প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰসংঘৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে ECOSOCৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

Posted On: 17 JUL 2020 8:49PM by PIB Guwahati

মান্যবৰ

বন্ধু-বান্ধৱীসকল,

এই বৰ্ষত আমি ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপন কৰিছো। ই হৈছে মানৱ প্ৰগতিৰ অৰ্থে ৰাষ্ট্ৰসংঘই আগবঢ়োৱা বহু বৰঙণিৰ কাৰণে ইয়াক স্বীকৃতি প্ৰদানৰ পৰ্ব। আজিৰ বিশ্বখনলৈ ৰাষ্ট্ৰসংঘৰ ভূমিকা আৰু প্ৰাসংগিকতা বুজি উঠাৰো ই এটা সুযোগ আৰু ইয়াক সুন্দৰ ভৱিষ্যতৰ নিমিত্তে গঢ় দিয়াৰো এয়াই উপযুক্ত সময়।

মান্যবৰ,

দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত লগে-লগে প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰসংঘৰ ৫০ প্ৰতিষ্ঠাপক সদস্যৰ অন্যতম আছিল ভাৰত। তেতিয়াৰপৰা বহুখিনি সলনি হৈছে। আজি ৰাষ্ট্ৰসংঘত আছে ১৯৩ খন সদস্য ৰাষ্ট্ৰ। ইয়াৰ সদস্যৰ্ভুক্তিৰে, সংস্থাটোৰপৰা প্ৰত্যাশাও বৃদ্ধি পাইছে। একেসময়তে আজি জোটবদ্ধতাই বহু প্ৰত্যাহ্বানৰো মুখামুখি হ’বলগীয়া হৈছে।

মান্যবৰ,

আৰম্ভণিৰেপৰাই, ভাৰতে ৰাষ্ট্ৰসংঘৰ উন্নয়নমূলক কাম-কাজ আৰু ECOSOC ক সক্ৰিয়তাৰে সমৰ্থন জনাই আহিছে। ECOSOC ৰ প্ৰথমজন অধ্যক্ষ আছিল এজন ভাৰতীয়। বহনক্ষম উন্নয়নৰ লক্ষ্যকে ধৰি ECOSOC ৰ কাৰ্যক্ৰমণিকা গঢ় দিয়াত ভাৰতেও বৰঙণি যোগাই আহিছে। আজি, আমাৰ ঘৰুৱা প্ৰচেষ্টাৰ জৰিয়তে, ২০৩০ ৰ ভিতৰত সফলতা প্ৰাপ্তি আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ নিমিত্তে আমি পুনৰ বিশেষ ভূমিকা পালন কৰি আছো। বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ আন উন্নয়নশীল দেশসমূহক আমি সমৰ্থনো জনাই আছো।

মান্যবৰ,

ভাৰত হৈছে মানৱতাৰ এক-ষষ্ঠাংশ ক্ষেত্ৰ। আমি আমাৰ প্ৰভাৱ আৰু দায়বদ্ধতাক লৈ সতৰ্ক। আমি জানো যে যদি ভাৰতে ইয়াৰ উন্নয়নৰ লক্ষ্যত সফলতা লাভ কৰে, ই বিশ্বব্যাপী লক্ষ্যসাধনত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব। আৰু সেয়ে আমি আমাৰ ৰাজ্যসমূহ, আমাৰ স্থানীয় চৰকাৰসমূহ, আমাৰ নাগৰিক সমাজ, সমাজ আৰু আমাৰ জনসাধাৰণক জড়িতকৰণৰদ্বাৰা আমি “সমগ্ৰ-সমাজ” প্ৰচেষ্টা গ্ৰহণ কৰিছো।

আমাৰ মূলমন্ত্ৰ হৈছে 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস' - যাৰ অৰ্থ 'সকলোৰে বিকাশৰ অৰ্থে সকলোৰ বিশ্বাসৰ সৈতে একেলগে।' কোনো বাদ পৰি নোৰোৱাৰ এছডিজিৰ যি মূল নীতি, তাকে ই প্ৰতিফলিত কৰে। আমাৰ বিস্তৃত কাৰ্যক্ৰমণিকাৰ জৰিয়তে পুষ্টিসাধন, স্বাস্থ্য, শিক্ষা, বিদ্যুৎ বা গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আমি ব্যাপক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছো।

