স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শক্ৰমে ১৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি ১০লাখত প্ৰতিদিনে ১৪০তকৈ অধিক পৰীক্ষা সম্পন্ন কৰিছে

ভাৰতত বৰ্তমান আক্ৰান্তৰ হাৰ ৮.০৭%

৩০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত আক্ৰান্তৰ হাৰ ৰাষ্ট্ৰীয় গড় হিচাপতকৈ নিম্ন

Posted On: 21 JUL 2020 7:38PM by PIB Guwahati

ক’ভিড-১৯ৰ মোকাবিলা কৰাত পৰীক্ষা, চিনাক্ত, চিকিৎসা এই কৌশল সর্বাত্মক ৰূপত গ্রহণ কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰৰ নেতৃত্বত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহে বিভিন্ন প্ৰচেষ্টা গ্রহণ কৰিছে৷ নমুনা পৰীক্ষা কৰাৰ প্ৰচেষ্টা বৃদ্ধিৰ ফলত দৈনিক প্রতি ১০ লাখত ১৮০টাকৈ নমুনা পৰীক্ষা কৰাটো সম্ভৱ হৈছে৷

‘ক’ভিড-১৯ৰ পৰিপ্রেক্ষিতত জনস্বাস্থ্য আৰু সামাজিক ব্যৱস্থাপনাৰ বাবে জনস্বাস্থ্যৰ নিয়মাৱলী’ শীর্ষক বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামর্শক্ৰমে সন্দেহজনক ক’ভিড-১৯ত সংক্রমিতত সর্বাত্মক নিৰীক্ষণৰ ওপৰত জোৰ দিয়া হৈছে৷ তদুপৰি, প্রতিখন দেশক বিশ্ব স্বাস্থ্য সংস্থাই দৈনিক প্রতি ১০ লাখ লোকৰ বিপৰীতে ১৪০টা নমুনা পৰীক্ষাৰ পৰামর্শ আগবঢ়াইছে৷

১৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি ১০লাখত প্ৰতিদিনে ১৪০তকৈ অধিক পৰীক্ষা সম্পন্ন কৰিছে৷ গোৱাত প্ৰতি ১০লাখ লোকৰ বিপৰীতে সৰ্বাধিক ১,৩৩৩গৰাকী লোকৰ নমূনা পৰীক্ষা কৰা হৈছে৷

ইফালে, কেন্দ্ৰীয় চৰকাৰ আৰু আইচিএমআৰে ধাৰাবাহিকভাৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক পৰীক্ষাৰ পৰিমাণ বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে৷ ভাৰতত প্ৰতি ১০লাখ লোকৰ বিপৰীতে বৰ্তমান পৰীক্ষা সম্পন্ন কৰা লোকৰ সংখ্যা ১০,৪২১ হৈছে৷ এই প্ৰচেষ্টাই ক’ভিড-১৯ত আক্ৰান্ত লোকক শীঘ্ৰে চিনাক্ত কৰাৰ লগতে সময়মতে তথা ফলপ্ৰসূ চিকিৎসা আগবঢ়োৱাত সহায় হৈছে৷

শেহতীয়া তথ্যমতে ভাৰতত আক্ৰান্ত লোকৰ হাৰ ধাৰাবাহিকভাৱে হ্ৰাস পাই ৮.০৭% হৈছে৷ ৩০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত আক্ৰান্তৰ হাৰ ৰাষ্ট্ৰীয় গড় হিচাপতকৈ নিম্ন হৈছে৷ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

****

MV/SG/DB



(Release ID: 1640430) Visitor Counter : 176