বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

‘জেন্ন’ভা বায়’ফাৰ্মাচিউটিকেলছ লিমিটেড’ বিকশিত ক’ভিড-১৯ৰ ‘এমআৰএনএ’ ভিত্তিক নমুনা-প্ৰতিষেধক ‘এইচজিচিঅ’১৯’-ৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিব জৈৱ প্ৰযুক্তি বিভাগে

Posted On: 24 JUL 2020 12:27PM by PIB Guwahati

বছৰৰ শেহৰফালে প্ৰতিষেধকবিধৰ পৰীক্ষণৰ সম্ভাৱনা

ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগৰ সহযোগিতাৰে, ইন্দ চিইপিআই-ৰ অধীনত সম্পাদিত আৰু বিআইআৰএচি-ৰ দ্বাৰা ৰূপায়িত প্ৰতিষেধক আৱিষ্কাৰ কাৰ্যক্ৰমৰ জৰিয়তে বিকশিত কৰা নমুনা প্ৰতিষেধকবিধৰ অচিৰেই ক্লিনিকেল পৰীক্ষণ সম্পন্ন কৰা হ

দেশত প্ৰথম বাৰৰ বাবে এমআৰএনএ-ভিত্তিক প্ৰতিষেধক বিকশিত কৰিব পৰা এক মঞ্চ স্থাপন কৰাৰ বাবে যাৱতীয় উদ্যোগ গ্ৰহণ কৰিছিল জৈৱ প্ৰযুক্তি বিভাগ আৰু বায়টেকনলজী ইণ্ডাষ্ট্ৰী ৰিছাৰ্চ এছিষ্টেন্স কাউন্সিল(বিআইআৰএচি)-য়ে। জেন্নভা বায়ফাৰ্মাচিউটিকেলছ-য়ে কভিড-১৯ৰ বিৰুদ্ধে বিকশিত কৰিব খোজা নভেল ছেলফ এম্প্লিফায়িং এমআৰএনএ ভিত্তিক নমুনা প্ৰতিষেধক বিকশিত কৰাৰ বাবে পুঁজিৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগ-য়ে।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ছীটল-স্থিত এইচডিটি বায়টেক কৰ্পোৰেশ্যনৰ সৌজন্যত জেন্নভা-ই ক্ষুদ্ৰ স্তন্যপায়ী আৰু বান্দৰ প্ৰজাতিৰ প্ৰাণীৰ দেহত সম্পন্ন কৰা পৰীক্ষাত সুৰক্ষা, ৰোগ প্ৰতিৰোধী ক্ষমতা বৰ্দ্ধক, বীজাণুনাশক গুণ সম্পন্নতাৰ নিদৰ্শনৰে সৈতে নমুনা-প্ৰতিষেধকবিধ বিকশিত কৰি উলিয়াইছে। সম্প্ৰতি প্ৰতিষ্ঠানটোৱে ভাৰতীয় নিয়ামক প্ৰাধিকাৰীৰ যাৱতীয় অনুমোদনৰ ভিত্তিত চলিত বৰ্ষৰ শেহৰফালে মানৱ দেহত প্ৰতিষেধকবিধৰ পাৰদৰ্শিতা নিৰূপক প্ৰথমলানি পৰীক্ষা সম্পন্ন কৰাৰ বাবে অহৰ্নিশে প্ৰচেষ্টা চলাই আছে।  

এই সন্দৰ্ভত মন্তব্য কৰি জৈৱ প্ৰযুক্তি বিভাগৰ সচিব আৰু বিআইআৰএচি-ৰ অধ্যক্ষা ড০ ৰেণু স্বৰূপে কয় যে, অজানা উত্স আৰু নতুন জীৱাণুৰ দ্বাৰা প্ৰাদুৰ্ভাৱ ঘটা ৰোগ নিৰাময়ৰ বাবে নব্য চিন্তাৰ প্ৰয়োজন হয়। জৈৱ প্ৰযুক্তি বিভাগৰ সহযোগিতাৰে জেন্নভাৰ এম-আৰএনএ মঞ্চই নিউক্লিক এচিদ ভিত্তিক প্ৰতিষেধক আৰু চিকিত্সা পদ্ধতিৰ অগ্ৰগতিক সদ্ব্যৱহাৰ কৰিছে। এইবিধ নমুনা প্ৰতিষেধকত কৰা নেন-প্ৰযুক্তিৰ ব্যৱহাৰে জন্তুৰ দেহত সম্পন্ন কৰা পৰীক্ষা লানিত ইয়াৰ প্ৰভাৱশালিতা ইতিমধ্যেই প্ৰতিপন্ন কৰিছে। জেন্নভাৰ সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মই এটা কথা ন-দি কব পাৰো যে মানৱদেহত নমুনা প্ৰতিষেধকবিধৰ পৰীক্ষা সুকলমে সম্পন্ন হোৱাৰ পিচত ইয়াৰ দ্ৰুত উত্তৰণ নিতান্তই সম্ভৱ কৰিব পৰা যাব

জেন্নভা বায়ফাৰ্মাচিউটিকেলছ লিমিটেড-ৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ সঞ্জয় সিঙে কয় যে বিশ্ব প্ৰেক্ষাপটত প্ৰতিদ্বন্দ্বিত আগবঢ়াবলৈ তথা সুদূৰপ্ৰসাৰী সমাধান সূত্ৰ আগবঢ়াবলৈ হলে সাহসী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। এনে প্ৰেক্ষাপটত এম-আৰএনএ ভিত্তিক পৰৱৰ্তী প্ৰজন্মৰ প্ৰতিষেধক এবিধ বিকশিত কৰাৰ বাবে জৈৱ প্ৰযুক্তি বিভাগৰ লগতে বিআইআৰএচি-য়ে গ্ৰহণ কৰা বিশেষ তত্পৰতা আৰু এই কাম বাস্তৱায়িত কৰাৰ বাবে জেন্নভা-লৈ নীতি-নিৰ্দেশনাৰ লগতে বিত্তীয় সহযোগিতাকে ধৰি যাৱতীয় সা-সুবিধা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ড০ সিঙে।

@DBTIndia@BIRAC_2012

www.dbtindia.gov.inwww.birac.nic.in

*****

NB/KGS/(DBT Release)/KB



(Release ID: 1641034) Visitor Counter : 219