মান্যবৰ,

যোৱা বৰ্ষত, আমি আমাৰ ছশ হাজাৰখন গাঁৱৰ সম্পূৰ্ণ অনাময় ব্যৱস্থা ৰূপায়ণৰ জৰিয়তে আমাৰ জাতিৰ পিতা, মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰিছিলো।

পাঁচ বছৰত, আমি ১১০ মিলিয়নৰো অধিক পৰিয়ালৰ শৌচাগাৰ নিৰ্মাণ কৰিছিলো, যিয়ে আমাৰ গ্ৰাম্য অনাময় ব্যৱস্থাৰ পৰিব্যাপ্তি ৩৮% ৰপৰা ১০০% লৈ বৃদ্ধি কৰে। আমাৰ বিস্তৃত সজাগতা সৃষ্টি কাৰ্যক্ৰমে আমাৰ মহিলাসকলক ক্ষমতাসম্পন্ন কৰি তোলে। আমি প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাত লিংগ সমতা স্থাপন কৰিবলৈ সক্ষম হওঁ। আমাৰ জীৱিকা অভিযানৰ অধীনত গ্ৰাম্য ভাৰতৰ প্ৰায় ৭০ মিলিয়ন মহিলা আত্ম-সহায়ক গোটসমূহৰ অংশ হৈ পৰিছে। তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ বৃহৎ পৰিসৰত ৰূপান্তৰ সাধন হৈছে। আমাৰ স্থানীয় চৰকাৰসমূহত এক মিলিয়নৰো অধিক নিৰ্বাচিত মহিলা জনপ্ৰতিনিধি আছে, যিসকলে উন্নয়ন প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিছে। যোৱা ছটা বছৰত, বেংক একাউন্ট নথকাসকলৰ কাৰণে আমি ৪০০ মিলিয়ন বেংক একাউন্ট মুকলি কৰো, ইয়াৰ ২২০ মিলিয়নেই মহিলাৰ। আমি বিত্তীয় অন্তৰ্ভুক্তিৰ কাৰণে প্ৰযুক্তিৰ ক্ষমতাৰ সুবিধা গ্ৰহণ কৰিছো। ই তিনিটা উপাদানৰ ভিত্তিত সম্ভৱ হৈ পৰিছিল যথা এটা ইউনিক আইডেন্টিটি নম্বৰ, এটা বেংক একাউন্ট আৰু সকলোৰে বাবে এটা ম’বাইল সংযোগ। ইয়ে আমাক ৭০০ মিলিয়নৰো অধিক লোকলৈ ১৫০ বিলিয়ন ডলাৰৰ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ সুবিধা প্ৰদান কৰে। আমাৰ খাদ্য সুৰক্ষা কাৰ্যক্ৰমে ৮১৩ মিলিয়ন লোকক স্পৰ্শ কৰিছে।

এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ভাৰতে ৭৫ বছৰ পূৰ্ণ কৰিবলগীয়াৰ শুভলগনত আমাৰ ‘সকলোৰে বাবে ঘৰ’ কাৰ্যক্ৰমে ২০২২ ৰ ভিতৰত প্ৰতিজন ভাৰতীয়ৰে তেওঁলোকৰ মূৰৰ ওপৰত এখন সুৰক্ষিত আৰু নিৰাপদ মূধচ থকাটো নিশ্চিত কৰিব। সেয়েহে, এই কাৰ্যক্ৰমৰ অধীনত ৪০ মিলিয়ন নতুন গৃহ নিৰ্মাণ কৰা হৈছে – যি সংখ্যা বহু দেশৰ মুঠ গৃহস্থীৰ সংখ্যাতকৈয়ে অধিক। আজি, ৫০০ মিলিয়ন লোকক সামৰি আমাৰ ‘আয়ুষ্মান ভাৰত’ আঁচনি হৈ পৰিছে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য সুৰক্ষা কাৰ্যক্ৰম। ক’ভিডৰ বিৰুদ্ধে যুঁজখনত, আমাৰ তৃণ-মূল পৰ্যায়ৰ স্বাস্থ্য প্ৰণালীয়ে বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ আৰোগ্য লাভৰ হাৰ লাভ কৰিবলৈ ভাৰতক সক্ষম কৰি তুলিছে। ২০২৫ ৰ ভিতৰত টিবিক নোহোৱা কৰাৰ পথটো আমি আছো। ভাৰতৰ উন্নয়নমূলক কাৰ্যক্ৰমসমূহৰ বিস্তৃতি আৰু সফলতাৰপৰা আন উন্নয়নশীল দেশসমূহে শিকিব পাৰে। আমি প্ৰয়োগ কৰা প্ৰযুক্তি আৰু উদ্ভাৱনসমূহৰপৰাও শিকিব পাৰে।

