প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ইণ্ডিয়া আইডিয়াজ ছামিট ২০২০’-ত প্ৰধানমন্ত্ৰীৰ ভাষণ

Posted On: 22 JUL 2020 9:27PM by PIB Guwahati

নমস্তে!

বাণিজ্যক্ষেত্ৰৰ নেতৃবৃন্দ,

সন্মানীয় অতিথিসকল,

ইণ্ডিয়া আইডিয়াজ ছামিটত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে মই মাৰ্কিন-ভাৰত বাণিজ্য পৰিষদ(ইউএছআইবিচি)ক ধন্যবাদ জনাইছো। চালিত বৰ্ষত ৫৪ সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰাৰ বাবেও মই ইউএছআইবিচি-ক অভিনন্দন জ্ঞাপন কৰিছো। বিগত দশকচেৰেকত ইউএছআইবিচি-য়ে ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কক ঘনিষ্ঠ কৰি তুলিছে। ইউএছআইবিচি-য়ে এক উন্নত ভৱিষ্যত্ নিৰ্মাণ-ক এইবেলিৰ শীৰ্ষ সন্মিলনৰ মুখ্য প্ৰতিপাদ্য মন্ত্ৰ হিচাপে গ্ৰহণ কৰাতো নিতান্তই সময়োপযোগী হৈছে বুলিয়ে মই অনুভৱ কৰিছো।

বন্ধুসকল,

পৃথিৱীক আজি এক উন্নত ভৱিষ্যতৰ প্ৰয়োজন হৈছে বুলি আমি সকলো এক মত। আৰু, সেই ভৱিষ্যতক সমূহীয়াভাবে আমিয়েই গঢ় দিব লাগিব। সেই ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত আমাৰ প্ৰয়াস আৰু অধিক মানৱীয় দৃষ্টিভংগীৰ হবই লাগিব বুলি মই অন্তঃকৰণৰে বিশ্বাস কৰো। দুখীয়া, বঞ্চিত আৰু পীড়িতসকলক লক্ষ্যত লৈয়ে আমি আমাৰ প্ৰগতিৰ গতি নিৰূপণ কৰিব লাগিব। স্বস্তিৰে ব্যৱসায় কৰাৰ দৰেই আমি স্বস্তিৰে জীৱন যাপনৰ প্ৰসংগকো গুৰুত্ব প্ৰদান কৰিব লাগিব।

বন্ধুসকল,

শেহতীয়া অভিজ্ঞতাৰ পৰা লাভ কৰা শিক্ষাই আমাক এটা কথা অনুভৱ কৰাইছে যে সাম্প্ৰতিক বিশ্ব-অৰ্থনীতিয়ে পাৰদৰ্শিতা আৰু সৰ্বোচ্চ আহৰণক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। পিচে, এইখিনি সময়ত আমি আন কেতবোৰ সমানেই গুৰুত্বপূৰ্ণ প্ৰসংগক আওকাণ কৰিবলৈ ধৰিছিলো। সেয়া হৈছে বহিঃ-আঘাতৰ পৰা নিজকে ৰক্ষা কৰাৰ প্ৰবণতা। বিশ্ব-মহামাৰীয়ে যেন আমাক সেই মানসিক প্ৰবণতাৰ গুৰুত্বকেহে সোঁৱৰাই দিলেহি!

বন্ধুসকল,

ঘৰুৱা অৰ্থনৈতিক সামৰ্থ্যক শক্তিশালী কৰিয়েই গোলকীয় অৰ্থনীতিক সুৰক্ষিত কৰাৰ সাফল্য অৰ্জন কৰিব পাৰি। অৰ্থাত্ উত্পাদনৰ ক্ষেত্ৰত ঘৰুৱা সামৰ্থ্য বৃদ্ধি, বিত্তীয় ব্যৱস্থাৰ সবলীকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বহুমুখীকৰণৰ বাবে উন্নত পদক্ষেপ গ্ৰহণত গুৰুত্ব দিব লাগিব।

বন্ধুসকল,

আত্মনিৰ্ভৰ ভাৰত-ৰ আমোঘ আহ্বানৰে ভাৰতে এক সমৃদ্ধিশালী আৰু সতৰ্ক পৃথিৱী গঢ়াৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে আৰু, সেই স্বপ্ন সাম্ফল কৰিবলৈকে আমি আপোনালোকৰ সহযোগিতা কামনা কৰিছো!

