স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ সৰ্বমুঠ ক’ভিড-১৯ ৰোগীৰ আৰোগ্যৰ সংখ্যা ১০লাখৰ সীমা অতিক্ৰম

একেৰাহে সপ্তম দিনৰ বাবে ৩০,০০০তকৈ অধিক লোক আৰোগ্য

১৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাষ্ট্ৰীয় গড আৰোগ্যৰ হাৰ ৬৪.৪৪%তকৈ অধিক

২৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মৃত্যুৰ ৰাষ্ট্ৰীয় গড় হাৰ ২.২১%তকৈ কম

Posted On: 30 JUL 2020 6:15PM by PIB Guwahati

ভাৰতত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যাই ১০ লাখৰ সীমা অতিক্ৰম কৰিলে৷

এই সফলতাই চিকিসক, নাৰ্চ আৰু সকলো আগশাৰীৰ স্বাস্থ্য কৰ্মীসকলৰ নিজৰ কৰ্তব্যৰ প্ৰতি এক নিস্বাৰ্থ সেৱা ভাৱনা আৰু সমৰ্পণৰে নিদৰ্শন দাঙি ধৰে আৰু যাৰ জৰিয়তে ক’ভিড-১৯ ৰোগীৰ ব্যাপক হাৰ আৰোগ্য হোৱা পৰিলক্ষিত হৈছে৷ কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰে ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে গ্ৰহণ কৰা সমন্বয়মূলক কৌশলৰ ফলস্বৰূপে জুন মাহৰ আৰম্ভণিতে দেশত আৰোগ্যৰ লোকৰ সংখ্যা ১ লাখৰ পৰা আজি ১০ লাখলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷

Slide2.JPG

এই ফলপ্ৰসূ নিয়ন্ত্ৰণ কৌশল, আগ্ৰাসী পৰীক্ষণ আৰু মানসম্পন্ন চিকিৎসা ব্যৱস্থাপনাৰ ফলত কেৱল মৃত্যু হোৱা লোকৰ হাৰেই নিম্ন হোৱা নাই, বৰঞ্চ বিগত সপ্তম দিনতো একেৰাহে ৩০,০০০তকৈ অধিক লোক আৰোগ্যও হৈছে৷ উল্লেখ্য যে জুলাইৰ প্ৰথম সপ্তাহৰ পৰা দেশত আৰোগ্য হোৱা গড় ৰোগী সংখ্যা প্ৰায় ১৫,০০০ৰ পৰা যোৱা সপ্তাহত গড়ে ধাৰাবাহিকভাৱে ৩৫,০০০কৈ বৃদ্ধি পাইছে৷

Slide3.JPG

বিগত ২৪ ঘণ্টাত ৩২,৫৫৩ ৰোগী আৰোগ্য হৈছে৷ আৰোগ্য হোৱা ৰোগী সংখ্যা ১০,২০,৫৮২ গৰাকীলৈ বৃদ্ধি পাইছে৷ আৰোগ্যৰ হাৰ ৬৪.৪৪%লৈ উন্নীত হৈছে৷ আৰোগ্যৰ হাৰ ধাৰাবাহিকভাৱে বৃদ্ধি হৈ থকাৰ ফলত আৰোগ্য হোৱা লোক আৰু আক্ৰান্ত হৈ থকা লোকৰ মাজৰ ব্যৱধান ৪,৯২,৩৪০লৈ বৃদ্ধি হৈছে৷ ৫,২৮,২৪২গৰাকী ৰোগী বৰ্তমান চিকিসকৰ নিৰীক্ষণত আছে৷

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে মসৃণ চিকিসা ব্যৱস্থাপনাৰ বাবে তৃণমূল পৰ্যায়ত চিকিসা আন্তঃগাঁথনি সহজলভ্য কৰি তোলাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰ ফলস্বৰূপে ১৬খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত আৰোগ্যৰ হাৰ ৰাষ্ট্ৰীয় গড হাৰতকৈ অধিক হোৱা দেখা গৈছে৷

Slide5.JPG

ফলপ্ৰসূ নিয়ন্ত্ৰণ কৌশল, আগ্ৰাসী পৰীক্ষণ আৰু মানসম্পন্ন চিকিসা ব্যৱস্থাপনাৰ ফলত দেশত ক’ভিড-১৯ মৃত্যু হোৱা লোকৰ হাৰ নিম্নগামী হৈ আছে৷ বিশেষকৈ আগতীয়া চিনাক্তকৰণ আৰু আইছ’লেচনত ৰখাৰ লগতে গুৰুতৰভাৱে আক্ৰান্ত আৰু উচ্চ আশংকাপূৰ্ণ লোকসকলৰ লোৱা সাৱধানতাই এই ক্ষেত্ৰত অৰিহণা যোগাইছে৷ বিশ্বত মৃত্যুৰ হাৰ ৪%ৰ বিপৰীতে ভাৰতত এই হাৰ ২.২১%৷ ইফালে, দেশৰ ২৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ কম আৰু ৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ এই হাত ১%তকৈও কম৷

Slide10.JPG

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/DB



(Release ID: 1642467) Visitor Counter : 189