PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 16 JUL 2020 6:21PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যঃ দেশত ক’ভিড-১৯ৰ সক্ৰিয় ৰোগীৰ সংখ্যা কেৱল ৩,৩১,১৪৬ জন; মুঠ ৰোগীৰ ভিতৰত এক তৃতীয়াংশহে সক্ৰিয় ৰোগী আছে; ৬.১ লক্ষাধিক লোকে আৰোগ্য লাভ কৰিছে

সমগ্ৰ দেশতে ক’ভিড-১৯ৰ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩,৩১,১৪৬ জন৷ জুন ২০২০ৰ মাজভাগৰ পৰা আৰোগ্যৰ হাৰ ৫০%লৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘণ্টাত ২০,৭৮৩ জন লোকে আৰোগ্য লাভ কৰিছে৷ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হ’ল ৬,১২,৮১৪ জন৷ সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা ৰোগীৰ সংখ্যাৰ ব্যৱধান হৈছে ২,৮১,৬৬৮ জন৷

https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1639026

ৰেপিড এণ্টিজেন টেষ্ট ড্ৰাইভৰ ব্যৱহাৰৰ সৈতে ১২৩৪টা গৱেষণাগাৰৰ জৰিয়তে প্ৰতি মিলিয়নত ৯২৩১ত কৈও অধিক পৰীক্ষণ সম্পন্ন কৰা হৈছে৷

বিগত ২৪ ঘণ্টাত ৩,২৬,৮২৬ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ এই পৰ্যন্ত মুঠ ১,২৭,৩৯,৪৯০ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ ৮৭৪টা চৰকাৰী লেব আৰু ৩৬০টা ব্যক্তিগত খণ্ডৰ লেবৰ জৰিয়তে দেশত মুঠ ১২৩৪টা লেবত এই পৰীক্ষণ সমূহ সম্পন্ন কৰা হৈছে৷

https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1639100

ডাঃ হৰ্ষ ৱৰ্ধনে মুকলি কৰিলে দিল্লীৰ এইমছৰ ৰাজকুমাৰী অমৃত কৌৰ অ’পিডি ব্ল’ক

স্বাধীনতা যুঁজাৰু আৰু দেশৰ প্ৰথম গৰাকী স্বাস্থ্য মন্ত্ৰী শ্ৰী ৰাজকুমাৰী অমৃত কৌৰৰ নামত নতুন অপিডি মুকলি কৰি ডাঃ হৰ্ষ ৱৰ্ধনে সন্তোষ প্ৰকাশ কৰে৷ দেশৰ লেব নেটৱৰ্ক শক্তিশালী হোৱা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানে ২ শতাংশতকৈও কম ক’ভিড আক্ৰান্ত ৰোগ আইচিইউত ভৰ্তি হৈছে৷

https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1639085

১৭ জুলাই ২০২০ তাৰিখে ECOSOCৰ উচ্চস্তৰীয় বৈঠকত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জুলাই ২০২০ তাৰিখে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ এক উচ্চস্তৰীয় বৈঠকত ভাৰ্চুৱেলী ভাষণ প্ৰদান কৰিব৷ বৈঠকখনত চৰকাৰ, ব্যক্তিগত খণ্ড, সামাজিক সংস্থা আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত থাকিব৷

https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1638986

ৰে’লৱেয়ে ৰাজহ বৃদ্ধি, ব্যয় হ্ৰাস, সুৰক্ষা বৃদ্ধি আৰু বিদ্যমান কৰ্মচাৰীৰ কল্যাণৰ দিশত মনোযোগ দিয়া উচিত- শ্ৰী পীয়ুষ গোৱেল

