PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 31 JUL 2020 6:27PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ক’ভিড-১৯ সন্দৰ্ভত মন্ত্ৰীমণ্ডলৰ ১৯তম বৈঠকত ডাঃ হৰ্ষ ৱৰ্ধনৰ সভাপতিত্ব; বিগত ২৪ ঘণ্টাত অভিলেখ সংখ্যক ৬,৪২,৫৮৮টা ক’ভিড-১৯ পৰীক্ষণ সম্পন্ন কৰা হৈছে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি ভিডিঅ’ কনফাৰেন্সযোগে ক’ভিড-১৯ৰ বাবে মন্ত্ৰীমণ্ডলৰ এক উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰে৷ তেওঁ কয় যে আৰোগ্যৰ হাৰ ৬৪.৫৪%লৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ৬,৪২,৫৮৮ টা পৰীক্ষণ সম্পন্ন হৈছে৷ ইয়াৰ জৰিয়তে দেশত মুঠ ১.৮৮ কোটি পৰীক্ষণ সম্পন্ন হৈছে৷

অধিক বিৱৰণৰ বাবে

চৰকাৰে আৰবিআইৰ সৈতে উদ্যোগসমূহৰ ঋণৰ পুনৰ গঠনৰ প্ৰয়োজনীয়তাৰ ওপৰত কাম কৰি আছেঃ বিত্ত মন্ত্ৰী

কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি কয় যে চৰকাৰে আৰবিআইৰ সৈতে উদ্যোগসমূহৰ ঋণৰ পুনৰ গঠনৰ প্ৰয়োজনীয়তাৰ ওপৰত কাম কৰি আছে৷ বিত্ত মন্ত্ৰীয়ে কয় যে স্বাস্থ্যসেৱা আৰু অন্যান্য সামগ্ৰীসমূহৰ পৰা জিএছটি হ্ৰাস কৰাৰ বাবে জিএছটি পৰিষদে পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ ফলত ক’ল ইণ্ডিয়াৰ কৰ্মচাৰীৰ মৃত্যু হ’লে ইয়াক দূৰ্ঘটনাজনিত মৃত্যু হিচাপে গণ্য কৰা হ’বঃ শ্ৰী প্ৰহ্লাদ যোশী

ক’ৰোনা মহামাৰীৰ ফলত ক’ল ইণ্ডিয়াৰ কোনো কৰ্মচাৰীৰ মৃত্যু হ’লে ইয়াক দূৰ্ঘটনাজনিত মৃত্যু বুলি গণ্য কৰা হ’ব আৰু কৰ্তব্যৰ সময়ত কৰ্মচাৰীজনৰ মৃত্যু হ’লে তেওঁৰ আত্মীয়-স্বজনে বিত্তীয় সাহায্য লাভ কৰিব৷ এই তথ্য সদৰী কৰে কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে৷

অধিক বিৱৰণৰ বাবে

এমইআইএছৰ সমস্যাসমূহ অগ্ৰাধিকাৰভিত্তিত সমাধান কৰাৰ বাবে বাণিজ্য মন্ত্ৰালয়ে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে, শ্ৰী গোৱেলে এইদৰে কয়

আত্মনিৰ্ভৰ ভাৰতৰ বাবে আজি ইজ অব্ ডুয়িং বিজনেচ সন্দৰ্ভত চিআইআই নেচনেল ডিজিটেল কনফাৰেন্স মুকলি কৰি মন্ত্ৰীগৰাকীয়ে ঔদ্যোগিক অনুমোদনৰ বাবে একক খিৰিকী প্ৰণালীৰ প্ৰৱৰ্তনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে৷ বৈঠকত তেওঁ কৰ আইন উলংঘাকাৰীসকলৰ চিনাক্তকৰণৰ ক্ষেত্ৰতো গুৰুত্ব দিয়ে৷

অধিক বিৱৰণৰ বাবে

ডাঃ হৰ্ষ ৱৰ্ধনে চিএছআইআৰৰ দ্বাৰা বিকশিত ক’ভিড-১৯ প্ৰযুক্তি আৰু সামগ্ৰীসমূহৰ এক সাৰাংশ মুকলি কৰে

