ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

সাৰ খণ্ডত সহজসাধ্য ব্যৱসায়ৰ অৰ্থে চৰকাৰে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে

Posted On: 25 JUL 2020 1:54PM by PIB Guwahati

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী ডি.ভি সদানন্দ গৌড়াই কয় যে সাৰ খণ্ডত সহজসাধ্য ব্যৱসায়ৰ অৰ্থে এনডিএ চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লৈছে যাৰ জৰিয়তে আত্মনিৰ্ভৰতাক প্ৰকৃত অৰ্থত বাস্তৱায়িত কৰি তুলিব পৰা যাব আৰু কৃষক সমাজক উৎকৃষ্ট ধৰণৰে সহায়ৰ পথ প্ৰশস্ত হৈ উঠিব।

এই ক্ষেত্ৰত চৰকাৰখনে গ্ৰহণ কৰা ভিন্ন প্ৰচেষ্টা সন্দৰ্ভত ব্যক্ত কৰি শ্ৰী গৌড়াই কয়, সাৰ বিভাগে বৰ্তমানে থকা ডিবিটি প্ৰণালীটোক উন্নীত কৰি জুলাই, ২০১৯ ত অধিক কৃষক অনুকূল ডিবিটি ২.০ সংস্কৰণ কাৰ্যকৰী কৰে আৰু ইয়াক অধিক ব্যৱহাৰ অনুকূল কৰি তোলে। ডিবিটি ২.০ সংস্কৰণৰ উপাদান তিনিটা যথা, ডিবিটি ডেছব’ৰ্ড, PoS ৩.০ ছফ্টৱেৰ আৰু ডেস্কটপ PoS সংস্কৰণ।

ডিবিটি ডেছব’ৰ্ডে ভিন্ন সাৰৰ যোগান/উপলব্ধতা/প্ৰয়োজনীয়তা সন্দৰ্ভত সঠিক তথা সময়োচিত তথ্য আগবঢ়ায়। https://urvarak.nic.in ৰ যোগেদি সকলো জনসাধাৰণেই ইয়াত প্ৰৱেশ কৰিব পাৰে।

PoS ৩.০ ছফ্টৱেৰে ভিন্ন পৰ্যায়ৰ ক্ৰেতালৈ বিক্ৰীৰ খতিয়ান, বহু ভাষাত বিক্ৰীৰ ৰচিদ প্ৰস্তুত আৰু সাৰৰ সন্তুলিত ব্যৱহাৰক প্ৰোৎসাহিত কৰি তুলিবলৈ কৃষকক ছইল হেল্থ কাৰ্ড পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা কৰে। ডেস্কটপ PoS সংস্কৰণ হৈছে PoS ডিভাইচলৈ বিকল্প বা সংযোজিত সুবিধা যি অধিক বলিষ্ঠ আৰু সুৰক্ষিত।

সাৰত ডিবিটিয়ে ২ (দুই) টা বঁটা লাভ কৰিছে যথা, ২৫-৯-২০১৯ ত “SKOCH গ’ল্ড এৱাৰ্ড ফৰ গৰ্ভানেন্স’’ আৰু ৬ নৱেম্বৰ, ২০১৯ত “গৰ্ভানেন্স নাও” ডিজিটেল ট্ৰেন্সফৰ্মেশ্যন বঁটা লাভ।

দেশখনত সাৰৰ ক্ষেত্ৰত যোগানৰ নেটৱৰ্কটো সুচল কৰি তুলিবলৈ চৰকাৰৰদ্বাৰা গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা সদৰী কৰি শ্ৰী গৌড়াই কয় যে পৰিহণৰ এটা অতিৰিক্ত উপায় ক’ষ্টেল শ্বিপিঙক প্ৰোৎসাহিত কৰা হৈছে। ইয়াৰ কাৰণে ১৭-৬-২০১৯ আৰু ১৮-৯-২০১৯ ত ক’ষ্টেল শ্বিপিং বা/আৰু আভ্যন্তৰীণ জল পৰিবহণৰ জৰিয়তে ৰাজসাহাৰ্য্যযুক্ত সাৰৰ বিতৰণৰ অৰ্থে ভাড়াৰ ৰাজসাহাৰ্য্য পৰিশোধ (reimbursement)ৰ কাৰণে নীতি ঘোষণা কৰা যায়। ২০১৯-২০ ৰ সময়ছোৱাত ক’ষ্টেল শ্বিপিঙৰ জৰিয়তে ১.১৪ লাখ মেট্ৰিক টন সাৰ হস্তান্তৰ কৰা হৈছে।

 

 

 

 

 

ইউৰিয়া ইউনিটৰ কাৰণে ব্যয় নিৰ্ধাৰণৰ নিয়ম (cost fixation rules)ৰ প্ৰসংগ টানি আনি কেন্দ্ৰীয় মন্ত্ৰীজনে কয় যে চিচিইএৰ অনুমোদন সাপেক্ষে তেওঁৰ বিভাগে ৩০ মাৰ্চ, ২০২০ত এখন নিৰ্দেশনাৰ জৰিয়তে সংশোধিত এনপিএছ-IIIত থকা অস্পষ্টতাসমূহ দূৰ কৰে। ইয়াৰ জৰিয়তে সংশোধিত এনপিএছ-IIIৰ ৰূপায়ণ সুচল হৈ পৰিব যাৰ ফলশ্ৰুতিত ৩০ ইউৰিয়া ইউনিটলৈ প্ৰতি মেট্ৰিকটনত ৩৫০ টকাকৈ অতিৰিক্ত ফিক্সড কষ্ট অনুমোদন আৰু ৩০ বছৰৰো অধিক পুৰণি ইউৰিয়া ইউনিটসমূহলৈ প্ৰতি মেট্ৰিকটনত ১৫০ টকাকৈ বিশেষ ক্ষতিপূৰণ অনুমোদন আৰু উৎপাদন বৰ্তাই ৰাখিবৰ নিমিত্তে এই ইউনিটসমূহক কাৰ্যক্ষম কৰি ৰাখিবলৈ গেছলৈ ৰূপান্তৰণৰ পথ প্ৰশস্ত কৰি তুলিব। ইয়ে ইউৰিয়া ইউনিটসমূহৰ নিৰৱচ্ছিন্ন কাৰ্যক্ষমতা সুগম কৰি তুলি কৃষকলৈ নিয়মীয়া ইউৰিয়া যোগানৰ পথো নিশ্চিত কৰিব।

http://pibcms.nic.in/WriteReadData/userfiles/image/image00351LR.jpg

*******

RCJ/RKM/SB



(Release ID: 1641246) Visitor Counter : 179