ৰে’লৱে মন্ত্ৰালয়ে প্ৰথমবাৰলৈ অনলাইন ৱৰ্কমেন সংগোষ্ঠীৰ আয়োজন কৰে য’ত সমগ্ৰ দেশৰ ৰে’লৱে কৰ্মচাৰীসকলৰ ইউনিয়নৰ সদস্যসকলে অংশগ্ৰহণ কৰে৷  সংগোষ্ঠীত ভাষণ প্ৰদান কৰি শ্ৰী পীয়ুষ গোৱেলে ৰে’লৱে কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতাবোধ কৰে৷

https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1638089

জৈৱ প্ৰযুক্তিৰ বিভাগে ক’ভিড-১৯ প্ৰতিষেধক-জাইক’ভ-ডিবিগিনৰ অনুকূল পৰ্যায় ১/২ ক্লিনিকেল ট্ৰায়েলৰ সমৰ্থন কৰিছে

বায়’টেকন’ল’জী ইণ্ডাষ্ট্ৰী ৰিচাৰ্ছ এছিচটেন্স কাউন্সিলে (বিআইআৰএচি) কয় যে জাইডাছে   জাইক’ভ-ডি বিকশিত আৰু প্ৰস্তুত কৰিছে আৰু ইয়াৰ বাবে ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগে আংশিকভাৱে বিত্তপোষিত কৰিছে৷

https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1638979

শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰতৰ বিকাশক গতি প্ৰদান কৰাৰ বাবে আমেৰিকান বিনিয়োগকাৰীক আমন্ত্ৰণ জনাইছে

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি আমেৰিকাৰ শক্তি বিভাগৰ সচিব ডেন ব্ৰুইলেটৰ সৈতে এক বৈঠকত মিলিত হয়৷  বৈঠকত মন্ত্ৰী প্ৰধানে আমেৰিকান উদ্যোগসমূহক ভাৰতত বিনিয়োগ কৰিবলৈ আহ্বান জনায়৷

https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1638974

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ ১ কোটি স্বেচ্ছাসেৱী প্ৰস্তুত কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহে সহযোগিতাৰে কাম কৰিবঃ শ্ৰী কিৰেণ ৰিজিজু

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে সকলো ৰাজ্যৰ যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হৈ আত্মনিৰ্ভৰ ভাৰতৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈ সকলোকে আহ্বান জনায়৷

https://pib.gov.in/PressReleasePage.aspx?PRID=1638830

ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী শ্ৰীপদ নায়কে মহাকাশ আৰু প্ৰতিৰক্ষা নিৰ্মাণ প্ৰযুক্তি সমাৰোহ মুকলি কৰে

ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী শ্ৰীপদ নায়কে কয় যে ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ৰ অধীনত আজি ভাৰতীয় প্ৰতিৰক্ষা বিভাগ তথা মহাকাশ উদ্যোগ উদ্ভাসিত হৈ উঠিছে৷

https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1638887

টিআইএফএচিয়ে মুকলি কৰিলে ‘সক্ৰিয় ফাৰ্মাচিউটেকেল উপাদান- স্থিতি, সমস্যা, প্ৰযুক্তি প্ৰস্তুতি আৰু প্ৰত্যাহ্বান’ শীৰ্ষক প্ৰতিবেদন

https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1638810

ফিছাৰী, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে মুকলি কৰিলে পশুপালন আন্তঃগাঁথনি বিকাশ পুঁজিৰ প্ৰণয়ন নিৰ্দেশনাৱলী

কেন্দ্ৰীয় ফিছাৰী, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে আজি ১৫,০০০ কোটি টকাৰ পশুপালন আন্তঃগাঁথনি বিকাশ পুঁজিৰ প্ৰণয়ন নিৰ্দেশনাৱলী মুকলি কৰে৷ এই পুঁজিৰ বাবে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ২৪.০৬.২০২০ তাৰিখে কেন্দ্ৰীয় কেবিনেটে অনুমোদন প্ৰদান কৰিছিল৷

