ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
সমগ্ৰ দেশতে পৰ্যাপ্ত পৰিমাণে মজুত আছে সাৰ : গৌড়া
ৰাজ্যত ইউৰীয়াৰ পৰ্যাপ্ততা সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে শ্ৰী গৌড়াৰে তেলেংগাণাৰ কৃষি মন্ত্ৰী শ্ৰী ছিংগিৰেড্ডী নি়ৰঞ্জন ৰেড্ডীৰ সাক্ষাত্
Posted On:
20 JUL 2020 4:19PM by PIB Guwahati
খাৰিফ শস্যৰ বতৰ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত দেশত ইতিমধ্যে ৰসায়ণ আৰু সাৰৰ চাহিদা ব্যাপক হাৰত বৃদ্ধি পাইছে। এই চাহিদা পূৰণ কৰাৰ বাবে চৰকাৰে উত্পাদক আৰু ৰাজ্য চৰকাৰসমূহৰ সৈতে ঘনিষ্ঠতাৰে যোগাযোগ অক্ষুন্ন ৰাখিছে। এই মন্তব্য কেন্দ্ৰীয় ৰাসায়ণ আৰু সাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াৰ।
এই সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ কৃষক সমাজৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সাৰৰ আমদানীৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা নিয়মীয়া পৰিক্ৰমাকো হ্ৰাস কৰা হৈছে।
ইফালে, ৰাজ্যত ইউৰীয়াৰ পৰ্যাপ্ততা সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে তেলেংগাণাৰ কৃষি মন্ত্ৰী শ্ৰী ছিংগিৰেড্ডী নি়ৰঞ্জন ৰেড্ডীয়ে আজি শ্ৰী গৌড়াক সাক্ষাত্ কৰে। তেওঁ কয় যে, ৰাজ্যখনত এইবেলি মৌচুমীৰ প্ৰবাহ আশানুৰূপ হোৱাৰ পৰিপ্ৰেক্ষিতত সাৰৰ চাহিদা আগতকৈয়ো অধিক হোৱা পৰিলক্ষিত হৈছে। তেওঁ ৰাজ্যখনলৈ পৰ্যাপ্ত পৰিমাণে সাৰৰ যোগান দিয়াৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ কৰে।
প্ৰত্যুত্তৰত শ্ৰী গৌড়াই সমগ্ৰ দেশতে পৰ্যাপ্ত পৰিমাণে সাৰ মজুত আছে আৰু তাৰ পিচতো যদি চাহিদা বৃদ্ধি ঘটে তেন্তে সেই চাহিদা পূৰণ কৰিব পৰাকৈ অধিক সাৰৰ যোগান ধৰাৰ বাবে সকলো ব্যৱস্থা কৰা হব প্ৰতিশ্ৰুতি প্ৰদান কৰে।
RCJ/RKM/KB
(Release ID: 1640038)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam