স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

এটা দিনত সৰ্বাধিক ৰোগী আৰোগ্য লাভ; ৩৬,০০০তকৈ অধিক ৰোগীক ডিছচাৰ্জড

ক’ভিডত আক্ৰান্ত হৈ থকাতকৈ আৰোগ্য হোৱা ৰোগীৰ মাজৰ ব্যৱধান ৪লাখৰ সীমা অতিক্ৰম

নতুন উচ্চতা স্পৰ্শ কৰিলে আৰোগ্যৰ হাৰে, আজি এই হাৰ প্ৰায় ৬৪% হৈছে

Posted On: 26 JUL 2020 2:25PM by PIB Guwahati
কালিৰ দিনটোত এটা দিনত সৰ্বাধিক লোকে আৰোগ্য লাভ কৰা অভিলেখ ৰচনা হৈছে৷ বিগত ২৪ ঘণ্টাত ৩৬,১৪৫গৰাকী ক’ভিড-১৯ ৰোগী আৰোগ্য হৈছে আৰু তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে৷ ইয়াৰ জৰিয়তে আৰোগ্য লাভ কৰা ৰোগী সংখ্যা হ’লগৈ ৮.৮৫,৫৭৬জন৷ ইফালে, আৰোগ্যৰ হাৰো ৬৩.৯২% লৈ উন্নীত হৈছে৷ সেই হিচাপে ক’ভিডত আক্ৰান্ত হৈ থকাতকৈ আৰোগ্য হোৱা ৰোগীৰ মাজৰ ব্যৱধান দ্ৰুত গতিত বৃদ্ধি হৈ ৪,১৭,৬৯৪জন হৈছে৷ আক্ৰান্ত ৰোগী(৪,৬৭,৮৮২)তকৈ আৰোগ্য হোৱা লোকৰ সংখ্যা প্ৰায় ১.৮৯গুন অধিক৷
 
কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰক ‘পৰীক্ষা, চিনাক্ত আৰু চিকিৎসা’ কৌশল ফলপ্ৰসূ ৰূপত কাৰ্যকৰী কৰিবলৈ পৰামৰ্শ আগবঢ়াই আহিছে৷ প্ৰথমবাৰলৈ এটা দিনতে ৪,৪০,০০০তকৈ অধিক নমূনা পৰীক্ষাৰে আন এক অভিলেখো ৰচনা কৰিছে ভাৰতে৷ বিগত ২৪ ঘণ্টাত ৪,৪২,২৬৩টা নমূনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ জৰিয়তে দেশত প্ৰতি ১০ লাখ লোকৰ বিপৰীতে নমূনা পৰীক্ষণৰ সংখ্যা ১১,৮০৫টালৈ বৃদ্ধি পায়৷ দেশত এতিয়ালৈকে ১,৬২,৯১,৩৩১টা নমূনা পৰীক্ষা কৰা হৈছে৷ প্ৰথমবাৰলৈ চৰকাৰী পৰীক্ষাগাৰত ৩,৬২,১৫৩টা নমূনা পৰীক্ষা কৰি নতুন অভিলেখ গঢ়িছে৷ বেচৰকাৰী পৰীক্ষাগাৰসমূহতো এদিনতে ৭৯,৮৭৮টা নমূনা পৰীক্ষা কৰা হৈছে৷
ইফালে, আগ্ৰাসী পৰীক্ষাৰ সমান্তৰালভাৱে দেশত চৰকাৰী আৰু ব্যক্তিগত খণ্ডত চিকিৎসাৰ আন্তঃগাঁথনি গঢ়া দিয়াটো জোৰ দিয়া হৈছে, যাতে শীঘ্ৰে চিনাক্ত কৰি ক’ভিড-১৯ৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব পৰা যায়৷ দেশত মৃত্যুৰ হাৰ ২.৩১লৈ অৱনমিত হৈছে, যিটো বিশ্বৰ ভিতৰতে নিম্নতম৷
ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.
technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ মেইল কৰিব পাৰে৷
ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷
https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷
****
MV/SG/DB


(Release ID: 1641377) Visitor Counter : 184