স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

নতুন দিল্লী এইমছৰ “ই-আইচিইউ” ভিডিঅ’ পৰামৰ্শদান কাৰ্যসূচীয়ে লাভ কৰিছে আকৰ্ষণ

বৰ্তমানলৈকে ১১খন ৰাজ্যৰ ৪৩খন ডাঙৰ চিকিৎসালয়ক সামৰি লৈছে

Posted On: 20 JUL 2020 10:35AM by PIB Guwahati

ভাৰত চৰকাৰে ক’ভিড-১৯ৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাক আৰু অধিক জোৰদাৰ কৰাৰ লক্ষ্যৰে নতুন দিল্লীৰ এইমছে যোৱা জুলাইৰ পৰা দেশৰ বিভিন্ন চিকিসালয়ৰ আইচিইউ চিকিসকসকলৰ সৈতে ভিডিঅ’ পৰামৰ্শদান কাৰ্যসূচী আৰম্ভ কৰিছে। 'ই-আইচিইউ' শীৰ্ষক এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে, বিভিন্ন চিকিসালয় আৰু ক’ভিড কেয়াৰ চেণ্টাৰত ক’ভিড-১৯ ৰোগীসকলৰ চিকিসাৰ কামত জড়িত চিকিসকসকলৰ মাজত চিকিসা সেৱা সম্পর্কিত বিষয়ত আলোচনা কৰা৷ এই কাৰ্যসূচীৰ জৰিয়তে ক’ভিড-১৯ চিকিসাৰ কামত জড়িত ফিজিচিয়ান তথা আইচিইউৰ দায়িত্বে থকা চিকিসকসকলে বিভিন্ন বিষয়ত জনাৰ সুযোগ পোৱাৰ লগতে তেওঁলোকৰ অভিজ্ঞতা আৰু জ্ঞান এইমসৰ বিশেষজ্ঞ চিকিসকসকলৰ সৈতে বিনিময় কৰিব পাৰিব৷


ভিডিঅ’ প্লেটফর্মৰ জৰিয়তে কৰা আলোচনাৰ প্রাথমিক উদ্দেশ্য হ’ল আইছ’লেচন বেড, অক্সিজেন সমৰ্থিত আইচিইউ বিছনাসহ ১,০০০খন বিছনাযুক্ত চিকিসালয়ত ইয়াৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাৰ পৰা শিক্ষালৈ সেয়া বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি ক’ভিড-১৯ৰ মৃত্যু হাৰ হ্ৰাস কৰা৷ বৰ্তমানলৈকে ভিডিঅ’ প্লেটফর্মৰ জৰিয়তে অনুষ্ঠিত চাৰিবাৰৰ আলোচনা দেশৰ ৪৩খন চিকিসালয়ক সামৰি লোৱা হৈছে৷ ইয়াৰে ভিতৰত মুম্বাইৰ ১০খন, গোৱাৰ ৩খন, দিল্লীৰ ৩খন, গুজৰাটৰ ৩খন, তেলেংগানাৰ ২খন, অসমৰ ৫খন, কৰ্ণাটকৰ এখন বিহাৰৰ এখন, অন্ধ্ৰপ্ৰদেশৰ এখন, কেৰালাৰ এখন আৰু তামিলনাডুৰ ১৩খন চিকিসালয় আছে৷

প্ৰায় ডেৰ-দুই ঘণ্টাজুৰি অনুষ্ঠিত এই আলোচনাত চিকিসকসকলে ক’ভিড-১৯ ৰোগীসকলৰ চিকিসা সেৱা সম্পর্কীয় বিভিন্ন বিষয়ক লৈ মতামত প্ৰকাশ কৰিছে৷ এই ধৰণৰ আলোচনাত ক’ভিড-১৯ চিকিসা পদ্ধতিৰ নিত্যনতুন বিভিন্ন পন্থা যেনে-‘অনুসন্ধামূলক থেৰাপী’ যেনে ৰেমডেছেভিৰ, প্লাজমা আৰু তকিলিজুমাব সম্পৰ্কীয় বিষয়বোৰে অগ্ৰাধিকাৰ লাভ কৰে৷ তদুপৰি, আইচিইউ আৰু ভেণ্টিলেটৰত থকা ৰোগীসকলৰ অক্সিজেন যোগান, ভেণ্টিলেটৰ সংস্থাপন পদ্ধতি ইত্যাদি দিশৰ সম্পর্কেও আলোচনা হৈছে৷

চিকিসাধীন ৰোগীৰ সৈতে সহজ-সৰল পদ্ধতিত শাৰীৰিক পৰিস্থিতি সম্পর্কে জনাৰ উপায়, স্বাস্থ্য সেৱাৰ সৈতে জড়িত কর্মীসকলৰ শাৰীৰিক পৰীক্ষা, মধুমেহ ৰোগীসকলৰ উপযুক্ত চিকিসা সেৱা, ষ্ট্ৰোক, ডায়েৰীয়া আৰু অন্যান্য ৰোগৰ ক্ষেত্রত উপযুক্ত সময়ত চিকিসা সেৱা আগবঢ়োৱা, ৰোগীসকলৰ সৈতে চিকিসকসকলৰ যোগাযোগ ইত্যাদি বিষয়সমূহেও আলোচনাত ঠাই পাইছে৷

অনাগত দিনসমূহতো নতুন দিল্লীৰ এইমছৰ ফালৰ পৰা ই-আইচিইউ ভিডিঅ’ পৰামৰ্শদান কাৰ্যসূচীৰ আয়োজন কৰা হ’ব৷ দেশত ৫০০তকৈ অধিক বিছনা থকা চিকিসালয়সমূহক আইচিইউ বিভাগৰ চিকিসকসকলক এই কাৰ্যসূচীত জড়িত কৰা হ’ব৷

.

****

MV/SG/DB



(Release ID: 1640057) Visitor Counter : 216