PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 03 AUG 2020 6:37PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

পুণেৰ ছেৰাম ইনষ্টিটিউটৰ দ্বাৰা প্ৰস্তুত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰতিষেধকৰ পৰ্যায় ২+৩ৰ ট্ৰায়েলৰ অনুমোদন জনালে ডিচিজিআইয়ে; ভাৰতত ক’ভিড-১৯ৰ ফলত মৃত্যুৰ হাৰ ২.১১%লৈ অৱনমিত হৈছে; ১১.৮ লাখতকৈও অধিক লোকে আৰোগ্য লাভ কৰিছে

ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অব্ ইণ্ডিয়া (ডিচিজিআই)ই পুণেৰ ছেৰাম ইনষ্টিটিউটে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰতিষেধকৰ পৰ্যায় ২ আৰু ৩ৰ ট্ৰায়েলত অনুমোদন প্ৰদান কৰিছে৷ দেশত ক’ভিড-১৯ৰ ফলত মৃত্যুৰ হাৰ ২.১১%লৈ অৱনমিত হৈছে৷ মুঠ ১১,৮৬,২০৩ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৬৫.৭৭%৷  বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫,৭৯,৩৫৭ জন৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতত ২ কোটিত কৈও অধিক ক’ভিড-১৯ৰ পৰীক্ষৰ জৰিয়তে মাইলষ্টোন গঠন হৈছে; প্ৰতি মিলিয়নত পৰীক্ষণৰ সংখ্যা হৈছে ১৪৬৪০টা

ভাৰতত এই পৰ্যন্ত ২,০২,০২,৮৫৮ টা ক’ভিড-১৯ৰ নমুনা পৰীক্ষণ হৈছে৷ বিগত ২৪ ঘণ্টাত ৩,৮১,০২৭টা নমুনা পৰীক্ষণ হৈছে৷ প্ৰতি মিলিয়নত ১৪৬৪০ টা পৰীক্ষণ সম্পন্ন হৈছে৷ বৰ্তমানে দেশত ১৩৪৮টা গৱেষণাগাৰত নমুনাসমূহৰ পৰীক্ষণ সম্পন্ন হৈ আছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড মহামাৰীৰ সময়ছোৱাত ইলেক্ট্ৰ’নিক ভেকচিন ইণ্টেলিজেন্স নেটৱৰ্কে অত্যাৱশ্যকীয় টীকাকৰণ সেৱাৰ নিশ্চিতি প্ৰদান কৰিছে

ইলেক্ট্ৰ’নিক ভেকচিন ইণ্টেলিজেন্স নেটৱৰ্ক (ইভিআইএন) শীৰ্ষক এক উদ্ভাৱনীমূলক প্ৰযুক্তিগত সমাধানৰ দ্বাৰা সমগ্ৰ দেশতে টীকাকৰণৰ যোগান শৃংখল শক্তিশালী কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷  এই কাৰ্যসূচী স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰণয়ন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ দ্বাৰা ইনপুটসমূহ

 

    • পাঞ্জাৱঃ ক’ৰোনা ভাইৰাছৰ পৰা গৰ্ভৱতী মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৭০জন প্ৰসূতি চিকিৎসকক টেলি মেডিচিন প্ৰদান কৰাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছে৷
    • মহাৰাষ্ট্ৰঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,৪৮,৫৩৭ জন৷ দেওবাৰে ৯৫০৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৯৯২৬ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷
    • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৩,৬৭৫ জন৷ বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৬০১ জন৷
    • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৪,৯৭৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,৪৮৮ জন৷ এই পৰ্যন্ত মুঠ ২৯,৬৯৭ জন লোকে আৰোগ্য লাভ কৰিছে৷
    • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৩,৫৩৫ জন৷ দেওবাৰে ৯২১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷  ২৩,৫৫০ জন লোকে আৰোগ্য লাভ কৰিছে৷ ৰাজ্যখনত ৩২৪৬টা নিয়ন্ত্ৰিত মণ্ডল আছে৷
    • চট্টিশগড়ঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৪৮২ জন৷
    • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৫৩০ জন৷ মৃত্যু হৈছে ৫৩ জনৰ৷
    • মণিপুৰঃ মুখ্যমন্ত্ৰীয়ে আজি মণিপুৰ ট্ৰেড এণ্ড এক্সপ’ কেন্দ্ৰত ৩০০খন বিচনাযুক্ত নতুন ক’ভিড কেয়াৰ কেন্দ্ৰ মুকলি কৰে৷
    • মিজোৰামঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৮২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২১৬ জন৷ ২৬৬ জনে আৰোগ্য লাভ কৰিছে৷
    • নাগালেণ্ডঃ আডি ১৯৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
    • কেৰালাঃ মুঠ ১১,৩৪২ জন লোক চিকিৎসাধীন অৱস্থাত আছে আৰু ১.৪৫ লাখ লোক নিৰীক্ষণৰ অধীনত আছে৷
    • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৫৭,৬১৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৬,৯৯৮ জন৷ ৪১৩২ জনৰ মৃত্যু হৈছে৷
    • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৩৪,৮১৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৪,৫৯০ জন৷ ২৪৯৬ জনৰ মৃত্যু হৈছে৷
    • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৫৮,৭৬৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৪,৪০৪ জন৷ ১৪৭৪ জনৰ মৃত্যু হৈছে৷
    • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৭,৬৬০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৮,৫০০ জন৷ মৃত্যু হৈছে ৫৫১ জনৰ৷ ৪৮,৬০৯ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷

Image

Image



(Release ID: 1643233) Visitor Counter : 157