স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰপৰা ৭ লাখৰো অধিক লোকৰ আৰোগ্য লাভ

২.৪৬% ৰে বিশ্বৰ ভিতৰতে ন্যূনতম মৃত্যুৰ হাৰ ভাৰতৰ

Posted On: 20 JUL 2020 2:44PM by PIB Guwahati

দেশত আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ নিৰৱচ্ছিন্নভাৱে অৱনমিত হৈ আছে। আজি এই হাৰ ২.৪৬% লৈ অৱনমিত হয়। যাৰ জৰিয়তে বিশ্বৰ ভিতৰতে ভাৰতৰ আক্ৰান্ত লোকৰ মূত্যুৰ হাৰ ন্যূনতম হৈ পৰে। এটা সু পৰিকল্পিত মানসম্পন্ন যতন প্ৰট’কলৰ জৰিয়তে পৰিমিত আৰু তীব্ৰভাৱে আক্ৰান্তসকলৰ ফলপ্ৰসূ ক্লিনিকেল ব্যৱস্থাপনাৰ বাবেই ক’ভিড ৰোগীসকলে অধিক হাৰত আৰোগ্য লাভ কৰিছে। সমন্বিতভাৱে ক’ভিড-১৯ক প্ৰতিহত কৰাত কেন্দ্ৰই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সংশ্লিষ্ট চৰকাৰসমূহৰে হাতে-হাত ধৰিছে আৰু সহায়-সহযোগিতা আগবঢ়াইছে। এনে এটা ব্যৱস্থাৰ অন্যতম হৈছে নতুন দিল্লীস্থিত এইমছৰ ই-আইচিইউ কাৰ্যক্ৰম। মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে, এইমছে ১১ খন ৰাজ্যৰ ৪৩ খন ডাঙৰ চিকিৎসালয়ক পৰামৰ্শ আৰু সহায় আগবঢ়াইছে। ইয়াৰ অংশস্বৰূপে এইমছে আইচিইউ ত থকা ৰোগীৰ ক্লিনিকেল ব্যৱস্থাপনাৰ ডমেইন বিশেষজ্ঞসকলৰপৰা অভিজ্ঞতা আৰু কাৰিকৰী পৰামৰ্শাৱলী যোগান ধৰিছে। ইয়াৰদ্বাৰা এই চিকিৎসালয়সমূহৰ ক্ৰিটিকেল কেয়াৰ পেচেন্টক চিকিৎসা প্ৰদান কৰাৰ সক্ষমতা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে।

অদ্যপি ৭ লাখৰো অধিক লোকে ক’ভিড-১৯ৰপৰা আৰোগ্য লাভ কৰিছে আৰু চিকিৎসালয়ৰপৰা ঘৰলৈ উভটিছে। যাৰ পৰিণতিত সক্ৰিয় ক’ভিড আক্ৰান্ত আৰু আৰোগ্য লাভ কৰা লোক (৭,০০,০৮৬)ৰ ব্যৱধান ৩,০৯,৬২৭ লৈ সম্প্ৰসাৰিত হৈছে। যোৱা ২৪ ঘন্টাত ক’ভিড-১৯ৰপৰা ২২,৬৬৪ জন আক্ৰান্তই আৰোগ্য লাভ কৰে। বৰ্তমানে এই আৰোগ্য লাভৰ হাৰ ৬২.৬২%।

আক্ৰান্ত হৈ থকা মুঠ ৩,৯০,৪৫৯ ৰোগীকে চিকিৎসালয় আৰু হ’ম আইছ’লেশ্যনত চিকিৎসা সেৱা প্ৰদান কৰি থকা গৈছে।

ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী বিষয়, নীতি-নিৰ্দেশনা আৰু পৰামৰ্শাৱলীৰ সকলো শুদ্ধ আৰু শেহতীয়া তথ্যৰ কাৰণে অনুগ্ৰহ কৰি নিয়মিতভাৱে https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA চাওঁক।

ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী প্ৰশ্ন থাকিলে technicalquery.covid19[at]gov[dot]in আৰু আন প্ৰশ্ন থাকিলে ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva লৈ প্ৰেৰণ কৰিব পাৰে।

ক’ভিড-১৯ সন্দৰ্ভত যিকোনো প্ৰশ্নৰ কাৰণে, অনুগ্ৰহ কৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ হেল্পলাইন নং: +91-11-23978046 বা 1075 (ট’ল-ফ্ৰী) ত ফোন কৰিব পাৰে। ক’ভিড-১৯ সন্দৰ্ভত ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হেল্পলাইন নম্বৰসমূহৰ তালিকা https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf তো উপলব্ধ।

****

MV/SG/SB



(Release ID: 1640086) Visitor Counter : 206