প্ৰতিৰক্ষা মন্ত্ৰালয়

ৰাফেলৰ পৰিবহণ

Posted On: 27 JUL 2020 3:00PM by PIB Guwahati

ভাৰতীয় বায়ুসেনা বাহিনী(আইএএফ)ৰ প্ৰথম পাঁচখন ৰাফেল বিমানে আজি পুৱা ফ্ৰান্সৰ মেৰিগ্নেক-স্থিত ডেচ্ছ এভিয়েশ্যন ফেচিলিটীৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। এই পাঁচখন বিমানৰ তিনিখন এজনীয়া আৰু দুখন দুজনীয়া আসনযুক্ত।

বিমানকেইখনৰ পৰিবহণ প্ৰক্ৰিয়া দুটা পৰ্যায়ত সম্পন্ন কৰা হব আৰু ইতিমধ্যে বিমান চালনাৰ বিস্তৃতভাবে প্ৰশিক্ষণ গ্ৰহণ কৰা ভাৰতীয় বায়ুসেনা বাহিনীৰ বৈমানিকসকলে ইয়াৰ পৰিবহণৰ দায়িত্ব গ্ৰহণ কৰিব। এইসকল বৈমানিকে দায়িত্ব গ্ৰহণ কৰাৰ প্ৰথমটো পৰ্যায়তে ফ্ৰান্সৰ বায়ুসেনা বাহিনীয়ে আগবঢ়োৱা টেংকাৰৰ সহযোগিতা গ্ৰহণ কৰি আকাশমাৰ্গতে ইন্ধন ভৰোৱা(এয়াৰ টু এয়াৰ ৰিফুৱেলিং)ৰ পৰিকল্পনা যুগুতোৱা হৈছে।

বতৰ অনুকূল থাকিলে বিমানকেইখন অহা ২৯জুলাই, ২০২০ত আহি বায়ু সেনাবাহিনীৰ আম্বালা কেন্দ্ৰত উপস্থিত হবহি। এই বিমানকোঠতে ৰাফেলৰে সমৃদ্ধ কৰি বায়ুসেনাৰ গল্ডেন এৰ’’ শীৰ্ষক ১৭ নং স্কোৱাডনটো গঠনৰ দিহা কৰা হৈছে।   

                     

***

IN/BSK/KB



(Release ID: 1641563) Visitor Counter : 188