৰা হৈছে৷ সম্প্ৰচাৰিত অনুষ্ঠানসমূহত অঞ্চলটোৰ থলুৱা বিষয় তথা সংস্কৃতিয়ে প্ৰাধান্য পাব৷

 

Saurabh Singh/MANN



(Release ID: 1643298) Visitor Counter : 288