প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৭ জুলাইত উন্নতমানৰ ক’ভিড-১৯ পৰীক্ষা ব্যৱস্থাপনাৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 26 JUL 2020 1:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জুলাইত উন্নতমানৰ ক’ভিড-১৯ পৰীক্ষা ব্যৱস্থাপনাৰ শুভাৰম্ভ কৰিব৷ এই পৰীক্ষা ব্যৱস্থাই সোনকালে চিনাক্তকৰণ আৰু চিকিসা শক্তিশালী কৰা সহায় কৰাৰ লগতে মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব৷

এই তিনিটা উন্নতমানৰ’ ক’ভিড-১৯ৰ নমুনা পৰীক্ষা ব্যৱস্থাপনা নয়দাৰ আইচিএমআৰ-নেচনেল ইনষ্টিটিউট অফ কেন্সাৰ প্রিভেনশ্যন এণ্ড ৰিছার্চ; মুম্বাইৰ আইচিএমআৰ-নেচনেল ইনষ্টিটিউট ফৰ ৰিছাৰ্চ ইন ৰিপ্রডাকটিভ হেল্থ আৰু কলকাতাৰ আইচিএমআৰ-নেচনেল ইনষ্টিটিউট অফ ক’লেৰা এণ্ড এণ্টাৰিক ডিজিজত স্থাপন কৰা হ’ব৷ কৌশলগত দিশৰ পৰা এই প্ৰতিষ্ঠানসমূহ গুৰুত্বপূর্ণ। ইয়াত দৈনিক ১০,০০০কৈ নমুনাৰ পৰীক্ষা কৰা হ’ব৷ এই ব্যৱস্থাৰ ফলত সংক্ৰমিত নমুনাসমূহ যিসকলে পৰীক্ষা কৰিব, তেওঁলোকে স্পর্শ কৰিব লগা নহয়৷ পৰীক্ষাৰ ফলো দ্রুতগতিত পাব পৰা যাব৷ এই পৰীক্ষাগাৰসমূহৰ পৰা ক’ভিডৰ উপৰি অন্য ৰোগৰ নমুনাও পৰীক্ষা কৰিব পৰা যাব৷ ইয়াৰ ফলত মহামাৰীৰ পৰৱর্তী সময়ত এই পৰীক্ষাগাৰসমূহত হেপাটাইটিছ বি আৰু চি, এইচআইভি, মাইক’বেক্টেৰিয়াম টিউবাৰকিউলিছিচ, চাইটোমেগালোভাইৰাছ, ক্লেমাইডিয়া, নাইচেৰিয়া, ডেংগুৰ দৰে ৰোগৰ পৰীক্ষা কৰিব পৰা যাব৷

অনুষ্ঠানত কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রীৰ লগতে মহাৰাষ্ট্ৰ, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রীসকল উপস্থিত থাকিব৷

***

VRRK/SH/DB



(Release ID: 1641520) Visitor Counter : 201