স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

প্ৰথম লকডাউনৰ পৰা ভাৰতৰ মৃত্যুৰ হাৰ সৰ্বনিম্ন ২.১৫%লৈ অৱনমিত

মুঠ আৰোগ্যৰ সংখ্যা প্ৰায় ১১ লাখ হৈছে

বিগত ২৪ ঘণ্টাত ৩৬,৫০০তকৈ অধিক ৰোগী আৰোগ্য

Posted On: 01 AUG 2020 2:43PM by PIB Guwahati

বিশ্ব মঞ্চৰ তুলনাত ভাৰতে ধাৰাবাহিকভাৱে ক’ভিড-১৯ৰ মৃত্যুৰ হাৰ নিম্ন কৰি ৰাখিবলৈ সক্ষম হৈছে৷ প্ৰথম লকডাউনৰ সময়ৰ পৰা আজিৰ দিনটোত মৃত্যুৰ হাৰ ২.১৫ হৈছে৷ জুনৰ মাজভাগত ৩.৩৩%ৰ পৰা মৃত্যুৰ হাৰ ধাৰাবাহিকভাৱে নিম্নগামী হৈ আহিছে৷

ভাৰত চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে পৰীক্ষা, চিনাক্ত, চিকিসাকৌশলৰ অৱলম্বন কৰি ক’ভিড-১৯ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ বাবে গ্ৰহণ কৰা পৰ্যায়ভিত্তিক আৰু সক্ৰিয় দৃষ্টিভংগীৰ ফলতে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ পৰীক্ষাৰ জৰিয়তে ৰোগীক আগতীয়াকৈ চিনাক্তকৰণ কৰাৰ উপৰি চিকিসা আন্তঃগাঁথনিও দ্ৰুতগতিত বৃদ্ধি কৰি আক্ৰান্ত লোকসকলক ৰখা হৈছে৷ ইয়াৰ দ্বাৰা এফালে আৰোগ্যৰ হাৰ বৃদ্ধি কৰিছে আৰু আনফালে মৃত্যুৰ হাৰ হ্ৰাস পোৱাটো সুনিশ্চিত হৈছে৷

WhatsApp Image 2020-08-01 at 13.15.50.jpeg

এই ফলপ্ৰসূ নিয়ন্ত্ৰণ কৌশল, আগ্ৰাসী পৰীক্ষণ আৰু মানসম্পন্ন চিকিসা ব্যৱস্থাপনাৰ ফলত কেৱল মৃত্যু হোৱা লোকৰ হাৰেই নিম্ন হোৱা নাই, বৰঞ্চ বিগত দিনসমূহত একেৰাহে ৩০,০০০তকৈ অধিক লোক আৰোগ্যও হৈছে৷

আৰোগ্য হোৱা লোকৰ সংখ্যা প্ৰায় ১১লাখ হোৱাৰ দিশে অগ্ৰসৰ হৈছে৷ বিগত ২৪ ঘণ্টাত ৩৬,৫৬৯ৰোগীসহ এতিয়ালৈকে দেশত ১০,৯৪,৩৭৪গৰাকী ৰোগী আৰোগ্য হৈছে৷ ক’ভিড-১৯ৰ আৰোগ্যৰ হাৰ ৬৪.৫৩% হৈছে৷

আৰোগ্যৰ হাৰ ধাৰাবাহিকভাৱে বৃদ্ধি হৈ থকাৰ ফলত আৰোগ্য হোৱা লোক আৰু আক্ৰান্ত হৈ থকা লোকৰ মাজৰ ব্যৱধান ৫,২৯,২৭১লৈ বৃদ্ধি হৈছে৷ ৫,৬৫,১০৩গৰাকী ৰোগী বৰ্তমান চিকিসকৰ নিৰীক্ষণত আছে৷

চিকিসা ব্যৱস্থা বৃদ্ধিৰ লগতে মসৃণ কৰাৰ লক্ষ্যৰে ৩টায়াৰ হাস্পতালৰ আন্তঃগাঁথনি বৃদ্ধি কৰা হৈছে৷ বৰ্তমান দেশত ২,৪৯,৩৫৮খন আইছ’লেচন বেড, ১,০৯,১১৯খন অক্সিজেন সমৰ্থিত বেড, ১৬,৬৭৮ ভেণ্টিলেটৰৰ সুবিধাযুক্ত ১,৪৮৮খন সমৰ্পিত ক’ভিড চিকিসালয়, ২,০৭,২৩৯খন আইছ’লেচন বেড, ১৮৬১৩খন আইচিইউ বেড আৰু ৭৪,১৩০খন অক্সিজেন সমৰ্থিত বেড, আৰু ৬,৬৬৮ ভেণ্টিলেটৰ সুবিধাযুক্ত ৩২৩১টা সমৰ্পিত ক’ভিড হেল্থকেয়াৰ চেণ্টাৰ কাৰ্যক্ষম অৱস্থাত আছে৷ তদুপৰি, ১০,০২,৬৮১খন বিছনাৰ সুবিধা সম্পন্ন ১০,৭৫৫টা ক’ভিড কেয়াৰ চেণ্টাৰ আছে৷ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল/কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহৰ এই কেন্দ্ৰসমূহক বৰ্তমানলৈকে ২৭৩.৮৫লাখ এন৯৫ মাস্ক আৰু ১২১.৫ লাখ ব্যক্তিগত সুৰক্ষা সঁজুলি আৰু ১০৮৩.৭৭ হাইড্ৰক্সিক্ল’ৰ’কুইন টেবলেট প্ৰদান কৰা হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/DB



(Release ID: 1642912) Visitor Counter : 105