মান্যবৰ,

উন্নয়নৰ পথত আগবাঢ়ি গৈ থকাৰ সমান্তৰালভাৱে, আমাৰ গ্ৰহটোৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ কথা পাহৰি যোৱা নাই। যোৱা কেইটামান বছৰত, আমি বাৰ্ষিকভাৱে ৩৮ মিলিয়ন টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ সক্ষম হৈছো। এই সফলতাৰ মূলতে আছিল আমাৰ গাঁওসমূহৰ বৈদ্যুতিকৰণ, ৮০ মিলিয়ন দুখীয়া পৰিয়ালক স্বচ্ছ ৰন্ধন ইন্ধন প্ৰদান আৰু শক্তি সঞ্চয়ী ব্যৱস্থাৰ প্ৰৱৰ্তন। আমি ২০৩০ ৰ ভিতৰত ৪৫০ গিগাৱাট নৱীকৰণযোগ্য শক্তি আহৰণ আৰু ২৬ মিলিয়ন হেক্টৰ অব্যৱহৃত মাটি ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। প্ৰকৃতিৰে সৈতে সামঞ্জস্য ৰাখি জীয়াই থকাটো আমাৰ কৌটি-কলীয়া পৰম্পৰা। আমি এটা সৰ্ববৃহৎ স্বচ্ছ আৰু এবাৰ-ব্যৱহৃত প্লাষ্টিকৰ ব্যৱহাৰক নিৰুৎসাহিত কৰাৰ লক্ষ্যৰে অভিযান আৰম্ভ কৰিছো। আন্তঃৰাষ্ট্ৰীয়ভাৱে, আমাৰ আন্তঃৰাষ্ট্ৰীয় সৌৰ শক্তি মিত্ৰজোট (International Solar Alliance) প্ৰতিষ্ঠাৰ ব্যৱস্থাগ্ৰহণৰ মূলতে আছিল জলবায়ু পৰিৱৰ্তন ৰোধৰ অৰ্থে গ্ৰহণ কৰা ব্যৱহাৰিক প্ৰচেষ্টা। একেদৰে, দুৰ্যোগ স্থিতিস্থাপকতা আন্তঃগাঁথনিৰ নিমিত্তে জোটবন্ধনো এটা সন্মিলিত প্ৰচেষ্টাৰ অৰ্থে সকলোবোৰ পক্ষকে একেখন মঞ্চত থিয় কৰাইছে। বন্ধু হিচাপে- আমাৰ অঞ্চলটোত প্ৰথম সঁহাৰি জনাওঁতা হিচাপে আমি সদায়ে গৌৰান্বিত। ভূমিকম্প, ঘূৰ্ণী-বতাহ বা আন কোনো প্ৰকৃতি বা মানৱ-সৃষ্ট দুৰ্যোগৰ সময়তে ভাৰতে ক্ষীপ্ৰতাৰে আৰু সংহতিৰে সঁহাৰি জনায়।’ভিডৰ বিৰুদ্ধে আমাৰ উমৈহতীয়া যুঁজখনত, আমি ১৫০ ৰোধিক দেশলৈ চিকিৎসা আৰু আন সাহাৰ্য্য আগবঢ়াইছো। আমাৰ চুবুৰীয়াসমূহক লৈ গঠিত ছাৰ্ক ক’ভিড ইমাৰ্জেঞ্চী ফাণ্ডৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰটো আমি সহায় আগবঢ়াইছো।