https://www.pib.gov.in/PressReleseDetail.aspx?PRID=1639069

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  1. চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত কায়িক সংবাদ মেল সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছে৷
  2. পাঞ্জাৱঃ ক’ভিড প্ৰত্যাহ্বানৰ বিৰুদ্ধে পাঞ্জাৱ চৰকাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ চলোৱাৰ গুৰুত্ব অনুধাৱন কৰি ছ’চিয়েল মিডিয়াৰ ১৫জনীয়া বিশেষজ্ঞৰ দল এটা গঠন কৰিছে৷
  3. হাৰিয়ানাঃ হাৰিয়ানা চৰকাৰে হাৰিয়ানা সাহিত্য একাডেমীৰ দ্বাৰা প্ৰকাশিত ‘হাৰিগন্ধা’ শীৰ্ষক মাহিলী আলোচনীখন মুকলি কৰে৷
  4. হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে আশা কৰ্মীসকলৰ মাজত বিনামূলীয়া স্মাৰ্ট ফোন বিতৰণ কৰে৷
  5. মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৭৫,৬৪০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,১১,৮০১ জন৷
  6. গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৪,৬৪৮ জন৷ ৩১,৩৪৬ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ ২,০৮১ জনৰ মৃত্যু হৈছে৷
  7. ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৬,৫৮০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৪৫৯ জন৷
  8. মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৯,৬৪৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫০৫৩ জন৷ ১৩,৯০৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  9. চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৫৫৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২১২ জন৷
  10. গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৯৫১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২৫৯ জন৷
  11. কেৰালাঃ মুঠ ৪৮৮০ জন ৰোগী চিকিৎসাধীন অৱস্থাত আছে আৰু ৰাজ্যখনৰ বিভিন্ন স্থানত ১,৮৪,৬০১ জন ৰোগী নিৰীক্ষণৰ অধীনত আছে৷
  12. তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৫১,৮২০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৭,৩৪০ জন৷ মৃ্ত্যু হৈছে ২১৬৭ জনৰ৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫,৬০৬ জন৷
  13. কৰ্ণাটকঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৭,২৫৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ২৭,৮৫৩ জন৷ ৯২৮ জনৰ মৃত্যু হৈছে৷
  14. অন্ধ্ৰ প্ৰদেশ- মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৮,০৪৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৮,১৫৯ জন৷ ৪৯২ জনৰ মৃত্যু হৈছে৷
  15. তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৯,৩৪২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,৯৫৮ জন৷ ৩৮৬ জনৰ মৃত্যু হৈছে৷
  16. অৰুণাচল প্ৰদেশঃ ইটানগৰৰ চিম্পুত নতুনকৈ নিৰ্মাণ হোৱা বিধায়ক প্ৰাংগনত ক’ভিড চিকিৎসালয় স্থাপন কৰাৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰে অনুমোদন প্ৰদান কৰিছে৷
  17. অসমঃ আজাৰাৰ গিৰিজানন্দ চৌধুৰী ইন্সটিটিউট অব ফাৰ্মাচিউটিকেল ছায়েন্সত অতি শীঘ্ৰেই ক’ভিড-১৯ কেয়াৰ কেন্দ্ৰ মুকলি কৰা হ’ব য’ত অতি কমেও ১০০০ খন বিচনাৰ ব্যৱস্থা থাকিব৷ এই কথা টুইট কৰিছে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
  18. মণিপুৰঃ মণিপুৰ বেপ্টিষ্ট কনভেনচনে ক’ভিড-১৯ সজাগতা অভিযানৰ অধীনত ‘এদিনীয়া সজাগতা অভিযান’ৰ আয়োজন কৰিছে৷
  19. মিজোৰামঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৬৭ জন৷
  20. নাগালেণ্ডঃ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৰা উভতি আহি নিজকে কোৱাৰেণ্টিনত ৰাখিছে৷

ছিক্কিমঃ এই পৰ্যন্ত ৯৫টা নমুনা সংগ্ৰহ কৰা হৈছে৷

ফেক্ট চেক



(Release ID: 1639190) Visitor Counter : 195