উপ-ৰাষ্ট্ৰপতি সচিবালয়

ক’ৰোনা ৰোগীক অপযশ দিয়া অথবা ক’ভিড-১৯য়ে প্ৰাণ লোৱা ব্যক্তিৰ অন্ত্যষ্টি মৰ্যাদা সহকাৰে সম্পন্ন নকৰাৰ দৰে ঘটনাত ক্ষোভ প্ৰকাশ উপ ৰাষ্ট্ৰপতিৰ

কু-স্ংস্কাৰ ভুৱা বাতৰি অথবা মিঠ্যাচাৰতকৈয়ো অধিক বিষাক্ত হ’ব পাৰে, ইয়াৰ বিৰুদ্ধে সকলোকে মাৰ বান্ধি যুঁজাৰ আহ্বান

ক’ৰোনাভাইৰাছ সন্দৰ্ভত বিস্তৃত তথ্য অৱগতকৰণৰে জনসাধাৰণক শিক্ষিত কৰিবলৈ সংবাদ মাধ্যম আৰু স্বাস্থ্য কৰ্তৃপক্ষলৈ আহ্বান

কৃষককে ধৰি অগ্ৰণী ক’ৰোনা-যোদ্ধাসকলৰ উত্সৰ্গিত প্ৰয়াসলৈ সহযোগিতা আগবঢ়োৱাৰ গোঁহাৰি

Posted On: 26 JUL 2020 12:23PM by PIB Guwahati
ক’ৰোনা ৰোগীক অপযশ দিয়া অথবা ক’ভিড-১৯য়ে প্ৰাণ লোৱা ব্যক্তিৰ অন্ত্যষ্টি মৰ্যাদা সহকাৰে সম্পন্ন নকৰাৰ দৰে ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে।
তেওঁ এনে কাণ্ড নিতান্তই ‘অনাহূত’ বুলি উল্লেখ কৰি স্থানীয় ৰাইজ আৰু সামগ্ৰিক ভাবে সমাজক এনে ঘটনাৰ পুনৰাবৃত্তি নঘটোৱাৰ বাবে সতৰ্ক হোৱাৰ গোঁহাৰি জনায়।
আজি এক ফেইচবুক বাৰ্তাত শ্ৰী নাইডুৱে কয় যে, এনেধৰণৰ কু-সংস্কাৰক কলিতে নিপাত কৰাটো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। ইয়াৰ অন্যথা, কু-স্ংস্কাৰ ভুৱা বাতৰি অথবা মিঠ্যাচাৰতকৈয়ো অধিক বিষাক্ত হৈ উঠিব পাৰে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এনে কু-সংস্কাৰৰ বিৰুদ্ধে সকলোকে মাৰ বান্ধি যুঁজাৰ আহ্বান জনায়। ক’ভিড-১৯ ৰোগীৰ প্ৰতি সহৃদয়তা আৰু সহমৰ্মিতাৰে আচৰণ কৰাৰ আহ্বান জনাই তেওঁ কয়, এই মুহূৰ্তত কোনোৱেই যে নিৰাপদ নহয়, অদৃশ্য ভাইৰাছে যে যাকে-তাকে আক্ৰান্ত কৰিব পাৰে সেই কথা সকলোৱে মনত ৰখা উচিত।
পুৰাতন কালৰে পৰা ভাৰত সহিষ্ণুতাৰ দেশ হিচাপে পৰিগণিত হৈ আহিছে আৰু ইয়াৰ জনতাই বিপদ কালত সহনুভূতি প্ৰদৰ্শনৰে বিপৰ্যস্থক সহায়ৰ হাত আবঢ়োৱাৰ যুগ যুগৰ পৰম্পৰাৰ কথা আঙুলিয়াই দি উপ ৰাষ্ট্ৰপতিয়ে অতি সম্প্ৰতি একাংশ মানুহে, আনকি একাংশ আত্মীয়ইও ক’ৰোনা ৰোগীৰ প্ৰতি প্ৰদৰ্শন কৰা অভব্য আচৰণৰ বাতৰি নিতান্তই ‘বিৰক্তিক’ৰ বুলি অভিহিত কৰে। এয়া আক্ৰান্তৰে সংস্পৰ্শ কৰিলেই ৰোগ-সংক্ৰমণৰ বলি হ’বলগীয়া হোৱাৰ ভয়ৰ বাবেও হ’ব পাৰে বুলি তেওঁ অনুভৱ প্ৰকাশ কৰে।
ইফালে, ক’ভিড-১৯য়ে প্ৰাণ লোৱা ব্যক্তিক সমাধিষ্ঠ কৰাৰ বাবে মাটি দিবলৈ অস্বীকাৰ কৰাৰ দৰে ঘটনাৰ কথা উল্লেখ কৰি তেওঁ এনে কাণ্ড কেতিয়াও ‘মানি ল’ব পৰা বিধৰ নহয়’ আৰু ই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা আগবঢ়াই অহা ভাৰতৰ পুৰাতন পৰম্পৰাৰ পৰিপন্থী বুলি মন্তব্য কৰে।
ক’ৰোনাভাইৰাছ সন্দৰ্ভত বিস্তৃত তথ্য অৱগতকৰণৰে জনসাধাৰণক শিক্ষিত কৰিবলৈ সংবাদ মাধ্যম আৰু স্বাস্থ্য কৰ্তৃপক্ষসমূহলৈ আহ্বান জনোৱা নাইডুৱে সকলোৰে সংঘবদ্ধ প্ৰচেষ্টাৰে ক’ৰোনা-সংকট অতিক্ৰম কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰি সকলো নাগৰিককে সঘনাই হাত ধোৱা, মাস্ক পৰিধান কৰা, সামাজিক ব্যৱধান-বিধি মানি চলাৰ দৰে বিধি-নিৰ্দেশনা পালনৰে সচেতনতাৰে আগবাঢ়িব লাগিব বুলি অভিমত প্ৰকাশ কৰে।
প্ৰসংগক্ৰমে তেওঁ, কৃষককে ধৰি অগ্ৰণী ক’ৰোনা-যোদ্ধাসকলৰ উত্সৰ্গিত প্ৰয়াসলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে জনসাধাৰণক আগবাঢ়ি আহিবলৈ গোঁহাৰি জনায়।
 
****
VRRK/MS/MSY/DP/KB


(Release ID: 1641421) Visitor Counter : 148