প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পঞ্চদশ ভাৰত-ইউৰোপিয়ান সংঘ(ভাৰ্চুৱেল) সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্বোধনী বক্তব্যৰ অসমীয়া অনুবাদ

Posted On: 15 JUL 2020 5:16PM by PIB Guwahati

মাননীয় অতিথিবৃন্দ, নমস্কাৰ!

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত আমি ভাৰত-ইউৰোপিয়ান সংঘৰ সন্মিলন মাৰ্চত স্থগিত ৰাখিছিলো৷ ভাল কথাটো এই যে আমি আজি ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত মিলিত হৈছো৷ সৰ্বপ্ৰথমে মই কৰোনা ভাইৰাছৰ বাবে ইউৰোপত প্ৰাণহানি হোৱা সকলৰ প্ৰতি শোক প্ৰকাশ কৰিছো৷ আপোনালোকৰ উদ্বোধনী বক্তব্যৰ বাবে ধন্যবাদ জনাইছো৷ আপোনালোকৰ দৰে মইও ভাৰত আৰু ইউৰোপিয়ান সংঘৰ মাজৰ সম্পৰ্ক গভীৰ আৰু শক্তিশালী কৰাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ৷ ইয়াৰ বাবে আমি এক দীৰ্ঘম্যাদী কৌশল গ্ৰহণ কৰিবই লাগিব৷

তদুপৰি, নির্দিষ্ট কাম-কাজৰ পৰিকল্পনা এক নিৰ্ধাৰিত সময়ৰ ভিতৰত শেষ কৰিব লাগিব৷ ভাৰত আৰু ইউৰোপিয়ান স্বাভাৱিক অংশীদাৰ৷ বিশ্বৰ শান্তি আৰু সুস্থিৰতাৰ বাবে আমাৰ অংশীদাৰিত্ব অতি গুৰুত্বপূর্ণ। আজিৰ আন্তর্জাতিক প্রেক্ষাপটত এই কথাকে অনুভূৱ হৈছে৷

গণতন্ত্ৰ, বহুত্ববাদ, সমন্বয়, আন্তর্জাতিক সংস্থাসমূহৰ প্ৰতি সন্মান, বহুপাক্ষিক ব্যৱস্থা, স্বাধীনতা আৰু স্বচ্ছতাৰ প্ৰতি উভয় পক্ষই সম মনোভাৱ পোষণ কৰে৷ ভিড-১৯ৰ পাছত বিশ্বজুৰি অর্থনৈতিক ক্ষেত্রত নতুন সমস্যা দেখা দিছে৷ ইয়াৰ বাবে গণতান্ত্রিক ৰাষ্ট্ৰসমূহৰ ভিতৰত ব্যাপক সহযোগিতাৰ প্ৰয়োজন৷

আজি স্বাস্থ্য আৰু সমৃদ্ধিক লৈ আমাৰ নাগৰিকসকলে প্ৰত্যাহ্বান সন্মুখীন হৈছে৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিভিন্ন ধৰণৰ চাপ অনুভৱ হৈছে৷ এই পৰিস্থিতিত ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত অংশীদাৰিত্ব অর্থনৈতিক পুনৰুজ্জীৱনত গুৰুত্বপূর্ণ ভূমিকা ব পাৰে-যিটো মানৱকেন্দ্রিক বিশ্বায়ন৷ বর্তমান প্ৰত্যাহ্বানসমূহক বাদ দি জলবায়ু পৰিৱর্তনৰ দৰে দীর্ঘম্যাদী প্ৰত্যাহ্বানসমূহ মোকাবিলাৰ বাবে ভাৰত আৰু ইউৰোপিয়ান সংঘৰ গুৰুত্ব দিছে৷

ভাৰতত নবীকৰণযোগ্য ইন্ধনৰ ব্যৱহাৰ বৃদ্ধিত আমি উদ্যোগ গ্ৰহণ কৰিছো৷ ইয়াৰ বাবে আমি ইউৰোপৰ পৰা বিনিয়োগ আৰু প্ৰযুক্তি আহ্বান জনাইছো৷ মই আশা কৰো এই ভাৰ্চুৱেল বৈঠকৰ মাজেৰে আমাৰ সম্পর্ক আৰু অধিক গতিশীল ব৷

মান্যবৰ, পুনৰ আপোনালোকৰ সৈতে কথা পতাৰ সুযোগ পাই মই ধন্যবাদ মানিছো৷

*****

VRRK/AK/BM/DB



(Release ID: 1639084) Visitor Counter : 225