বন্ধুসকল,

আজিৰ তাৰিখত ভাৰতৰ অভিমুখে গোলকীয় প্ৰত্যাশা ধাৱমান হৈছে। মুকলি মনোভাৱাপন্নতা, সুযোগৰ সম্ভাৱনীয়তা আৰু বিকল্পৰ পয়োভৰতাৰে ভাৰতে সৃষ্টি কৰা নতুন পৰিৱেশটোৰ বাবেই এয়া সম্ভৱ হৈছে। অকণমান বহলাই কও ৰব। জনসাধৰণৰ লগতে শাসনৰ ক্ষেত্ৰততো মুকলি মনোভাৱ প্ৰদৰ্শনক ভাৰতে আজি উদযাপন কৰিছে। মুক্ত মনে মুক্ত বাণিজ্যক সম্ভৱ কৰি তোলে। আৰু মুক্ত বাণিজ্যই উত্তম সমৃদ্ধিৰ দিশে আগুৱাই যোৱাৰ অৱকাশ সৃষ্টি কৰে। এনেবোৰ আদৰ্শৰ ক্ষেত্ৰত ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰই সহমত ব্যক্ত কৰি আহিছে।

বন্ধুসকল,

বিগত ছটা বছত আমি আমাৰ অৰ্থনীতিক অধিক মুক্ত তথা সংস্কাৰমূলক কৰি তোলাৰ বাবে বহুবোৰ পদক্ষেপ গ্ৰহণ কৰিছো। এনে সংস্কাৰেই প্ৰতিযোগিতাসুলভতাক বৃদ্ধি কৰিছে, স্বচ্ছতা বঢ়াই তুলিছে, ডিজিটাইজেশ্যনৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছে, উদ্ভাৱনশীলতা আৰু নীতিৰ স্থায়িত্ব অধিক কৰি তুলিছে।

বন্ধুসকল,

ভাৰত আজি সুযোগ আৰু সম্ভাৱনীয়তাৰ দেশ হিচাপে পৰিগণিত হৈছে। প্ৰযুক্তি-খণ্ডৰ এটা উদাহৰণ আপোনালোকৰ সন্মুখত উল্লেখ কৰিব খুজিছো। ভাৰতত অলপতে এক প্ৰতিবেদন প্ৰকাশিত হৈছিল। প্ৰতিবেদনখনৰ তথ্যই নিশ্চিত কৰিছে যে এই প্ৰথমবাৰৰ বাবে ভাৰতৰ গ্ৰাম্যাঞ্চলত ইণ্টাৰনেট-ব্যৱহাৰ কৰোতাৰ সংখ্যাই চহৰাঞ্চলৰ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাক চেৰ পেলাইছে। আৰু এই সংখ্যা কিমান বিশাল চাওকচোন! আজিৰ তাৰিখত ভাৰতত আধা বিলিয়ন ইণ্টাৰনেট ব্যৱহাৰ কৰোতা আছে। আধা বিলিয়ন আন্তঃ সংযুক্ত মানুহ! এই সংখ্যা আপোনালোকৰ বাবেও বিয়াগোম নহয়নে বাৰু? স্বস্তিৰে নিঃশ্বাস লওক! কাৰণ এতিয়াও আৰু আধা বিলিয়ন মানুহক সংযুক্ত কৰিবলৈ বাকী আছে। প্ৰযুক্তিৰ বাবে বিশাল সম্ভাৱনীয়তাই এতিয়াও অপেক্ষা কৰি আছে। এই সম্ভাৱনীয়তাত অন্তৰ্ভুক্ত হৈছে ৫-জি, বিগ ডাটা এনালাইটিক্স, কোৱাণ্টাম কম্পিউটিং, ব্লক চেইন আৰু সামগ্ৰীৰ আন্ত-সংযোগৰ দৰে প্ৰযুক্তি।

