নৌ-পৰিবহন মন্ত্ৰালয়

আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাক উত্সাহিত কৰাৰ উদ্দেশ্যে জলপথ ব্যৱহাৰৰ বাবে ধাৰ্য মাচুল নোলোৱাৰ সিদ্ধান্ত জাহজ পৰিবহণ মন্ত্ৰালয়ৰ

পৰিবেশ অনুকূল আৰু সুলভ পৰিবহণ ব্যৱস্থাটোৱে ‘স্বস্তিৰে বাণিজ্য কৰা’ৰ অৱধাৰণাটোকো অধিক অৰ্থবহ কৰিব তুলিব : শ্ৰী মনসুখ মাণ্ডৱীয়া

Posted On: 24 JUL 2020 3:12PM by PIB Guwahati

পৰিবেশ অনুকূল আৰু সুলভ পৰিবহণ ব্যৱস্থা হিচাপে জল পৰিবহণ ব্যৱস্থাক উত্সাহিত কৰাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা দৃষ্টিভংগীক সাৰোগত কৰি জাহাজ পৰিবহণ মন্ত্ৰালয়ে তত্কালীন ভাবে বলবত্ হোৱাকৈ জলপথ ব্যৱহাৰৰ বাবে ধাৰ্য মাচুল বাতিল কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। প্ৰাথমিক পৰ্যায়ত এই মাচুল তিনিবছৰৰ বাবে বাতিল কৰা হৈছে।

এই সন্দৰ্ভত মন্তব্য কৰি জাহাজ পৰিবহণ বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবীয়াই কয় যে আজিৰ তাৰিখত দেশৰ মাল-বস্তুৰ মুঠ পৰিবহণৰ কেৱল ২শতাংশহে জলপথৰে সম্পন্ন হয়। জলপথ ব্যৱহাৰৰ ক্ষেত্ৰত ইমান দিনে আদায় কৰি থকা মাচুল বাতিল কৰাৰ সিদ্ধান্তই সা-সামগ্ৰীৰ আদান-প্ৰদানৰ ক্ষেত্ৰত জলপথ পৰিবহণ ব্যৱ্স্থা গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ আমাৰ প্ৰতিষ্ঠানসমূহক নিশ্চয় আকৰ্ষিত কৰিব। পৰিবহণৰ সাধন হিচাপে জলপথ পৰিবহণ পৰিবেশ অনুকূল আৰু সুলভ ব্যৱস্থা। ই পৰিবহণৰ আন ব্যৱস্থাসমূহৰ ওপৰত পৰা ব্যাপক চাপ বহু পৰমাণে প্ৰশমিত কৰাৰ লগতে স্বস্তিৰে বাণিজ্য কৰাৰ অৱধাৰণাটোকো অধিক অৰ্থবহ কৰি তুলিব।

সকলো ৰাষ্ট্ৰীয় জলপথসমূহৰে চলাচল কৰা জাহাজৰ ক্ষেত্ৰত ইমান দিনে এই মাচুল প্ৰযোজ্য আছিল। ইয়ে জাহজৰ যাতায়াতৰ প্ৰবন্ধন আৰু তথ্য আহৰণৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰি আহিছিল। এই পৰ্যন্ত ভাৰতৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ(আইডব্লিউএআই)-য়ে মালবাহী জাহাজৰ ক্ষেত্ৰত প্ৰতি পঞ্জীকৃত টন(জিআৰটি)ৰ বিপৰীতে ০.০২টকা প্ৰতি কিলোমিটাৰ হিচাপত আৰু ক্ৰুইজ জাহজৰ ক্ষেত্ৰত প্ৰতি পঞ্জীকৃত টন(জিআৰটি)ৰ বিপৰীতে ০.০৫টকা প্ৰতি কিলোমিটাৰ হিচাপত মাচুল আদায় কৰিছিল।

এই সিদ্ধান্তৰ ফলত আভ্যন্তৰীণ জলপথ যাতায়াতৰ পৰিমাণ ২০১৯-২০ৰ ৭২ নিযুতমেট্ৰিকটনৰ বিপৰীতে ২০২২-২৩ত ১১০নিযুতমেট্ৰকটনলৈ বৃদ্ধি কৰিব বুলি ধাৰণা কৰা হৈছে। স্বাভাৱিকতেই এই সিদ্ধান্তই আঞ্চলসমূহৰ অৰ্থনৈতিক কৰ্মসূচীক ত্বৰান্বিত কৰাৰ লগতে উন্নয়ণকো গতি প্ৰদান কৰিব।  

***

YB/AP/JK/KB



(Release ID: 1641070) Visitor Counter : 235