বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
প্ৰণালীবদ্ধ ৰূপত আৰ্লী হাৰ্ভেষ্ট ডিলৰ দিশত মুক্ত বাণিজ্যিক চুক্তিৰে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ভাৰত-ব্ৰিটেইন
পোষ্ট কৰা হৈছে:
25 JUL 2020 9:54AM by PIB Guwahati
ভাৰত আৰু ব্ৰিটেইনে ২৪ জুলাই, ২০২০ত চতুৰ্দশ যৌথ অৰ্থনীতি আৰু বাণিজ্য কমিটীৰ ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে৷ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু ব্ৰিটেইনৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সচিব শ্ৰীমতী এলিজাবেথ ট্ৰুছে যুটীয়াভাৱে বৈঠকত অধ্যক্ষতা কৰে৷ তেওঁলোকক বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হৰদীপ সিং পুৰা আৰু ব্ৰিটেইনৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰণীল জয়াৱৰ্ধনেই সহযোগিতা আগবঢ়ায়৷
মন্ত্ৰী গোৱেল আৰু শ্ৰীমতী ট্ৰুছে মুক্ত বাণিজ্যিক চুক্তি সন্দৰ্ভত প্ৰণালীবদ্ধ ৰূপত সোনকালে শস্য চপোৱাৰ কাম কৰিবলৈ প্ৰতিশ্ৰুতি ব্যক্ত কৰে৷ ৰাজ্যিক মন্ত্ৰী পুৰী আৰু মন্ত্ৰী জয়াৱৰ্ধনে প্ৰতিমাহে এই বৈঠকত মিলিত হ’ব৷ এই আলোচনাৰ আগুৱাই নিয়াৰ উদ্দেশ্যে চলিত বৰ্ষৰ শৰৎ কালতে দিল্লীত মন্ত্ৰী গোৱেল আৰু ট্ৰুছ বৈঠকত মিলিত হ’ব৷ যোৱা জেটকোৰ সময়ত গঠিত ব্যৱসায় প্ৰেৰিত জীৱন আৰু স্বাস্থ্য, আইচিটি তথা খাদ্য আৰু পানীয় সম্পৰ্কীয় গোটসমূহৰ সহ-অধ্যক্ষসকলে মন্ত্ৰীসকলক কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল৷
অনানুষ্ঠানিক বাৰ্তালাপৰ পাছত বাণিজ্য আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হৰদীপ সিং পুৰী, ব্ৰিটেইনৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ৰাজ্যিক মন্ত্ৰী ৰণীল জয়াৱৰ্ধনে আৰু ব্ৰিটেইনৰ বিনিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী গেৰী গ্ৰিমষ্টোনৰ নেতৃত্বত ব্যৱসায় জগতৰ অগ্ৰণী লোকসকলৰ সৈতে পাৰস্পৰিক বাৰ্তালাপৰ এক পৰ্ব আয়োজন কৰা হয়, য’ত চিআইআইৰ সঞ্চালক প্ৰধান চন্দ্ৰজিৎ বেনাৰ্জী তথা ভাৰত-ব্ৰিটেইন চিইঅ’ ফ’ৰামৰ সহ-অধ্যক্ষ অজয় পীৰামল উপস্থিত থাকে৷
দুয়োপক্ষই মুক্তমনেৰে বাৰ্তালাপত ভাগ লোৱাৰ লগতে ভাৰত তথা ব্ৰিটেইনৰ মাজত দীৰ্ঘকালীন ব্যৱসায় আৰু আৰ্থিক সম্পৰ্কৰ পুনৰুত্থান আৰু সুনৰ সুদৃঢ়কৰণৰ প্ৰতি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ দুয়ো পক্ষই ক’ভিড-১৯ৰ বৰ্তমান মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ স্বাস্থ্য খণ্ডত সহযোগিতা আগবঢ়োৱাৰ সংকল্প লয়৷
********************
YB/DB
(ৰিলিজ আই ডি : 1641232)
অতিথি কক্ষ : 242