মান্যবৰ,

’ভিড-১৯ মহামাৰীয়ে যেন সকলোবোৰ ৰাষ্ট্ৰৰ মাজত থকা সহনশীলতাৰে পৰীক্ষা কৰিলে। ভাৰতত, চৰকাৰ আৰু সমাজৰ প্ৰচেষ্টাক সংলগ্ন কৰি আমি মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনক জনতাৰ আন্দোলনলৈ পৰিণত কৰাৰ চেষ্টা কৰিছো। আমি দুখীয়া গৃহস্থীসমূহক সা-সুবিধা আগবঢ়োৱাত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছো। আমি ৩০০ বিলিয়নৰো অধিক ডলাৰৰ এক পেকেজ ঘোষণা কৰিছো। ইয়াৰ জৰিয়তে অৱনমিত হোৱা অৰ্থনীতিৰ পুনৰুত্থান সম্ভৱ কৰি তোলাৰ সমান্তৰালভাৱে আধুনিক আন্তঃগাঁথনি নিৰ্মাণ আৰু প্ৰযুক্তি-চালিত প্ৰণালী প্ৰৱৰ্তনৰ ৰূপৰেখা অংকন কৰা হৈছে। আমি বিশ্ব অৰ্থনীতিৰে সংহতকৰণৰে এখন আত্ম-নিৰ্ভৰ আৰু প্ৰাণোচ্ছল ভাৰতৰ লক্ষ্যৰে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।

মান্যবৰ,

ভাৰতে জোটবন্ধনৰ জৰিয়তেই বহনক্ষম শান্তি আৰু সমৃদ্ধি লাভৰ পথ সুগম হ’ব বুলি দৃঢ়তাৰে বিশ্বাস কৰে। পৃথিৱী নামৰ গ্ৰহটোৰ সন্তান হিচাপে, আমাৰ উমৈহতীয়া প্ৰত্যাহ্বানসমূহ নোহোৱা কৰিবলৈ আৰু আমাৰ উমৈহতীয়া লক্ষ্যত উপনীত হ’বলৈ আমি অৱশ্যেই হাতে-হাত ধৰিব লাগে। তথাপি, জোটবন্ধনে সমসাময়িক বিশ্বৰ বাস্তৱতাক প্ৰতিফলিত কৰাটো প্ৰয়োজনীয়। সংস্কাৰিত ৰাষ্ট্ৰসংঘৰে মাথোন সংস্কাৰিত জোটবন্ধনেহে ইয়াৰ কেন্দ্ৰত মানৱতাৰ আকাংক্ষাসমূহ পূৰণ কৰিব পাৰিব। আজি, ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ ৭৫ বছৰ পূৰ্তিৰ শুভলগনত, আমি সকলোৱে বিশ্বব্যাপী জোটবন্ধন প্ৰণালীটোৰ সংস্কাৰ সাধনৰ সংকল্প গ্ৰহণ কৰো আহক। ইয়াৰ প্ৰাসংগিকতা বৃদ্ধি কৰিবলৈ, ইয়াৰ ফলপ্ৰসূতাৰ অগ্ৰগতি সাধন কৰিবলৈ আৰু নতুন মানৱ-কেন্দ্ৰিক গোলকীকৰণৰ ভিত্তি কৰিবলৈ সংকল্প গ্ৰহণ কৰো আহক। প্ৰকৃতাৰ্থত দ্বিতীয় বিশ্ব যুদ্ধৰ প্ৰচণ্ডতাৰ পৰিণতি কল্পেই ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। আজি, মহামাৰীটোৰ প্ৰচণ্ডতাই ইয়াৰ পুনৰ জন্ম আৰু সংস্কাৰৰ বীজ ৰোপণ কৰিছে। আহক আমি এই সুযোগটোৰ সদ ব্যৱহাৰ কৰো।

মান্যবৰ,

এই অতি গুৰুত্বপূৰ্ণ সময়তে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ ভাৰত নিৰ্বাচিত হৈছে। বিশ্বব্যাপী ঐকতান বজাই ৰখা, আৰ্থ-সামাজিক সমতাৰ উন্নয়ন-সাধন আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ গভীৰ প্ৰতিশ্ৰুতিৰে ৰাষ্ট্ৰসংঘৰ কাৰ্যক্ৰমণিকালৈ সম্পূৰ্ণ সহযোগিতা প্ৰদানৰে ভাৰতে ইয়াৰ ভূমিকা পালন কৰিব।

নমস্কাৰ। 

ধন্যবাদ।

*****

VRRK/SH/SB



(Release ID: 1639571) Visitor Counter : 397