হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

পদপথৰ ব্যৱসায়ীসকলৰ দুৱাৰদলিত মাইক্ৰ’ক্ৰেডিট সুবিধা উপলব্ধ কৰাবৰ বাবে প্ৰধানমন্ত্ৰী স্বনিধি মোবাইল এপ্প মুকলি

সমগ্ৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত এলেকাত এই পৰ্যন্ত ১,৫৪,০০০ ৰো অধিক পদপথৰ ব্যৱসায়ীয়ে মূলধনী ঋণৰ বাবে আবেদন জানাইছে

Posted On: 17 JUL 2020 5:36PM by PIB Guwahati

কেন্দ্ৰীয় হাউছিং আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ সচিব শ্ৰী দুৰ্গাশঙ্কৰ মিশ্ৰই আজি প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি বা পিএম স্বনিধি কাৰ্যসূচীৰ মোবাইল এপ্প মুকলি কৰে। এই এপ্পৰ উদ্দেশ্য হ’ল – পিএম স্বনিধি কাৰ্যসূচীৰ আওতাত পদপথৰ ব্যৱসায়ীসকলৰ ঋণ সংক্ৰান্তীয় আবেদন পত্ৰবোৰ ক্ষীপ্ৰতাৰে পৰীক্ষা কৰি ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানবোৰৰ বাবে এক ব্যৱহাৰ-অনুকূল প্ৰণালীৰ সুযোগ প্ৰস্তুত কৰি দিয়া। শ্ৰী মিশ্ৰই ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে এই এপ্প মুকলি কৰে।

 

পিএম স্বনিধি মোবাইল এপ্প ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ যিানেই বৃদ্ধি পাব, সিমানেই বেংকিং কৰেছপণ্ডেণ্ট আৰু এজেণ্টসকলৰ দৰে ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানবোৰৰ কাম-কাজ সুষ্ঠভাৱে পৰিচালনাৰ ক্ষেত্ৰত সহায়ক হ’ব। ইয়াৰ ফলত, ক্ষুদ্ৰ ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানবোৰে আৰু সহজে ঋণ সহায়তাৰ বাবে পদপথৰ ব্যৱসায়ীসকলৰ কাষলৈ যোৱাত সুবিধা হ’ব। অলপতে মুকিল হোৱা এই মোবাইল এপ্পটোৱে পিএম স্বনিধি কাৰ্যসূচীৰ ৰূপায়ণত আৰু অধিক গতি সঞ্চাৰ কৰিব। তাৰ উপৰিও, কাগজ পত্ৰৰ ব্যৱহাৰ অবিহনেই ডিজিটেল পদ্ধতিৰে পদপথৰ ব্যৱসায়ীসকলৰ কাষ চাপিবলৈ সুবিধা হ’ব এই এপ্পৰ ফলত।

 

উল্লেখ্য যে কেন্দ্ৰীয় হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে বিগত ২৯ জুন তাৰিখে পিএম স্বনিধি কাৰ্যসূচী সংক্ৰান্তীয় এক ৱেবপ’ৰ্টেলো মুকলি কৰে। ৱেবপ’ৰ্টেলটোত যিধৰণৰ বৈশিষ্ট্য আছে, মোবাইল এপ্পতো অনুৰূপ বৈশিষ্ট্যই থাকিব। উল্লেখযোগ্য যে পিএম স্বনিধি কাৰ্যসূচীৰ আওতাত বিগত ২ জুলাই পৰ্যন্ত ১ লাখ ৫৪ হাজাৰতকৈও অধিক পদপথৰ  ব্যৱসায়ীক ঋণৰ সুবিধা প্ৰদান কৰা হৈছে। আনকি, ইতিমধ্যেই ৪৮ হাজাৰ পদপথৰ ব্যৱসায়ীক ঋণ সহায়তা প্ৰদানৰ বিষয়টোত অনুমতি দিয়া হৈছে।

 ***************

RJ/NG/RD



(Release ID: 1639710) Visitor Counter : 199