বন্ধুসকল,

ভাৰতত বিনিয়োগৰ বিশাল পৰিমাণৰ বিকল্পই অপেক্ষা কৰিছে। আমাৰ কৃষকসমাজৰ কঠোৰ-শ্ৰমৰ ক্ষেত্ৰখনত বিনিয়োগ কৰিবলৈ আপোনালোকক আমন্ত্ৰণ জনাইছো। শেহতীয়াভাবে ভাৰতে কৃষিখণ্ডত ঐতিহাসিক সংস্কাৰ সাধন কৰিছে। ইয়াৰ ফলত কৃষি-ব্যৱহাৰ্য আৰু যন্ত্ৰ-পাতি, কৃষি সামগ্ৰীৰ যোগান-শৃংখল ব্যৱস্থাপনা, প্ৰস্তুত খাদ্যৰ সম্ভাৰ, মীন আৰু জৈৱিক উত্পাদন আদি ক্ষেত্ৰত বিনিয়োগ সম্ভাৱনা সৃষ্টি হৈছে। ২০২৫ চনৰ ভিতৰত ভাৰতৰ খাদ্য সংসাধন খণ্ডই অৰ্দ্ধ ত্ৰিলিয়ন মাৰ্কিন ডলাৰৰো অধিক পৰিমাণৰ আয়ৰ সম্ভৱনা প্ৰকট কৰিছে। যদিহে অধিক আয়ৰ কামনা কৰিছে তেন্তে এতিয়াই ভাৰতীয় কষিখণ্ডত বিনিয়োগৰ সুযোগ গ্ৰহণ কৰক!

স্বাস্থ্যসেৱাখণ্ডত বিনিয়োগ কৰাৰ বাবে আপোনালোকক ভাৰতলৈ আমন্ত্ৰণ জনাইছো। প্ৰতিবছৰে ভাৰতৰ স্বাস্থ্যসেৱাখণ্ডই ২২শতাংশতকৈয়ো অধিক হাৰত সমৃদ্ধি লাভ কৰি আছে। চিকিত্সা-প্ৰযুক্তি, টেলি-মেডিচিন আৰু ৰোগ বিশ্লেষণ উপকৰণ নিৰ্মাণৰ দৰে ক্ষেত্ৰত আমাৰ প্ৰতিষ্ঠানসমূহে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। ঔষধ-উত্পাদন ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাই ইতিমধ্যেই জোঁট-বন্ধনক এক প্ৰগাঢ় ৰূপ প্ৰদান কৰিছে। ইয়াক আৰু অধিক সম্প্ৰসাৰিত কৰাৰ লগতে এই গতিক আৰু অধিক হাৰত ত্বৰান্বিত কৰিবলৈ বিনিয়োগ কৰাৰ এয়াই হয়তো উত্কৃষ্ট সময়!

শক্তিখণ্ডত বিনিয়োগ কৰিবলৈ ভাৰতে আজি আপোনালোকক আমন্ত্ৰণ জনাইছে। গেছ-ভিত্তিক অৰ্থনীতিৰ দিশে ভাৰতে বিবৰ্তন আৰম্ভ কৰাৰ মুহূৰ্তত মাৰ্কিন প্ৰতিষ্ঠানৰ বাবে বিনিয়োগৰ বিশাল সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে। পৰিচ্ছন্ন শক্তিখণ্ডয়ো এনে বিশাল সম্ভাৱনাৰ সৃষ্টি কৰিছে। আপোনালকৰ বিনিয়োগক অধিক শক্তি প্ৰদান কৰাৰ বাবে ভাৰতীয় শক্তি খণ্ডত বিনিয়োগৰ এয়াই উত্তম সময়!

আন্তঃগাঁথনি নিৰ্মাণ খণ্ডত বিনিয়োগ কৰিবলৈ আপোনালোকক আমন্ত্ৰণ জনাইছে ভাৰতে। আমাৰ ৰাষ্ট্ৰই আজি ইতিহাসৰ বৃহত্তম আন্তঃগাঁথনি নিৰ্মাণ-প্ৰয়াসক প্ৰত্যক্ষ কৰিছে। কোটি কোটিজনৰ বাবে গৃহ-নিৰ্মাণ যজ্ঞত অংশীদাৰ হবলৈ আগবাঢ়ি আহক, অথবা আমাৰ দেশৰ পথ-ঘাঁইপথ আৰু বিমানবন্দৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহক।

