পোষ্ট কৰা হৈছে:
19 JUL 2020 10:34AM by PIB Guwahati
উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী এম. ভেংকায়া নাইডুৱে ক’ৰোনা ভাইৰাছৰ প্ৰাদূৰ্ভাৱৰ বিভিন্ন কাৰক আৰু ক’ভিড-১৯ মহামাৰীৰ শেহতীয়া যুঁজখনত উৎকণ্ঠিত জনতাক প্ৰয়োজনীয় তথ্য, বিশ্লেষণ আৰু দৃষ্টিকোণৰ জ্ঞান দিয়াত জনসাধাৰণক শক্তিশালী কৰাত সংবাদ মাধ্যমে গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা কৰে৷ মহামাৰীৰ ক্ষেত্ৰত ব্যাপক বৰ্ণনাৰে সজাগতা সৃষ্টিত তৃণমূল পৰ্যায়ত গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ বাবে সংবাদকৰ্মীসকলক ‘অগ্ৰণী’ যোদ্ধা বুলি আখ্যা দিয়ে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে৷
“সংবাদ মাধ্যমঃ আমাৰ ক’ৰোনা ক্ষণৰ সহযোগী” শীৰ্ষক ফেচবুক পোষ্টত আজি শ্ৰী নাইডুৱে কয় যে বিগত কেইটামান মাহত ক’ৰোনা ভাইৰাছৰ প্ৰাদূৰ্ভাৱ হোৱাৰে পৰা জনসাধাৰণৰ মাজত তথ্য, শিক্ষাৰে সবলীকৰণ কৰাত সংবাদ মাধ্যম আৰু সংবাদকৰ্মীসকলে এক বিশ্বস্ত সহযোগী হিচাপে ভূমিকা পালন কৰিছে৷ তেওঁ কয় যে মানুহে যেতিয়া দুৰ্যোগৰ সন্মুখীন হয়, তেতিয়া তেওঁলোকে ইয়াৰ কাৰণ আৰু পৰিণাম, সময় তথা ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় তথা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে কি পদক্ষেপ লৈছে, ইত্যাদি সন্দৰ্ভত সংবাদমাধ্যমত প্ৰকাশিত খবৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷
তেওঁ লগতে সংবাদ মাধ্যমে জনসাধাৰণে মাস্ক পিন্ধা, সামাজিক দুৰত্ব বজাই ৰখা, সঘনে হাঁত ধোৱা, সুষম আহাৰ গ্ৰহণ কৰা, নিয়মীয়া ব্যায়াম, আধ্যাত্মিক অনুশীলন ইত্যাদিৰ দৰে প্ৰতিৰোধী পদক্ষেপৰ প্ৰচাৰ কৰা বিশেষ জনসংযোগ কাৰ্যসূচীৰ সন্দৰ্ভতো উল্লেখ কৰে৷
এই জটিল সময়ত বিজ্ঞাপন প্ৰচাৰ নোহোৱাৰ ফলত ৰাজহ হ্ৰাস পোৱাৰ পাছতো জনসাধাৰণক সজাগ কৰাৰ মনোভাৱ বৰ্তাই ৰাখিছে সংবাদ মাধ্যমে৷ তেওঁ লগতে বিশেষকৈ ছপা মাধ্যমে বাতৰি কাকত ক’ৰোনাৰ বাহক বুলি প্ৰচাৰিত জনৰৱৰ বাবে অধিক সমস্যাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰে৷ ছপা মাধ্যমৰ সন্দৰ্ভত শ্ৰী নাইডুৱে কয়, “মই অতি গুৰুত্বসহকাৰে ছপা মাধ্যমক অনুসৰণ কৰো৷ ক’ৰোনা ভাইৰাছ তথা ইয়াৰ নিয়ন্ত্ৰণৰ বাবে কাকতসমূহে দিয়া ঠাই যুদ্ধৰ সময়ত কৰা বাতৰিতকৈও অধিক হোৱা পৰিলক্ষিত হৈছে৷ এই ভাইৰাছৰ প্ৰভাৱ তথা ইয়াৰ উপশমৰ উপায় সন্দৰ্ভত অধিকাংশ কাকতে পুংখানুপুংখকৈ আগ্ৰহী পাঠকক দিবলৈ সক্ষম হৈছে৷”
ইফালে, একাংশ টেলিভিশ্যনত প্ৰকাশিত কেতবোৰ বাতৰিয়ে জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰা বুলি সদৰি কৰি এনে কাৰ্যৰ পৰা বিতৰ থাকিবলৈ কয়৷ তদুপৰি, নেটিজেনক এই ভাইৰাছ তথা ৰোগৰ সন্দৰ্ভত প্ৰচাৰিত অপপ্ৰচাৰৰ বিৰুদ্ধে মাত মাতি প্ৰকৃত সত্য প্ৰচাৰ কৰিবলৈ আহ্বান জনায়৷
তেওঁ লগতে উল্লেখ কৰে যে একাংশ সাংবাদিকে মাস্ক পৰিধান কৰি তৃণমূল পৰ্যায়ত মাস্ক নিপিন্ধাকৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলে ঘৰলৈ ঘূৰি যোৱাৰ বাবে ভূগি অহা দুৰ্ভোগৰ বাতৰি পৰিৱেশন কৰিবলৈ গৈ নিজেই ক’ৰোনাৰ চিকাৰ হোৱাৰ লগতে মৃত্যুকো আকোঁৱালি ল’বলগীয়া হৈছে৷ সংবাদকৰ্মীসকলক তেওঁলোকৰ সমৰ্পিত মনোভাৱৰ বাবে ‘অগ্ৰণী যোদ্ধা’ বুলি আখ্যা দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সেই সংবাদ কৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷
ৰাজ্যসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে মহামাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সংসদীয় পৰ্যায়ৰ পৰীক্ষণ চলি আছে৷ শ্ৰী নাইডুৱে কয় যে লোকসভাৰ অধ্যক্ষ শ্ৰী ওম প্ৰকাশ বিৰলাৰ সৈতে তেওঁ কেইবাখনো বৈঠকত মিলিত হৈ ক’ৰোনা বাবে সামাজিক দুৰত্ব বজাই ৰাখি সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত আলোচনা কৰিছে৷ চৰকাৰেও তেওঁলোকৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰা বুলি সদৰি কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে৷
****
VRRK/MS/MSY/DP/DB