ৰেল মন্ত্ৰালয়

বেচৰকাৰী ৰে’ল প্ৰকল্পত ৰে’ল পৰিচালনা ক্ষেত্ৰত প্ৰাক আবেদনপৰ্বৰ বৈঠক সম্পন্ন

বৈঠকত ১৬ আবেদকৰ অংশগ্ৰহণ

ৰে’লসমূহ চলিব ৰাজহুৱা – ব্যক্তিগত অংশীদাৰীত্বৰ আধাৰত

এই নতুন পদক্ষেপে আনিব নতুন প্ৰযুক্তি, বৃদ্ধি কৰিব ৰাজহ আৰু নিয়োগৰ সুবিধা

ইতিমধ্যে চলি থকা ৰে’লসমূহত এই ৰে’লসমূহ হ’ব অতিৰিক্ত সংযোজন

প্ৰস্তাৱিত আবেদকসকলে উত্থাপন কৰা সমস্যাবোৰৰ ওপৰত আলোচনা সম্পন্ন আৰু ৰে’ল মন্ত্ৰালয় আৰু নিতি আয়োগৰ বিষয়াসকলৰ দ্বাৰা স্পষ্টীকৰণ তথা সমাধান প্ৰদান, যাতে RFQ তথা নিবিদা পৰিকাঠামোৰ বিভিন্ন দিশৰ স্পষ্টতা আৰু অধিক বৃদ্ধি কৰিব পাৰি

ৰে’ল পৰিচালনাত থকা বিভিন্ন অপাৰেটৰবোৰে সৃষ্টি কৰিব ব্যাপক প্ৰতিযোগিতাৰ আৰু লগতে সেৱাৰ মানদণ্ডও উন্নীত কৰিব

Posted On: 21 JUL 2020 6:26PM by PIB Guwahati

ৰে’ল মন্ত্ৰালয়ে আজি বেচৰকাৰী ৰে’ল প্ৰকল্পক লৈ এক প্ৰাক আবেদনপৰ্বৰ বৈঠকৰ আয়োজন কৰে। ১৬ জন সাম্ভাৱ্য আবেদনকাৰীৰ উপস্থিতিত এই বৈঠক সকলোৰে বিশেষ উৎসাহ দেখা যায়।

 

ৰে’ল মন্ত্ৰালয়ে ভালেমান দিশেৰে বেচৰকাৰীভাৱে ৰে’ল  চলোৱাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও, অন্যান্য ১০৯ টা লাইনত ১৫১ খন অত্যাধুনিক ৰে’ল সেৱাৰ বেচৰকাৰীকৰণৰ চেষ্টা কৰিছে। এই ক্ষেত্ৰত ৰে’ল মন্ত্ৰালয়ে ১২ জন আবেদনকাৰীৰ যোগ্যতা বিবেচনা কৰিছে। তেওঁলোকৰ এই ৰে’ল সেৱাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী।

 

ভাৰতীয় ৰে’লে প্ৰথমবাৰৰ বাবে যাত্ৰী পৰিবহনৰ ক্ষেত্ৰত বেচৰকাৰী উদ্যোগ গ্ৰহণ কৰিছে।  এই প্ৰকল্পৰ মাধ্যমেৰে ভাৰতীয় ৰে’ল প্ৰায় ৩০ হাজাৰ কোটি টকা বিনিয়োগ হ’ব বুলি আশা কৰা হৈছে। এই উদ্যোগৰ উদ্দেশ্য হ’ল দেশৰ জনগণক আৰু উন্নত ৰে’ল সেৱাৰ সুবিধা প্ৰদান কৰা। প্ৰকল্পটোত অত্যাধুনিক প্ৰযুক্তি, ৰে’ল কোচ আৰু ইঞ্জিনৰ সংস্থান থাকিব। ইয়াৰ মূল  লক্ষ্যই হ'ল ৰে’ল ভ্ৰমণৰ ক্ষেত্ৰত যাত্ৰীসকলৰ আৰু উচ্চমানৰ সেৱা প্ৰদানৰ মাধ্যমেৰে ভ্ৰমণক আৰু উপভোগ্য কৰি তোলা। এতিয়াৰে পৰা ৰে’ল পৰিচালনায় একাধিক পৰিচালনকাৰী সংস্থাৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি হ’ব, অৱশ্যে তাৰ লগতে সেৱাৰ মানো উন্নত হ’ব। সমান্তৰালভাৱে, যাত্ৰী পৰিবহন ক্ষেত্ৰত যি চাহিদা আছে সেয়াও হ্ৰাস পাব।

 

প্ৰস্তাৱিত এই কামৰ বাবে বেচৰকাৰী সংস্থাবোৰৰ যোগ্যতা বিচাৰ কৰি চোৱা হ’ব। ইয়াৰ বাবে ৰে’ল মন্ত্ৰালয়ে এক দ্বি-স্তৰীয়  নিলাম প্ৰক্ৰিয়াৰো আয়োজন কৰিছে। এই নিলাম প্ৰক্ৰিয়াত অংশগ্ৰহণৰ অংগ হিচাপে বেচৰকাৰী ৰে’ল প্ৰকল্পত ৰে’ল পৰিচালনা ক্ষেত্ৰৰ প্ৰাক আবেদনকাৰীসকলক লৈ বৈঠকৰ আয়োজন কৰা হয়। এই বৈঠকত সাম্ভাব্য আবেদনকাৰীসকলৰ উত্থাপিত বিষয় আৰু প্ৰশ্নবোৰক লৈ আলোচনা কৰা হয়। ৰে’ল মন্ত্ৰালয় আৰু নীতি আয়োগে নিলাম প্ৰক্ৰিয়াৰ পদ্ধতি,নিলামত অংশগ্ৰহণৰ নিয়ম, আবেদনকাৰীসকলৰ যোগ্যতা, ৰে’ল ক্ৰয় আৰু সংগ্ৰহ, ৰে’লৰ পৰিচালনা আৰু ৰে’লখন কোনটো লাইনত চলিব সেই সম্পৰ্কে সাম্ভাব্য আবেদনকাৰীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে।

 

মন্ত্ৰালয়ে স্পষ্টভাৱে জনাইছে যে এই বেচৰকাৰী ৰে’ল  প্ৰকল্পৰ আওতাত পৰিচালিত ৰে’লবোৰ আবেদনকাৰীয়ে ক্ৰয় কৰিবও পাৰিব অথবা লীজতো গ্ৰহণ কৰিব পাৰিব। মন্ত্ৰালয়ে এয়াও স্পষ্ট কৰি দিছে যে ৰে’ল চলাচল সংক্ৰান্তীয় বিপদাশংকা আৰু সাম্ভাব্য ক্ষতিৰ পৰিমাণ অনুপাত ভিত্তিত সংশ্লিষ্ট বেচৰকাৰী ক্ষেত্ৰ আৰু ৰে’লে সমানভাৱে বহন কৰিব।

 

আগন্তুক ৩১ জুলাইৰ ভিতৰত সাম্ভাব্য আবেদনকাৰীসকলৰ পৰা লাভ কৰা আটাইবোৰ প্ৰশ্নৰ লিখিত উত্তৰ প্ৰদান কৰিব ৰে’ল মন্ত্ৰালয়ে। পৰৱৰ্তী বৈঠক অহা ১২ আগষ্টত অনুষ্ঠিত হ’ব।

 

 

***

DJN/MKV/RD



(Release ID: 1640549) Visitor Counter : 198