সম্ভাৱনাপূৰ্ণ আন এটা খণ্ড হল অসামৰিক বিমান পৰিবহণ। অহা ৮টা বছৰৰ ভিতৰত দেশৰ বিমান-যাত্ৰীৰ সংখ্যা বৰ্তমানৰ দুগুণলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। এনে প্ৰেক্ষাপটতে ভাৰতৰ ব্যক্তিগতখণ্ডৰ বিমান-পৰিবহণ সংস্থাসমূহে আগন্তুক দশকটোৰ ভিতৰত এহেজাৰ নতুন বিমান অন্তৰ্ভুক্ত কৰিবলৈ মনস্থ কৰিছে। বিনিয়োগকাৰীৰ বাবে এয়া এক বিশাল সুযোগ। তদাৰকী আৰু মেৰামতিৰ ক্ষেত্ৰখনেও বিপুল সম্ভাৱনীয়তাৰ সৃষ্টি কৰিছে। বিমান পৰিবহণৰ ক্ষেত্ৰত আপোনালোকে দেখা সপোনটোক আকাশত বিচৰণ কৰাৰ সুযোগ দিবলৈকে ভাৰতৰ বিমান পৰিবহণ খণ্ডত বিনিয়োগৰ এয়াই উপযুক্ত সময়।

প্ৰতিৰক্ষা আৰু মহাকাশ, বিত্ত আৰু বীমা ক্ষেত্ৰয়ো বিভিন্ন সংস্কাৰমূলক পদক্ষেপৰে বিনিয়োগৰ বিপুল সম্ভাৱনীয়তা সৃষ্টি কৰিছে।

মই মাত্ৰ কেইটামান বিকল্পৰ বিষয়েহে আপোনালোকক উনুকিয়াইছো আৰু সেয়াও কোনো পৰামৰ্শদান মাচুল নোলোৱাকৈয়ে!

বন্ধুসকল,

আত্মবিশ্বাস প্ৰদৰ্শনৰ উত্তম পন্থা হল বিনিয়োগ। বিদেশী বিনিয়োগৰ ক্ষেত্ৰত আমি প্ৰত্যেক বছৰে অভিলেখ ৰচনা কৰি আহিছো। এই সময়চোৱাত যেন পিচৰটো বছৰ আগৰটোতকৈয়ো অধিক সাফল্যৰ হৈহে আহিছে। ২০১৯-২০ত ভাৰতৰ বিদেশী বিনিয়োগৰ পৰিমাণ আছিল ৭৪ বিলিয়ন মাৰ্কিন ডলাৰ। বিগত বৰ্ষৰ তুলনাত এয়া আছিল ২০শতাংশ অধিক। ইউএছআইবিচি-য়ে জনোৱা তথ্য মতে মাৰ্কিন যুক্তৰাষ্ট্ৰই কৰা প্লেডজ ইনভেষ্টমেণ্ট-য়ে এই বছৰ ৪০বিলিয়ন ডলাৰৰ সীমা ইতিমধ্যেই অতিক্ৰম কৰিছে। চাওকচোন, এয়াও আকৌ সম্ভৱ হৈছে সম্প্ৰতি অব্যাহত থকা মহামাৰীৰ মাজতে। কভিড-১৯ৰ সংক্ৰমণৰ মাজতে এপ্ৰিল আৰু জুলাই ২০২০ৰ সময়চোৱাতে ভাৰতে ২০ বিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ বিদেশী বিনিয়োগ আহৰণ কৰিবলৈ সক্ষম হৈছে।

পিচে, ভাৰতে আৰু অনেক সুযোগ আগবঢ়াব খুজিছে। গোলকীয় অৰ্থনীতিক আৰোগ্য কৰিবলৈকে আমি শক্তি আহৰণ কৰিব বিচাৰিছো।

বন্ধুসকল ভাৰতৰ উথ্থানৰ অৰ্থ হ : আপোনালোকে বিশ্বাসত লব পৰা এখন ৰাষ্ট্ৰৰ সৈতে বাণিজ্যৰ উথ্থান, বৰ্দ্ধিত মুক্ত মনোভাৱৰে গোলকীয় সংহতিৰ উথ্থান, বিশালতাৰ সুযোগ প্ৰদান কৰা বিপণন ক্ষেত্ৰত আপোনালোকৰ প্ৰযোগিতাসুলভতাৰ উথ্থান।

বন্ধুসকল,

মাৰ্কিন-ভাৰত অৰ্থনৈতিক জোঁট-বন্ধনক আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধতা দোহৰা ইউএছআইবিচি-ৰ নেতৃবৃন্দক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলো। ইউএছআইবিচি-য়ে আৰু অধিক সাফল্য অৰ্জন কৰক!

ভাৰত-মাৰ্কিন বন্ধুত্ব আৰু অধিক প্ৰগাঢ় হওক!

নমস্তে!

ধন্যবাদ!

***

VRRK/SH/KB



(Release ID: 1640624) Visitor Counter : 249