আয়ুষ

‘মোৰ জীৱন-মোৰ যোগ’ শীৰ্ষক ভিডিঅ’ ব্লগিং প্ৰতিযোগিতাৰ বিজয়ীৰ নাম ঘোষণা আয়ুষ মন্ত্ৰালয়ৰ

Posted On: 14 JUL 2020 6:57PM by PIB Guwahati

মোৰ জীৱন-মোৰ যোগ শীৰ্ষক ভিডিঅ ব্লগিং প্ৰতিযোগিতাৰ বিজয়ীৰ নামসমূহ আজি ঘোষণা কৰা হয়। আয়ুষ মন্ত্ৰালয় আৰু ইণ্ডিয়ান কাউঞ্চিল ফৰ কালচাৰেল ৰিলেশ্যন(আইচিচিআৰ)ৰ যৌথ প্ৰচেষ্টাত ডিজিটেল মঞ্চত এই গোলকীয় প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছিল আৰু ৬ষ্ঠ আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে ৩১মে,২০২০ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্ধোধন কৰিছিল।

প্ৰতিযোগিতাখন পুৰুষ আৰু মহিলা প্ৰতিযোগীক পৃথককৈ ধৰি ৬টা শাখাত অনুষ্ঠিত হৈছিল-পেছাদাৰী, প্ৰাপ্তবয়স্ক(১৮ বছৰৰ ওপৰৰ)আৰু যুৱ(১৮বছৰৰ তলৰ)প্ৰতিযোগিতাৰ বাবে ভাৰতৰ মুঠ ৩৫,১৪১ আৰু বিদেশৰ প্ৰায় ২০০০ আবেদন পোৱা গৈছিল।

পেছাদাৰী শাখাত প্ৰথম বিজয়ী হয়-অশ্বথ হেগড়ে(পুৰুষ)আৰু ৰজনী গেহলট(মহিলা)। প্ৰাপ্তবয়স্ক শাখাত প্ৰথম হয় ৰাজপাল সিং আৰ্য আৰু শৈলী প্ৰসাদ। আনহাতে যুৱ শাখাত প্ৰথম হয় প্ৰণয় শৰ্মা আৰু নব্যা. এছ. এইচ।

ভাৰতৰ পৰা লাভ কৰা আবেদনসমূহ ২০০ গৰাকী যোগ বিশেষজ্ঞই পৰীক্ষা কৰে আৰু ১৬০টা ভিডিঅ বাছনি কৰা হয়। ইয়াৰোপৰি ১৫ সদস্যৰ জুৰী মণ্ডলীয়ে পুৰস্কাৰৰ বাবে মনোনীত হোৱা আবেদনসমূহ পুনৰাই পৰীক্ষা কৰে। ইয়াৰ পাছত জুৰী মণ্ডলীৰ সদস্যসকলে স্বতন্ত্ৰভাৱে দিয়া নম্বৰ আৰু তাৰ গড় নম্বৰৰ ভিত্তিত সৰ্বোচ্চ নম্বৰ লাভ কৰা প্ৰতিযোগীসকলক পুৰস্কাৰৰ বাবে নিৰ্বাচন কৰা হয়। সৰ্বোচ্চ নম্বৰ লাভ কৰা সকলক বিজয়ী ঘোষণা কৰা হয়।

এই প্ৰতিযোগিতাখন বিশ্বৰ সকলো প্ৰতিযোগীৰ বাবে মুকলি আছিল। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিযোগীসকলক যোগাভ্যাসে কিদৰে তেওঁলোকৰ জীৱন প্ৰভাৱান্বিত কৰিছে-এই বিষয়ত এক চমু ভিডিঅ বাৰ্তা/ বিৱৰণৰ সৈতে ৩টা যোগাভ্যাস(ক্ৰিয়া, আসন, প্ৰাণায়ম, বন্ধ বা মুদ্ৰা)ৰ ৩মিনিট সময়ৰ ভিডিঅ আপলোড কৰিব দিয়া হৈছিল । ভিডিঅসমূহ হেশ্বটেগ#MyLifeMyYogaৰ সৈতে ফেচবুক, টুইটাৰ নাইবা ইনষ্টাগ্ৰামত আপলোড কৰা হৈছিল। এই প্ৰতিযোগিতা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অৰ্থাত্ ২১ জুন,২০২০ৰ ২৩.৫০ বজাত সমাপ্ত হয়।

এই প্ৰতিযোগিতাত বিদেশৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ মাজৰ বিজয়ীসকলৰ নাম পৰৱৰ্তী সময়ত ঘোষণা কৰা হব।

 

 

MV/SK/KG



(Release ID: 1638987) Visitor Counter : 159