বিজ্ঞান আৰু প্ৰযুক্তি, ভূমি বিজ্ঞান আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে কয় যে ডিবিটি আৰু চিএছআইআৰৰ ভাৰতীয় বিজ্ঞানীসকলে ১০০০ ত কৈও অধিক চিঅ’ভি-২ ভাইৰেল জিন’মছ বৃহৎ পৰিমাণে সংৰেখিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

বিগত বৰ্ষৰ তুলনাত খাৰিফ শস্যৰ চপোৱা ক্ষেত্ৰ মুঠ ১৩.৯২%লৈ বৃদ্ধি হৈছে

ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত ভাৰত চৰকাৰৰ কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগে কৃষক আৰু কৃষিভিত্তিক কাৰ্যকলাপৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ খাৰিফ শস্যৰ ক্ষেত্ৰতো সন্তোষজনক ফলাফল দেখিবলৈ পোৱা গৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে কেৰেলা চৰকাৰৰ সহযোগী হৈছে FACT

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনত এক পিএছইউ ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ ট্ৰেভেনক’ৰ লিমিটেডে (এফএচিটি) কেৰেলা চৰকাৰক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত সহায়ৰ দিশত অগ্ৰসৰ হৈছে৷ এই পৰিপ্ৰেক্ষিতত উদ্যোগটোৱে ইয়াৰ ঔদ্যোগিক সামাজিক দায়ৱদ্ধতা কাৰ্যসূচীৰ অধীনত বিচনা, তুলী আদি যোগান ধৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ ৰাজ্যখনত ১০,০৫৬ জন ৰোগীয়ে চিকিৎসাধীন অৱস্থাত আছে আৰু ১.৪ লাখ লোক বিভিন্ন জিলাত নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৩৯,৯৭৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৭,৯৬২ জন৷ মৃত্যু হৈছে ৩৮৩৮ জনৰ৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,৭৩৫ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,১৮,৬৩২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৯,৭০০ জন৷ ২২৩০ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৩০,৫৫৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৯,২৫২ জন৷ ১২৮১জনৰ মৃত্যু হৈছে৷ ৬০,০২৪ জনক মুকলি কৰি দিয়া হৈছে৷
  • তেলেংগানাঃ এই পৰ্যন্ত মুঠ ৰোগীৰ সংখ্যা হ’ল ৬২,৭০৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৬,৭৯৬ জন৷ ৫১৯ জনৰ মৃত্যু হৈছে৷ ৪৫,৩৮৮ জনক মুকলি কৰি দিয়া হৈছে৷
  • পাঞ্জাৱঃ ক’ভিড সংক্ৰমণ আৰু মৃত্যুৰ মাজতে পাঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে প্ৰয়োজন হ’লে প্লাজমা গ্ৰহণ কৰিবলৈ প্ৰস্তুত৷
  • হাৰিয়ানাঃ মহিলা আৰু শিশু বিকাশ বিভাগে ৰাজ্যখনৰ আশ্ৰয় শিবিৰত বাস কৰি থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ মাজত নিয়মীয়াকৈ কাউন্সেলিং, মেডিটেচন আৰু যোগাসনৰ কৰ্মশালা অনুষ্ঠিত কৰিছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যাই ৪.১১ লাখৰ সীমা অতিক্ৰম কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১.৪৮ লাখ৷ বিগত ২৪ ঘণ্টাত ৮৮৬০ জনে আৰোগ্য লাভ কৰিছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যাই ৬০,০০০ৰ সীমা অতিক্ৰম কৰিছে৷  আৰোগ্য হোৱা লোকৰ সংখ্যা হ’ল ৪৪,০৭৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩,৭৯৩ জন৷ আৰোগ্যৰ হাৰ হ’ল ৭৩.১১%৷
  • ৰাজস্থানঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,৩১৯ জন৷ কালি ৩৬২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • মধ্য প্ৰদেশঃ বৃহস্পতিবাৰে ৮৩৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা ৩০,৯৬৮লৈ বৃদ্ধি পাইছে৷
  • চট্টিশগড়ঃ ২৫৬জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ৮৮৫৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৮৮৪ জন৷

Image

Image

 



(Release ID: 1642691) Visitor Counter : 186